দক্ষিণ-কোৰিয়াক হৰুৱাই এছিয়ান গেমছত ভাৰতীয় মহিলা ৰিকাৰ্ভ আৰ্চাৰী দলৰ ঐতিহাসিক স্বৰ্ণ

২০২৬ এছিয়ান গেমছত ইতিহাস ৰচিলে ভাৰতীয় মহিলা ৰিকাৰ্ভ আৰ্চাৰী দলে। শুকুৰবাৰে ১০ বাৰৰ অলিম্পিক চেম্পিয়ন দক্ষিণ কোৰিয়াক ৫–৩ ব্যৱধানত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে এছিয়ান গেমছৰ স্বৰ্ণ পদক জয় কৰে ভাৰতীয় দলে।

অংকিতা ভকত, কীৰ্তি শৰ্মা আৰু ১৭ বছৰীয়া কুমকুম মহোদে প্ৰতিকূল বতৰৰ মাজতো দৃঢ় প্ৰদৰ্শনেৰে ভাৰতক ঐতিহাসিক জয়ৰ সোৱাদ দিয়ে। ইয়াৰ পূৰ্বে ছেমিফাইনেলত ভাৰতে চীনক ৫–১ ব্যৱধানত পৰাস্ত কৰিছিল।

এই স্বৰ্ণ পদক ২০২৬ এছিয়ান গেমছত ভাৰতৰ ১১সংখ্যক স্বৰ্ণ পদক। লগতে আৰ্চাৰীত এয়া ভাৰতৰ চতুৰ্থ স্বৰ্ণ।

উল্লেখ্য, ২০২৩ চনৰ হাংঝৌ এছিয়ান গেমছত ভাৰতীয় মহিলা ৰিকাৰ্ভ দলে ব্ৰঞ্জ পদক লাভ কৰিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

৫ টকাত চাৰ্জ কৰি চলাব পাৰিব ৫০ কিলোমিটাৰ।মহানগৰীৰ সতী ৰাধিকা শান্তি উদ্যানত বেম্ব’ চাইকেল মুকলি মুখ্যমন্ত্ৰীৰ

মহানগৰীৰ সতী ৰাধিকা শান্তি উদ্যানত বেম্ব’ চাইকেল মুকলি মুখ্যমন্ত্ৰীৰ।...

বাঁহৰ পৰা নিমখ প্ৰস্তুত কৰি আত্মনিৰ্ভৰশীলতাৰ সপোন ডিমৌৰ যুৱকৰ

ডিমৌৰ পানীদিহিঙৰ ধাইবাৰীৰ যুৱক অনিৰুদ্ধ মগৰে বাঁহৰ পৰা প্ৰস্তুত...

হাইলাকান্দিত ৬০ লাখ টকাৰ ইয়াবা টেবলেট সহ দুজনক গ্ৰেপ্তাৰ

হাইলাকান্দি জিলাত পুনৰ বৃহৎ পৰিমাণৰ নিষিদ্ধ ইয়াবা টেবলেট জব্দ...