প্ৰসংগঃ মমতাজ বেগম,”মোক মোৰ মা লাগে মাথোঁ, ৰাজনীতি নালাগে”। মমতাজ বেগমক লৈ পুত্ৰৰ প্ৰতিক্ৰিয়া

নগাঁৱৰ মমতাজ বেগমৰ সন্ধানহীনতাক লৈ এতিয়া উদ্বেগ বৃদ্ধি পাইছে। বাংলাদেশলৈ প্ৰেৰণ কৰাৰ পিছৰে পৰা সন্ধানহীন হৈ থকা মমতাজ বেগমক বিচাৰি বাংলাদেশ প্ৰশাসনে অনুসন্ধান আৰম্ভ কৰিছে। বাংলাদেশৰ গৃহ মন্ত্ৰালয়ৰ ৰাজনৈতিক আৰু অভিবাসন শাখাই মমতাজক বিচাৰি উলিয়াবলৈ আৰক্ষী আৰু সংশ্লিষ্ট বিভাগসমূহক বিষয়টো অৱগত কৰিছে। শেহতীয়া তথ্য অনুসৰি, বাংলাদেশ কৰ্তৃপক্ষই এতিয়াও তেওঁৰ অৱস্থান নিশ্চিত কৰিব পৰা নাই।

ইয়াৰ মাজতে মমতাজ বেগমৰ পুত্ৰই মাতৃৰ সন্ধান উলিয়াবলৈ চৰকাৰৰ ওচৰত কাতৰ আহ্বান জনাইছে। মমতাজৰ বিষয়টোক লৈ কংগ্ৰেছ আৰু AIUDF-এ ৰাজনীতি কৰা বুলি অভিযোগ কৰি তেওঁ কয়, “মোৰ মাক লাগে, ৰাজনীতি নালাগে।”

মমতাজৰ পুত্ৰৰ অভিযোগ অনুসৰি, তেওঁৰ মাতৃ কোনো ৰাজনৈতিক বিষয় নহয়। কংগ্ৰেছ আৰু AIUDF-এ মাতৃৰ বিষয়টোত ৰাজনীতি নকৰি পৰিয়ালটোক সহায় কৰিবলৈ তেওঁ আহ্বান জনায়। কংগ্ৰেছৰ কোনো নেতাই পৰিয়ালটোৰ খবৰ ল’বলৈ অহা নাই বুলি অভিযোগ কৰাৰ লগতে AIUDFৰ লোক আহিছিল যদিও তেওঁলোকৰ পৰা কোনো সহায় লাভ কৰা নাই বুলিও তেওঁ দাবী কৰে।

মাতৃক বিচাৰি উলিওৱাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী দেৱাশিষ শৰ্মাৰ পৰা সহায় লাভ কৰাৰ আশা প্ৰকাশ কৰিছে মমতাজৰ পুত্ৰই। “মোৰ মাক মুখ্যমন্ত্ৰী মহোদয় আৰু দেৱাশিষ শৰ্মা ছাৰে আনি দিব” বুলি আশা প্ৰকাশ কৰি তেওঁ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ ইচ্ছাও প্ৰকাশ কৰে। আৱেগিকভাৱে তেওঁ কয়, “মোক মোৰ মা লাগে মাথোঁ।”

উল্লেখ্য যে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা গোচৰৰ তথ্য অনুসৰি, মমতাজ বেগমক নগাঁৱৰ জুৰিয়াৰ বিদেশী ন্যায়াধিকৰণে ২০১৯ চনত বিদেশী বুলি ঘোষণা কৰিছিল। পৰৱৰ্তী আইনী প্ৰক্ৰিয়াৰ পিছত ২০২৬ চনৰ জুন মাহত তেওঁক আটক কৰি শ্ৰীভূমিৰ এটা হোল্ডিং চেণ্টাৰত ৰখা হৈছিল আৰু ১৩-১৪ জুনৰ মাজনিশা কাছাৰৰ কালাইনচেৰা সীমান্তৰে বাংলাদেশলৈ প্ৰেৰণ কৰা হৈছিল।

ইয়াৰ পিছতে মমতাজৰ স্বামী মুজাম্মেল হকে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়। ৩ ছেপ্টেম্বৰৰ ৰায়ত উচ্চ ন্যায়ালয়ে মমতাজ বেগমক বাংলাদেশত বিচাৰি উলিয়াই ভাৰতলৈ ঘূৰাই অনাৰ বাবে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ক প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। আদালতে লগতে মমতাজৰ স্বামীক ২ লাখ টকাৰ অন্তৱৰ্তীকালীন ক্ষতিপূৰণ প্ৰদানৰ বাবে অসম চৰকাৰক নিৰ্দেশ দিয়ে।

আদালতৰ নিৰ্দেশৰ পিছতে বাংলাদেশ কৰ্তৃপক্ষই মমতাজ বেগমৰ সন্ধান আৰম্ভ কৰে। প্ৰকাশিত তথ্য অনুসৰি, বাংলাদেশৰ গৃহ মন্ত্ৰালয়ৰ সংশ্লিষ্ট শাখাই আৰক্ষী আৰু অন্যান্য বিভাগৰ সহায়ত তেওঁৰ সন্ধান চলাইছে। কিন্তু বৰ্তমানলৈকে তেওঁৰ সঠিক অৱস্থানৰ কোনো নিশ্চিত তথ্য লাভ কৰা হোৱা নাই।

মমতাজ বেগমৰ সন্ধানহীনতাই পৰিয়ালটোৰ মাজত গভীৰ উদ্বেগৰ সৃষ্টি কৰিছে। মাতৃক সোনকালে বিচাৰি উলিয়াই ভাৰতলৈ ঘূৰাই অনাৰ বাবে চৰকাৰ আৰু সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত সহায়ৰ আহ্বান জনাইছে মমতাজৰ পুত্ৰই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ম্যানমাৰৰ লাংখোত NSCN-K (YA) কমাণ্ডাৰৰ বাসগৃহত ড্ৰোন আক্ৰমণ

ম্যানমাৰৰ লাংখোত NSCN-K (YA) কমাণ্ডাৰৰ বাসগৃহত ড্ৰোন আক্ৰমণ। আক্ৰমণত...

প্ৰসংগঃ জুবিন গাৰ্গ হত্যাৰ গোচৰ। আজি অষ্টমজন প্ৰবাসী অসমীয়া ৰূপকমল কলিতাৰ সাক্ষ্য

প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ ক্ষিপ্ৰ বিচাৰৰ বাবে...

কৃষি কৰ্মৰে স্বাৱলম্বী কাৰ্বি-আংলঙৰ লংকী ডেৰানিজে। স্বাৱলম্বী হৈ আন ১০ যুৱককো দিছে সংস্থাপন

কঠোৰ পৰিশ্ৰম, একাগ্ৰতা আৰু সঠিক পৰিকল্পনাৰে কৃষি কৰ্মৰ জৰিয়তে...