বৃক্ক ৰোগত আক্ৰান্ত নিতুল বৰাক প্ৰয়োজন আপোনাৰ অকণমান সহায়ৰ

গুৱাহাটী, ২৮ জুন, NKTV: নগাঁও জিলাৰ অন্তৰ্গত বৰঘাট মৰিকলঙৰ নিবাসী নিতুল বৰাই ২০১৭ চনৰ পৰা বৃক্কৰ জটিল ৰোগত ভুগি আছে। গুৱাহাটীৰ কেইবাখনো আগশাৰীৰ চিকিৎসালয়ত চিকিৎসা কৰাইছিল যদিও কোনো সুফল পাবলৈ সক্ষম হোৱা নাই ব্যক্তি গৰাকী। ক’ভিডসৃষ্ট পৰিৱেশৰ মাজতে চিকিৎসকৰ পৰামৰ্শ অনুসৰি বৃক্ক সংৰোপণৰ বাবে নিতুল বৰাক কলকাতাৰ Rabindranath Tagore International Institute Of Cardiac Sciencesলৈ প্ৰেৰণ কৰা হৈছে। পিছে, চিকিৎসাৰ বাবে কলকাতালৈ গ’ল যদিও আৰ্থিকভাৱে জুৰুলা পৰিয়ালটোৱে বৃক্ক সংৰোপণৰ বাবে প্ৰয়োজন হোৱা ধনৰাশি গোটাবই পৰা নাই। নিতুল বৰা সুস্থ হৈ ঘৰলৈ ঘূৰি আহিবলৈ কমেও ১৪ৰ পৰা ১৫ লাখ টকা প্ৰয়োজন হ’ব। অঞ্চলটোৰ সামাজিক-সাংস্কৃতিক প্ৰতিটো অনুষ্ঠানৰ সৈতে জড়িত নিতুল বৰাই চৰম আৰ্থিক সংকটত ভূগি এতিয়া জীৱনৰ সৈতে মৰণ পণ যুঁজ দিব লগা হৈছে।

নিতুল বৰাক এতিয়া প্ৰয়োজন হৃদয়ৱান ব্যক্তি, দল-সংগঠন, চৰকাৰৰ সহায়ৰ। আপোনাৰ, মোৰ অকণমান সহায়েৰে তেওঁৰ জীৱন পূৰ্বৰ দৰে ৰঙীণ হৈ পৰিব। কোনো হৃদয়বান ব্যক্তিয়ে আর্থিকভাৱে সহায় কৰিব বিচাৰিলে ষ্টেট বেংক অৱ ইণ্ডিয়া, নগাঁও শাখাৰ একাউণ্ট নং 32588019899, IFSC: SBIN0000146 যোগে সহায় কৰিব পাৰিব। যোগাযোগৰ বাবে: 8876863188।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

স্মিথচোনিয়ান মিউজিয়ামত প্ৰদৰ্শিত হ’ল ভাৰতীয় ‘ৰকেট উইমেন’ নন্দিনী হৰিনাথৰ শাৰী

আমেৰিকাৰ বিখ্যাত স্মিথচোনিয়ান নেচনেল এয়াৰ এণ্ড স্পেচ মিউজিয়ামত এখন...

কিয় প্ৰধানমন্ত্ৰী মোদীয়ে দেশবাসীক এবছৰলৈ সোণ ক্ৰয় নকৰিবলৈ আহ্বান জনাইছে?

দেশৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰক সুৰক্ষিত কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ...

হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাত কোনে কোনে স্থান লাভ কৰিব?

১২ মে’ত দ্বিতীয়টো কাৰ্যকালৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰূপে শপত ল’ব...

চলচ্চিত্ৰৰ পৰা ৰাজনীতিলৈ… থোৰতে থালাপতি বিজয়ৰ জীৱন পৰিক্ৰমা

১. প্ৰাৰম্ভিক জীৱন আৰু অভিনয় আৰম্ভ: চেন্নাইত এটি প্ৰখ্যাত...