নগাঁৱত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ; কংগ্ৰেছক তীব্ৰ কটাক্ষ, কি ক’লে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই?

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনলৈ মাজত মাত্ৰ দুদিন বাকী থকাৰ সময়তে তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ। শাসক-বিৰোধী উভয় পক্ষৰ প্ৰচাৰৰ মাজত আক্ৰমণ-প্ৰত্যাক্ৰমণো অব্যাহত আছে।

আজি জাগীৰোডৰ দেওশালত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মাৰ সমৰ্থনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক বিশাল নিৰ্বাচনী জনসভাত অংশগ্ৰহণ কৰে। সভাত মন্ত্ৰী পীযূষ হাজৰিকাৰ লগতে কেইবাগৰাকীও মন্ত্ৰী, বিধায়ক আৰু বিজেপি মিত্ৰজোঁটৰ নেতাই অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰীৰ আগমনক কেন্দ্ৰ কৰি প্ৰশাসনৰ তৎপৰতাও পৰিলক্ষিত হয়।

কেইবা হাজাৰ সমৰ্থকৰ উপস্থিতিত অনুষ্ঠিত সভাত মুখ্যমন্ত্ৰীয়ে বিজেপি চৰকাৰৰ বিভিন্ন উন্নয়নমূলক পদক্ষেপৰ কথা উল্লেখ কৰি দলীয় প্ৰাৰ্থী দেৱাশীষ শৰ্মাৰ সমৰ্থনত ভোটদানৰ আহ্বান জনায়। সভাত সংখ্যালঘু সম্প্ৰদায়ৰ লোকেও অংশগ্ৰহণ কৰে।

ভাষণত মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছ আৰু AIUDFকো সমালোচনা কৰে। তেওঁ কংগ্ৰেছ আগন্তুক ৫০ বছৰতো শাসনলৈ আহিব নোৱাৰিব বুলি মন্তব্য কৰে। লগতে সংখ্যালঘু লোকৰ সমস্যাৰ বাবে কংগ্ৰেছক দায়ী কৰি বিভিন্ন অভিযোগ উত্থাপন কৰে।

ইয়াৰ উপৰি মুখ্যমন্ত্ৰীয়ে কয় যে, জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পটো আগন্তুক ডিচেম্বৰ অথবা জানুৱাৰীৰ ভিতৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰিব। তেওঁৰ মতে, এই প্ৰকল্পই অসমৰ উদ্যোগ খণ্ড আৰু কৰ্মসংস্থাপনৰ ক্ষেত্ৰত নতুন সম্ভাৱনাৰ সৃষ্টি কৰিব।

সভাত স্থানীয় বিধায়ক তথা মন্ত্ৰী পীয়ুষ হাজৰিকাই আদৰণি ভাষণ প্ৰদান কৰে। তেওঁ মুখ্যমন্ত্ৰীৰ নেতৃত্বত ৰাজ্যত চলি থকা উন্নয়নৰ ধাৰাত ৰাইজক অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়।

জাগীৰোডৰ পিছতে মুখ্যমন্ত্ৰীয়ে জুৰিয়া আৰু মৰিগাঁৱতো নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰাৰ কাৰ্যসূচী আছে। নগাঁও লোকসভা উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি শেষ মুহূৰ্তত শাসকীয় বিজেপি মিত্ৰজোঁটে প্ৰচাৰ অভিযান অধিক তীব্ৰ কৰি তুলিছে।

জাগীৰোডৰ নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে আগন্তুক ডিচেম্বৰ অথবা জানুৱাৰী মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পটো আনুষ্ঠানিকভাৱে মুকলি কৰিব।

তেওঁ কংগ্ৰেছক সমালোচনা কৰি কয়, “আমি সভাত অৰুণোদয়ৰ কথা কওঁ, আৰু কংগ্ৰেছৰ গৌৰৱ গগৈয়ে জেইলৰ কথা কয়।” মুখ্যমন্ত্ৰীয়ে লগতে দাবী কৰে যে আগন্তুক ৫০ বছৰতো কংগ্ৰেছ শাসনলৈ আহিব নোৱাৰে।

উচ্ছেদ প্ৰসংগত তেওঁ কয় যে কংগ্ৰেছ চৰকাৰে পূৰ্বে মাটিৰ পট্টা প্ৰদান কৰিলে উচ্ছেদৰ পৰিস্থিতি সৃষ্টি নহ’লহেঁতেন। সংখ্যালঘু সম্প্ৰদায়ৰ প্ৰসংগতো মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছক সমালোচনা কৰি কয় যে সংখ্যালঘুসকলক কষ্ট পোৱাৰ পথ কংগ্ৰেছেই মুকলি কৰি থৈ গৈছে।

লগতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ নেতা গৌৰৱ গগৈক লক্ষ্য কৰি কটাক্ষ কৰে। ৰকিবুল হুছেইনকো সমালোচনা কৰি তেওঁ কয় যে, “যিজন মানুহে পুৱাই তিনিবাৰকৈ বিৰিয়ানী খায়, তেওঁ সংখ্যালঘুৰ উন্নয়নৰ কথা চিন্তা কৰিব নোৱাৰে।”

ৰূপহীহাটৰ জুৰীয়াৰ শিঙাৰীত নিৰ্বাচনী প্ৰচাৰ চলাই কংগ্ৰেছ আৰু স্থানীয় বিধায়ক নুৰুল হুদাক তীব্ৰ আক্ৰমণ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ। নিৰ্বাচনী সভাত অৰুণোদয় আঁচনি, ৰূপহীহাটৰ উন্নয়ন আৰু কংগ্ৰেছৰ শাসনক লৈ সৰৱ হৈ পৰে মুখ্যমন্ত্ৰীগৰাকী।

সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে দাবী কৰে যে কংগ্ৰেছৰ শাসনকালত ৰূপহীহাট একপ্ৰকাৰ ‘ভেঞ্চাৰ সমষ্টি’লৈ ৰূপান্তৰিত হৈছিল। ৬ অক্টোবৰত বিজেপিক ভোট দিলে ৰূপহীহাটৰ মহিলাসকলৰ একাউণ্টত শীঘ্ৰেই অৰুণোদয় আঁচনিৰ ধন সোমাব বুলিও তেওঁ মন্তব্য কৰে।

অৰুণোদয়ৰ সুবিধা নোপোৱা মহিলাসকলক নুৰুল হুদাক সোধাৰ বাবে আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে ৰকিবুল হুছেইনকো কটাক্ষ কৰে। তেওঁ কয় যে অৰুণোদয়ৰ ধন সন্দৰ্ভত ৰাইজে উত্তৰ বিচাৰিব লাগে।

ইফালে, স্থানীয় বিধায়ক নুৰুল হুদাক ‘চাউল চোৰ’ বুলি কটাক্ষ কৰি মুখ্যমন্ত্ৰীয়ে কয়, “সেই চাউলেৰে চাগৈ বিৰিয়ানি বনালে। এতিয়া পেট ফালি অৰুণোদয় উলিয়াব লাগিব।” অৱশ্যে এই বক্তব্যসমূহ মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী ভাষণত কৰা অভিযোগ আৰু কটাক্ষ।

ৰূপহীহাটবাসীক উদ্দেশ্যি মুখ্যমন্ত্ৰীয়ে বিজেপিক ভোট দিয়াৰ ক্ষেত্ৰতো এক বিশেষ মন্তব্য কৰে। তেওঁ কয় যে বিজেপিক ভোট দি যদি ৰাইজৰ ভাল লাগে, তেন্তে আগলৈও ভোট দিব পাৰে আৰু যদি ভাল নালাগে, তেন্তে ২০৩১ চনত বিজেপিক ভোট নিদিব পাৰে।

সভাত মমতাজ বেগমৰ প্ৰসংগ উত্থাপন কৰি মুখ্যমন্ত্ৰীয়ে তেওঁৰ পুত্ৰক সোধা-পোছা কৰিলে সকলো তথ্য পোহৰলৈ আহিব বুলিও মন্তব্য কৰে। আনহাতে, কংগ্ৰেছ নেতা ৰাহুল গান্ধীক লৈও মুখ্যমন্ত্ৰীয়ে কটাক্ষমূলক মন্তব্য কৰে।

নিৰ্বাচনী প্ৰচাৰৰ মাজতে CJP সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত অৱশ্যে মুখ্যমন্ত্ৰীয়ে এই বিষয়টো সম্পৰ্কে তেওঁ একো নাজানো বুলি মন্তব্য কৰে।

ৰূপহীহাটৰ শিঙাৰীৰ এই সভাত মুখ্যমন্ত্ৰীৰ বক্তব্যত অৰুণোদয় আঁচনিৰ লগতে কংগ্ৰেছৰ শাসন, স্থানীয় বিধায়ক আৰু বিৰোধী নেতাসকলক লৈ কৰা বিভিন্ন মন্তব্যই নিৰ্বাচনী প্ৰচাৰৰ উত্তাপ অধিক বৃদ্ধি কৰা পৰিলক্ষিত হয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দুৰ্গাপূজাৰ সপ্তমীত অতিৰিক্ত বন্ধ ঘোষণা; ১৭ অক্টোবৰত বন্ধ থাকিব ৰাজ্যৰ সকলো চৰকাৰী কাৰ্যালয়

দুৰ্গাপূজাৰ মহাসপ্তমী উপলক্ষে অসম চৰকাৰে ২০২৬ চনৰ ১৭ অক্টোবৰ,...

মুকলিৰ দিনাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অঘটন; গঁড়ৰ আক্ৰমণত গুৰুতৰভাৱে আহত বনকৰ্মী

পৰ্যটকৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পুনৰ মুকলি কৰাৰ প্ৰথম...