নৃত্যৰ সপোন দেখুৱাই অন্ধ্ৰপ্ৰদেশলৈ নিয়া হৈছিল হিমাশ্ৰীক! হিমাশ্ৰীৰ মৃত্যুক কেন্দ্ৰ কৰি এতিয়া উত্থাপন হৈছে মানৱ সৰবৰাহ, প্ৰতাৰণা আৰু শাৰীৰিক নিৰ্যাতনৰ গুৰুতৰ অভিযোগ

পেচাদাৰী নৃত্যশিল্পী হিচাপে নিজৰ কেৰিয়াৰ গঢ়াৰ সপোন লৈ অন্ধ্ৰপ্ৰদেশলৈ গৈছিল হিমাশ্ৰী বড়ো।

কিন্তু সেই সপোনৰ কৰুণ পৰিণতি হ’ল ২১ বছৰ বয়সতে। আজি গুৱাহাটীত আহি পালে হিমাশ্ৰীৰ নিথৰ দেহ। হিমাশ্ৰীৰ মৃত্যুক কেন্দ্ৰ কৰি এতিয়া উত্থাপন হৈছে মানৱ সৰবৰাহ, প্ৰতাৰণা আৰু শাৰীৰিক নিৰ্যাতনৰ গুৰুতৰ অভিযোগ।

৬ অক্টোবৰৰ পুৱতি নিশা বিশাখাপট্টনম ষ্টেচনৰ পৰা বিবেক এক্সপ্ৰেছযোগে গুৱাহাটীলৈ উভতি আহিছিল হিমাশ্ৰী। অভিযোগ অনুসৰি, যাত্ৰাৰ কেইঘণ্টামানৰ পাছতে তেওঁক হত্যা কৰি ৰে’লৰ পৰা পেলাই দিয়া হৈছিল। অৱশ্যে এই ঘটনাৰ প্ৰকৃত কাৰণ আৰু পৰিস্থিতি এতিয়াও তদন্তৰ বিষয়।

জানিব পৰা মতে, SBJ ডেন্স ইভেন্ট নামৰ এটা গোটৰ সৈতে চুক্তিবদ্ধ হৈ ১৩ আগষ্টত অসমৰ ১০জনীয়া এটা নৃত্যশিল্পীৰ দল অন্ধ্ৰপ্ৰদেশলৈ গৈছিল। দলটোত আছিল আঠগৰাকী যুৱতী আৰু দুজন যুৱক। অভিযোগ অনুসৰি, দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা যুৱতী-কিশোৰীসকলক অনুষ্ঠানত নৃত্য প্ৰদৰ্শনৰ বাবে মোটা অংকৰ পাৰিশ্ৰমিকৰ প্ৰলোভন দিয়া হৈছিল। কিন্তু চুক্তি অনুসৰি ধন নিদিয়া, কম পাৰিশ্ৰমিক প্ৰদান কৰা আৰু শাৰীৰিক নিৰ্যাতনৰ দৰে অভিযোগ উত্থাপন হৈছে।

SBJ ডেন্স ইভেন্টৰ সৈতে জড়িত গোবিন্দ নামৰ এজন যুৱকৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে। এই সন্দৰ্ভত আজি দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছে সদৌ অসম কৰিঅ’গ্ৰাফাৰ সন্থাই। সন্থাৰ অভিযোগ, অসমৰ বহু যুৱক-যুৱতী আৰু কিশোৰ-কিশোৰীক নৃত্যৰ অনুষ্ঠানৰ নামত দক্ষিণ ভাৰতলৈ নি চুক্তি অনুসৰি পাৰিশ্ৰমিক প্ৰদান কৰা নহয়। আনকি একাংশৰ ওপৰত শাৰীৰিক নিৰ্যাতন চলোৱাৰো অভিযোগ উত্থাপন কৰিছে সন্থাই।

ইফালে, হিমাশ্ৰীৰ মৃত্যুক লৈ অধিক ৰহস্যৰ সৃষ্টি কৰিছে তেওঁৰ সহযাত্ৰী এগৰাকীৰ বিস্ফোৰক দাবীয়ে। দলটোৰ এগৰাকী সদস্যৰ ভাষ্য অনুসৰি, অন্ধ্ৰপ্ৰদেশলৈ যোৱাৰ পাছত হিমাশ্ৰীক শকত হ’বলৈ বিশেষ ঔষধ দিয়া হৈছিল বুলি কোৱা হৈছে। আনহাতে, চুক্তিৰ ম্যাদ শেষ হোৱাৰ পূৰ্বেই হিমাশ্ৰী গুৱাহাটীলৈ উভতি অহাৰ সিদ্ধান্ত লৈছিল আৰু এই সময়ছোৱাত ইভেন্ট গোটটোৰ সৈতে তেওঁৰ সংঘাত হোৱা বুলিও জানিব পৰা গৈছে।

এই অভিযোগসমূহৰ সত্যতা এতিয়াও তদন্তৰ অপেক্ষাত। কিন্তু প্ৰশ্ন উত্থাপন হৈছে—নৃত্যশিল্পী হিচাপে কেৰিয়াৰ গঢ়াৰ সপোন দেখা হিমাশ্ৰী কিহৰ বলি হ’ল? পাৰিশ্ৰমিক আৰু কৰ্মসংস্থাপনৰ প্ৰলোভনৰ আঁৰত কোনো সংগঠিত চক্ৰই যুৱতীসকলক শোষণ কৰি আহিছে নেকি? হিমাশ্ৰীৰ মৃত্যুৰ সৈতে এই অভিযোগসমূহৰ কোনো সম্পৰ্ক আছে নেকি?

হিমাশ্ৰীৰ মৃত্যুৰ প্ৰকৃত ৰহস্য উদঘাটন কৰিবলৈ নিৰপেক্ষ তদন্তৰ প্ৰয়োজন। দোষী সাব্যস্ত হোৱা প্ৰতিজন ব্যক্তিৰ বিৰুদ্ধে আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে বাহিৰৰ ৰাজ্যত কাম কৰিবলৈ যোৱা অসমৰ যুৱক-যুৱতীসকলৰ সুৰক্ষা নিশ্চিত কৰাটোও সমানেই জৰুৰী।

এটা পৰিয়ালে হেৰুৱালে ২১ বছৰীয়া কন্যাক। কিন্তু হিমাশ্ৰীৰ মৃত্যুৱে এৰি থৈ গ’ল বহু প্ৰশ্ন—যিবোৰৰ উত্তৰ কেৱল তেওঁৰ পৰিয়ালেই নহয়, সমগ্ৰ অসমবাসীয়ে বিচাৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‘অনশন’ অথবা ‘পদযাত্ৰা’ৰ হুংকাৰ; দিল্লীত আটক নেতাসকলৰ মুক্তিৰ দাবীত সৰৱ সোনম ৱাংচুক

লাডাখৰ সমাজকৰ্মী সোনম ৱাংচুকে আজি দিল্লীত আটক কৰা নেতাসকলক...

ৰতন লহকৰৰ সপোনৰ কহিনুৰৰ যৱনিকা; কান্দি কান্দি কহিনুৰ বন্ধৰ ঘোষণা তপন লহকৰৰ

অসমৰ ভ্ৰাম্যমান নাট্যজগতলৈ আহিল এক দুঃখবৰ। ১৯৭৬ চনত ৰতন...

ISLৰ নতুন ছিজনৰ বাবে সাজু নৰ্থইষ্ট ইউনাইটেড

আজিৰে পৰা আৰম্ভ হৈছে ভাৰতীয় ফুটবলৰ অন্যতম শীৰ্ষ প্ৰতিযোগিতা...