নাগালেণ্ডত ভয়ংকৰ ভূমিস্খলন, ৮০% অংশত বন্ধ দিখৌ নৈৰ প্ৰবাহ; আকৌ আহি আছে নেকি ভয়াৱহ পৰিস্থিতি?

চুবুৰীয়া ৰাজ্য নাগালেণ্ডত দিখৌ নৈৰ উজানত সংঘটিত হোৱা ভূমিস্খলনক কেন্দ্ৰ কৰি নামনি অঞ্চলত উদ্বেগৰ সৃষ্টি হৈছে। নাগালেণ্ডৰ লংলেঙ জিলাৰ জিলা আয়ুক্তৰ পৰা প্ৰচাৰিত এক শ্ৰব্য বাৰ্তাৰ জৰিয়তে লাভ কৰা তথ্য অনুসৰি, মককচুঙ জিলাৰ ইয়ংইমছেন (Yaongyimsen) আৰু লংলেঙ জিলাৰ ইয়ংছেই (Yongshei)ৰ মাজৰ দিখৌ নৈৰ উজানত সংঘটিত হৈছে এই ভূমিস্খলন।

লংলেঙ জিলাৰ ইয়ংছেইৰ চেয়াৰমেনৰ প্ৰতিবেদন অনুসৰি, ভূমিস্খলনৰ ফলত দিখৌ নৈৰ প্ৰায় ৮০ শতাংশ অংশ বন্ধ হৈ পৰিছে। ফলত বৰ্তমান প্ৰায় ২০ শতাংশ পানীহে নৈখনৰ মাজেৰে বৈ আছে বুলি জানিব পৰা গৈছে।

ইফালে, এই ঘটনাৰ পাছত দিখৌ নৈৰ নামনি ভাগৰ কিছুমান গাঁৱত সোধ-পোচ কৰা হৈছে। অৱশ্যে এতিয়ালৈকে সেই অঞ্চলসমূহৰ পৰা পানীৰ প্ৰবাহ বা পানীৰ স্তৰ হ্ৰাস পোৱাৰ ক্ষেত্ৰত কোনো অস্বাভাৱিকতা লক্ষ্য কৰা হোৱা নাই বুলি জানিব পৰা গৈছে।

প্ৰশাসনৰ তৰফৰ পৰা জনোৱা অনুসৰি, কাইলৈ পুৱা ঘটনাস্থলীত স্থলভিত্তিক পৰীক্ষণ বা ground verification চলোৱা হ’ব। এই পৰীক্ষণৰ পিছত পৰিস্থিতিৰ অধিক স্পষ্ট ছবি পোহৰলৈ অহাৰ সম্ভাৱনা আছে আৰু সেই অনুসৰি পৰৱৰ্তী তথ্য প্ৰকাশ কৰা হ’ব।

ইফালে, সম্ভাব্য পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দিখৌ নৈৰ নামনি ভাগৰ নদীকূলীয়া গাঁওসমূহৰ বাসিন্দাসকলক বৰ্তমানৰ বাবে সতৰ্ক হৈ থাকিবলৈ প্ৰশাসনে আহ্বান জনাইছে। বিশেষকৈ নৈৰ পানীৰ স্তৰ আৰু প্ৰবাহৰ ওপৰত নজৰ ৰাখিবলৈ ৰাইজক অনুৰোধ জনোৱা হৈছে।

আনহাতে, শিৱসাগৰ জিলাৰ বিহুবৰত দিখৌ নৈৰ পানীৰ স্তৰ বৰ্তমান স্থিৰ অৱস্থাত থকা বুলি জানিব পৰা গৈছে। শিৱসাগৰ জিলা প্ৰশাসনে সমগ্ৰ পৰিস্থিতি সঘনাই নিৰীক্ষণ কৰি আছে আৰু নৈখনৰ পানীৰ স্তৰৰ নিয়মীয়া তথ্য সংগ্ৰহ অব্যাহত ৰাখিছে।

জিলা প্ৰশাসনে নাগৰিকসকলক আতংকিত নহৈ সতৰ্ক হৈ থাকিবলৈ আৰু চৰকাৰী নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনাইছে। লগতে জৰুৰী প্ৰয়োজনীয় সামগ্ৰীসমূহ সাজু কৰি ৰাখিবলৈ আৰু চৰকাৰী মাধ্যমৰ জৰিয়তে পৰিস্থিতিৰ শেহতীয়া তথ্যৰ ওপৰত নজৰ ৰাখিবলৈ পৰামৰ্শ দিয়া হৈছে।

কোনো অনাকাংক্ষিত পৰিস্থিতি বা অস্বাভাৱিক তথ্য পোৱা গ’লে তৎকালীনভাৱে জিলা জৰুৰীকালীন পৰিচালনা কেন্দ্ৰ (DEOC)ক অৱগত কৰিবলৈও আহ্বান জনোৱা হৈছে। নাগৰিকসকলক জিলা প্ৰশাসন আৰু স্থানীয় কৰ্তৃপক্ষৰ নিৰ্দেশনা পালন কৰিবলৈ অনুৰোধ জনোৱা হৈছে।

জিলা জৰুৰীকালীন পৰিচালনা কেন্দ্ৰ (DEOC), শিৱসাগৰৰ যোগাযোগ নম্বৰ:

ম’বাইল: ৮৪৭১৮-৬৪৩৫৫
টোল-ফ্ৰী: ০৩৭৭২-১০৭৭

শিৱসাগৰ জিলা প্ৰশাসনে পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখি নাগৰিকসকলৰ সুৰক্ষাৰ বাবে প্ৰয়োজনীয় সাৱধানতামূলক ব্যৱস্থা গ্ৰহণ কৰি আছে। দিখৌ নৈৰ পানীৰ প্ৰবাহ স্বাভাৱিক হৈ নুঠালৈকে পৰিস্থিতি স্পৰ্শকাতৰ হৈ থাকিব পাৰে বুলি আশংকা কৰা হৈছে। ভূমিস্খলনৰ ফলত সৃষ্টি হোৱা পানীৰ অৱস্থা আৰু সম্ভাব্য জলপ্ৰবাহৰ ওপৰত প্ৰশাসনে নিৰন্তৰ নজৰ ৰাখিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে সুখবৰ, গ্ৰন্থ ক্ৰয়ত এককালীন ১,০০০ টকাৰ অনুদান অসম চৰকাৰৰ বিত্ত বিভাগ

ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে গ্ৰন্থ ক্ৰয়ৰ ক্ষেত্ৰত এককালীন আৰ্থিক...

গোলকগঞ্জ বজাৰত মৰেল পুলিচিঙৰ ঘটনা; যুৱকক আক্ৰমণ একাংশ লোকৰ

ৰাজ্যত পুনৰ মৰেল পুলিচিঙৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন...

নাই সুচল পথ, নাই স্থায়ী দলং; নিজৰ গাঁঠিৰ ধনেৰে বাঁহৰ দলং সাজি যাতায়াত ৰাইজৰ

চৰকাৰ আহিছে, চৰকাৰ গৈছে। নিৰ্বাচনৰ পাছত সলনি হৈছে চৰকাৰ,...