মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ নামত উৎকোচ লোৱাৰ অভিযোগত বৰ্খাস্ত GMCHৰ সহকাৰী অধ্যাপক

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ (GMCH) ফৰেনচিক মেডিচিন বিভাগৰ সহকাৰী অধ্যাপক ড০ মনোজ কুমাৰ বৈশ্যক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে। ২০১৯ চনত মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ নামত ৮ হাজাৰ টকা উৎকোচ লোৱাৰ সময়ত ড০ বৈশ্যক গ্ৰেপ্তাৰ কৰিছিল তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাই। গ্ৰেপ্তাৰৰ পিছৰে পৰা ২০১৯ চনৰ নৱেম্বৰৰ পৰা নিলম্বিত হৈ আছিল চিকিৎসকজন। পৰৱৰ্তী সময়ত এই ঘটনাক লৈ বিভাগীয় তদন্ত অনুষ্ঠিত হয়। তদন্তত চিকিৎসকজনৰ বিৰুদ্ধে উত্থাপিত অভিযোগ প্ৰমাণিত হয়।
বিভাগীয় তদন্তৰ প্ৰতিবেদন আৰু অসম লোকসেৱা আয়োগৰ মতামত গ্ৰহণ কৰাৰ পিছত চিকিৎসক ড০ মনোজ কুমাৰ বৈশ্যক চৰকাৰী চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৰাজ্য চৰকাৰে। উৎকোচ গ্ৰহণৰ অভিযোগত গ্ৰেপ্তাৰৰ প্ৰায় সাত বছৰৰ পাছত বিভাগীয় তদন্তৰ জৰিয়তে চাকৰি হেৰুৱালে GMCHৰ চিকিৎসকগৰাকীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বৰপেটা জিলা কাৰাগাৰত কয়দী আৰু জে’ল কৰ্তৃপক্ষৰ মাজত ভয়ংকৰ সংঘাত

কাৰাগাৰৰ ভিতৰতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাৰ উপক্ৰম! বৰপেটা জিলা...

গুৱাহাটীৰ ক্লাবত নিশা ভয়ংকৰ ঘটনা, ক্লাবলৈ যোৱা যুৱতীক অৰ্ধ উলংগ কৰি প্ৰহাৰৰ অভিযোগ

গুৱাহাটীৰ খানাপাৰাৰ এটা ক্লাবত নিশা ভয়ংকৰ ঘটনা। ক্লাবলৈ যোৱা...

৫ টকাত চাৰ্জ কৰি চলাব পাৰিব ৫০ কিলোমিটাৰ।মহানগৰীৰ সতী ৰাধিকা শান্তি উদ্যানত বেম্ব’ চাইকেল মুকলি মুখ্যমন্ত্ৰীৰ

মহানগৰীৰ সতী ৰাধিকা শান্তি উদ্যানত বেম্ব’ চাইকেল মুকলি মুখ্যমন্ত্ৰীৰ।...