বৃক্ক ৰোগত আক্ৰান্ত নিতুল বৰাক প্ৰয়োজন আপোনাৰ অকণমান সহায়ৰ

গুৱাহাটী, ২৮ জুন, NKTV: নগাঁও জিলাৰ অন্তৰ্গত বৰঘাট মৰিকলঙৰ নিবাসী নিতুল বৰাই ২০১৭ চনৰ পৰা বৃক্কৰ জটিল ৰোগত ভুগি আছে। গুৱাহাটীৰ কেইবাখনো আগশাৰীৰ চিকিৎসালয়ত চিকিৎসা কৰাইছিল যদিও কোনো সুফল পাবলৈ সক্ষম হোৱা নাই ব্যক্তি গৰাকী। ক’ভিডসৃষ্ট পৰিৱেশৰ মাজতে চিকিৎসকৰ পৰামৰ্শ অনুসৰি বৃক্ক সংৰোপণৰ বাবে নিতুল বৰাক কলকাতাৰ Rabindranath Tagore International Institute Of Cardiac Sciencesলৈ প্ৰেৰণ কৰা হৈছে। পিছে, চিকিৎসাৰ বাবে কলকাতালৈ গ’ল যদিও আৰ্থিকভাৱে জুৰুলা পৰিয়ালটোৱে বৃক্ক সংৰোপণৰ বাবে প্ৰয়োজন হোৱা ধনৰাশি গোটাবই পৰা নাই। নিতুল বৰা সুস্থ হৈ ঘৰলৈ ঘূৰি আহিবলৈ কমেও ১৪ৰ পৰা ১৫ লাখ টকা প্ৰয়োজন হ’ব। অঞ্চলটোৰ সামাজিক-সাংস্কৃতিক প্ৰতিটো অনুষ্ঠানৰ সৈতে জড়িত নিতুল বৰাই চৰম আৰ্থিক সংকটত ভূগি এতিয়া জীৱনৰ সৈতে মৰণ পণ যুঁজ দিব লগা হৈছে।

নিতুল বৰাক এতিয়া প্ৰয়োজন হৃদয়ৱান ব্যক্তি, দল-সংগঠন, চৰকাৰৰ সহায়ৰ। আপোনাৰ, মোৰ অকণমান সহায়েৰে তেওঁৰ জীৱন পূৰ্বৰ দৰে ৰঙীণ হৈ পৰিব। কোনো হৃদয়বান ব্যক্তিয়ে আর্থিকভাৱে সহায় কৰিব বিচাৰিলে ষ্টেট বেংক অৱ ইণ্ডিয়া, নগাঁও শাখাৰ একাউণ্ট নং 32588019899, IFSC: SBIN0000146 যোগে সহায় কৰিব পাৰিব। যোগাযোগৰ বাবে: 8876863188।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...