প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ ক্ষিপ্ৰ বিচাৰৰ বাবে গঠিত ফাষ্টট্ৰেক আদালতত অব্যাহত আছে সাক্ষ্যগ্ৰহণ প্ৰক্ৰিয়া। আজি আদালতত সাক্ষ্যদান কৰিব ছিংগাপুৰৰ প্ৰবাসী অসমীয়া ৰূপকমল কলিতাই। জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত ১৯ ছেপ্টেম্বৰৰ ঘটনাৰ সময়ত উপস্থিত থকা লোকসকলৰ ভিতৰত কলিতাও অন্যতম। পূৰ্বে তদন্তকাৰী সংস্থাৰ সন্মুখতো তেওঁ নিজৰ বক্তব্য লিপিবদ্ধ কৰাইছিল।
ইতিমধ্যে ফাষ্টট্ৰেক আদালতত সাতগৰাকী প্ৰবাসী অসমীয়াই সাক্ষ্যদান কৰিছে। পৰীক্ষিত শৰ্মা, সুস্মিতা গোস্বামী, দেৱজ্যোতি হাজৰিকা, জিঅ’ লাংচাট নাৰ্জাৰী, প্ৰতিম লহকৰ, অভিমন্যু তালুকদাৰ আৰু তন্ময় ফুকনে আদালতত নিজৰ বক্তব্য আগবঢ়াইছে। ইয়াৰ পিছত আজি অষ্টমজন হিচাপে ৰূপকমল কলিতাই সাক্ষ্য প্ৰদান কৰিব।
উল্লেখ্য যে, ছিংগাপুৰৰ এখন য়টত ১৯ ছেপ্টেম্বৰত জুবিন গাৰ্গৰ সৈতে উপস্থিত থকা প্ৰবাসী অসমীয়াসকল তদন্তৰ অন্যতম গুৰুত্বপূৰ্ণ সাক্ষী হিচাপে বিবেচিত হৈছে। তদন্তৰ সময়তো ৰূপকমল কলিতাই প্ৰথমগৰাকী প্ৰবাসী অসমীয়া হিচাপে অসমলৈ আহি CID/SITৰ সন্মুখত বক্তব্য লিপিবদ্ধ কৰাইছিল।
ইফালে, আদালতত সাক্ষ্যদান কৰা প্ৰবাসী অসমীয়াসকলৰ বক্তব্যত ১৯ ছেপ্টেম্বৰৰ ঘটনাক লৈ বহু গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা থাকিলেও, তেওঁলোকৰ বক্তব্যৰ সম্পূৰ্ণ বিৱৰণ এতিয়াও জানিব পৰা হোৱা নাই। গোচৰটো বিচাৰাধীন হৈ থকাৰ পৰিপ্ৰেক্ষিতত সাক্ষীসকলেও সংবাদ মাধ্যমৰ আগত ঘটনাৰ বিস্তৃত বিৱৰণ প্ৰকাশ কৰাৰ পৰা বিৰত আছে।
পৰীক্ষিত শৰ্মাই সাক্ষ্যদানৰ পিছত ন্যায় ব্যৱস্থাৰ ওপৰত আস্থা ৰখাৰ আহ্বান জনাইছিল। তেওঁৰ মতে, য়টত উপস্থিত থকা অন্য ব্যক্তিসকলেও আদালতত নিজৰ বক্তব্য দাঙি ধৰিব আৰু সময়ত ঘটনাৰ সত্যতা স্পষ্ট হ’ব।
আজি ৰূপকমল কলিতাৰ সাক্ষ্যগ্ৰহণক লৈও বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। কাৰণ ১৯ ছেপ্টেম্বৰৰ ঘটনাৰ সময়ত তেওঁ জুবিন গাৰ্গৰ সৈতে একেখন য়টত উপস্থিত আছিল। কলিতাই তদন্তকাৰী সংস্থাৰ সন্মুখত পূৰ্বেই বক্তব্য দিয়া বাবে আদালতত তেওঁৰ সাক্ষ্যই গোচৰৰ পৰৱৰ্তী আইনী প্ৰক্ৰিয়াত গুৰুত্ব বহন কৰিব পাৰে।
জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ ইতিমধ্যে তদন্তকাৰী সংস্থাই একাধিক লোকৰ সাক্ষ্য গ্ৰহণ কৰিছে আৰু ফাষ্টট্ৰেক আদালততো সাক্ষ্যগ্ৰহণ অব্যাহত আছে। আজি ৰূপকমল কলিতাৰ সাক্ষ্যৰ পিছত গোচৰটোৰ তদন্ত আৰু বিচাৰ প্ৰক্ৰিয়াই কোন দিশ লয়, সেয়া এতিয়া লক্ষণীয় হ’ব।
