নাৰী শক্তিৰ অনন্য নিদৰ্শন: ৰাজমিস্ত্ৰীৰ ৰূপত মাজুলীৰ উদ্যমী মহিলা

পৰম্পৰাগত চিন্তাধাৰাক নেওচি স্বনিয়োজন আৰু স্বাৱলম্বিতাৰ এক ব্যতিক্ৰমী নিদৰ্শন দাঙি ধৰিছে মাজুলীৰ একাংশ উদ্যমী মহিলাই। সচৰাচৰ পুৰুষৰ আধিপত্য থকা নিৰ্মাণ কাৰ্যৰ ক্ষেত্ৰখনত খোজ দি এইসকল মহিলাই হাতত তুলি লৈছে কৰণি আৰু ওলোম। শিল, বালি, ইটা আৰু চিমেণ্টৰ মাজত এতিয়া ব্যস্ত হৈ পৰিছে নদীদ্বীপ মাজুলীৰ একাংশ নাৰী।

মাজুলী জিলাৰ আয়ুক্ত শ্ৰী ৰতুল চন্দ্ৰ পাঠকৰ পৰিকল্পনা আৰু পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ বিশেষ উদ্যোগত গ্ৰহণ কৰা হৈছে এই অভিনৱ কাৰ্যসূচী। বৰ্তমান মাজুলীৰ বনগাঁও উদ্যোগিক প্ৰতিষ্ঠানত জিলাখনৰ একাংশ মহিলাক সম্পূৰ্ণ বৃত্তিমূলকভাৱে ৰাজমিস্ত্ৰীৰ উন্নত প্ৰশিক্ষণ প্ৰদান কৰি থকা হৈছে।

আৰ্থিক অনগ্ৰসৰতা আৰু বিভিন্ন প্ৰত্যাহ্বানক নেওচি অৰ্থনৈতিক স্বাৱলম্বিতাৰ এক শক্তিশালী ভেটি গঢ়ি তোলাৰ লক্ষ্যৰে প্ৰশিক্ষণ গ্ৰহণ কৰিছে মহিলাসকলে। এই পদক্ষেপে তেওঁলোকৰ পৰিয়াললৈ আৰ্থিক স্বচ্ছলতা অনাৰ লগতে সমাজত নাৰী সৱলীকৰণৰ ক্ষেত্ৰতো নতুন সম্ভাৱনাৰ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে।

প্ৰশিক্ষণৰ অন্তত মহিলাসকলক আনুষ্ঠানিকভাৱে আত্মনিৰ্ভৰশীল কৰি তোলাৰ বাবেও প্ৰশাসনে বিশেষ পৰিকল্পনা গ্ৰহণ কৰিছে। প্ৰশিক্ষণৰ সামৰণিৰ পিছত প্ৰথম পৰ্যায়ত VB-G RAM-G-ৰ অধীনত নিৰ্মাণ হ’বলগীয়া বিভিন্ন বিদ্যালয়ৰ পকীবেৰা নিৰ্মাণৰ দায়িত্ব তেওঁলোকক অৰ্পণ কৰাৰ পৰিকল্পনা কৰা হৈছে।

ইয়াৰ পৰৱৰ্তী সময়ত ‘প্ৰধানমন্ত্ৰী আৱাস যোজনা’ৰ অধীনত নিৰ্মাণ হ’বলগীয়া গৃহসমূহৰ নিৰ্মাণ কাৰ্যতো প্ৰশিক্ষণপ্ৰাপ্ত এইসকল মহিলা মিস্ত্ৰীক জড়িত কৰাৰ পৰিকল্পনা কৰা হৈছে বুলি জানিব পৰা গৈছে।

মাজুলীৰ এইসকল মহিলাৰ সাহসিকতা, কৰ্মস্পৃহা আৰু আত্মনিৰ্ভৰশীলতাৰ প্ৰচেষ্টাই নাৰী সৱলীকৰণৰ এক ইতিবাচক বাৰ্তা কঢ়িয়াই আনিছে। প্ৰচলিত ধাৰণাক প্ৰত্যাহ্বান জনাই নিৰ্মাণ ক্ষেত্ৰত আগবাঢ়ি অহা এই মহিলাসকলৰ পদক্ষেপে স্বনিয়োজনৰ ক্ষেত্ৰতো এক নতুন দিশ মুকলি কৰাৰ সম্ভাৱনা সৃষ্টি কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে সুখবৰ, গ্ৰন্থ ক্ৰয়ত এককালীন ১,০০০ টকাৰ অনুদান অসম চৰকাৰৰ বিত্ত বিভাগ

ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে গ্ৰন্থ ক্ৰয়ৰ ক্ষেত্ৰত এককালীন আৰ্থিক...

নাগালেণ্ডত ভয়ংকৰ ভূমিস্খলন, ৮০% অংশত বন্ধ দিখৌ নৈৰ প্ৰবাহ; আকৌ আহি আছে নেকি ভয়াৱহ পৰিস্থিতি?

চুবুৰীয়া ৰাজ্য নাগালেণ্ডত দিখৌ নৈৰ উজানত সংঘটিত হোৱা ভূমিস্খলনক...

গোলকগঞ্জ বজাৰত মৰেল পুলিচিঙৰ ঘটনা; যুৱকক আক্ৰমণ একাংশ লোকৰ

ৰাজ্যত পুনৰ মৰেল পুলিচিঙৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন...

নাই সুচল পথ, নাই স্থায়ী দলং; নিজৰ গাঁঠিৰ ধনেৰে বাঁহৰ দলং সাজি যাতায়াত ৰাইজৰ

চৰকাৰ আহিছে, চৰকাৰ গৈছে। নিৰ্বাচনৰ পাছত সলনি হৈছে চৰকাৰ,...