আতচবাজী ব্যৱহাৰক লৈ উচ্চতম ন্যায়ালয়ৰ ডাঙৰ সিদ্ধান্ত; নিৰ্দিষ্ট সময়তহে ব্যৱহাৰ কৰিব পাৰিব আতচবাজী

আতচবাজীৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ নকৰে উচ্চতম ন্যায়ালয়ে। অৱশ্যে দিনটোৰ ২৪ ঘণ্টাই আতচবাজী ফুটোৱাৰ অনুমতিও দিয়া নহ’ব। আতচবাজী ব্যৱহাৰৰ বাবে নিৰ্দিষ্ট সময়সীমা নিৰ্ধাৰণ কৰাৰ কথা বুধবাৰে স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে।

ন্যায়াধীশ এম এম সুন্দৰেশ আৰু পি বি ভাৰালেৰে গঠিত বিচাৰপীঠে কয় যে জনসাধাৰণৰ উৎসৱমুখৰ অনুভূতি আৰু আতচবাজীৰ ফলত মানুহ তথা আন জীৱ-জন্তুৰ ওপৰত পৰা প্ৰভাৱ দুয়োটাৰ মাজত ভাৰসাম্য ৰক্ষা কৰিব লাগিব।

বিচাৰপীঠে কয়, সম্পূৰ্ণ নিষেধাজ্ঞাই মানুহৰ অনুভূতিত প্ৰভাৱ পেলাব। আনহাতে, গোটেই দিনটো আতচবাজী ফুটাবলৈ দিলে বৃদ্ধ, অসুস্থ ব্যক্তি আৰু শিশুকে ধৰি আন জীৱ-জন্তুৰ ওপৰতো ব্যাপক প্ৰভাৱ পৰিব পাৰে। সেয়ে আতচবাজী ব্যৱহাৰৰ বাবে নিৰ্দিষ্ট সময় নিৰ্ধাৰণৰ জৰিয়তে সমাধান বিচাৰিব লাগিব বুলি আদালতে মন্তব্য কৰে।

শুনানিৰ সময়ত অতিৰিক্ত ছলিচিটৰ জেনেৰেল ঐশ্বৰ্য ভাটিয়ে জনায় যে CSIR-NEERI-এ পৰামৰ্শ দিয়া নিৰ্দিষ্ট ‘নেক্সট-জেনেৰেচন জইণ্ট গ্ৰীণ ক্ৰেকাৰ্ছ’ৰ ক্ষেত্ৰত সীমিত আৰু চৰ্তসাপেক্ষ শিথিলতা বিবেচনা কৰিব পৰা যায়।

CSIR-NEERI-ৰ সহযোগত প্ৰস্তুত কৰা এই নতুন প্ৰজন্মৰ গ্ৰীণ ক্ৰেকাৰসমূহত নিৰ্গমন হ্ৰাস কৰাৰ বাবে বেৰিয়াম লৱণৰ পৰিমাণ হ্ৰাস কৰা হৈছে।

এই আতচবাজী কেৱল বৈধ অনুজ্ঞাপত্ৰ থকা নিৰ্মাতাই প্ৰস্তুত কৰিব লাগিব। লগতে নিৰ্ধাৰিত ১২৫ dB(AI)/১৪৫ dB(C) পিক শব্দসীমা মানিব লাগিব আৰু নিষিদ্ধ ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰিব নোৱাৰিব।

ইফালে, আতচবাজীত বেৰিয়ামৰ ব্যৱহাৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে অহা ১৫ অক্টোবৰত শুনানি গ্ৰহণ কৰিব।

উল্লেখযোগ্য যে যোৱা বছৰ দীপাৱলীৰ পূৰ্বে উচ্চতম ন্যায়ালয়ে দিল্লী আৰু ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলত চৰ্তসাপেক্ষে গ্ৰীণ ক্ৰেকাৰৰ বিক্ৰী আৰু ব্যৱহাৰৰ অনুমতি দিছিল। লগতে দীপাৱলীৰ আগদিনা আৰু দীপাৱলীৰ দিনা আতচবাজী ব্যৱহাৰৰ বাবে নিৰ্দিষ্ট সময়সীমাও নিৰ্ধাৰণ কৰি দিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২৩ বছৰৰ পাছত ইৰাক এৰিলে আমেৰিকান সেনাই; নিৰাপত্তাক লৈ সৃষ্টি হৈছে নতুন শংকা

২৩ বছৰৰ পাছত ইৰাকৰ পৰা সম্পূৰ্ণৰূপে আমেৰিকান সেনা প্ৰত্যাহাৰ...

ফ্লাইডুবাই নামৰ যাত্ৰীবাহী বিমানত পাইলটৰ মাজত মাৰপিট, ছৌদি আৰৱত জৰুৰী অৱতৰণ

ফ্লাইডুবাই FZ1073 বিমানখনত সংঘটিত হোৱা ভয়ংকৰ ঘটনাক লৈ চাঞ্চল্যকৰ...