ৰাজ্যত পুনৰ মৰেল পুলিচিঙৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। গোলকগঞ্জ বজাৰত দিন দুপৰতে এজন যুৱকক একাংশ লোকে আক্ৰমণ কৰাৰ ঘটনা পোহৰলৈ আহিছে।
অভিযোগ অনুসৰি, মফিজুল হক নামৰ যুৱকজনক একাংশ লোকে আক্ৰোশমূলকভাৱে আক্ৰমণ কৰে। গোলকগঞ্জ আৰক্ষী থানাৰ নিচেই কাষতে সংঘটিত হয় এই ঘটনা।
ঘটনাৰ খবৰ পাই গোলকগঞ্জ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আহত যুৱকজনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে। কিন্তু যুৱকজনৰ অৱস্থা সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে পশ্চিমবংগৰ কোচবিহাৰলৈ প্ৰেৰণ কৰা হয়। বৰ্তমান চিকিৎসালয়ত জীৱন-মৃত্যুৰে যুঁজিছে যুৱকজনে।
ইফালে, ঘটনাটোৰ সৈতে জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে তিনিজন লোকক আটক কৰিছে। আটকাধীন লোককেইজন হৈছে বাবুল ৰায়, দীপজ্যোতি ৰায় আৰু পিন্টু তাতেৰ।
ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে। আৰক্ষীয়ে ঘটনাটোৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।
