আই ফোন কিনিবলৈ বেচি দিলে সন্তানক; জন্ম দিয়া সন্তানতকৈ মূল্যবান নেকি এটা আইফোন?

সোণৰ গহনা, iPhone-ৰ শেহতীয়া মডেলকে ধৰি বিভিন্ন দামী সামগ্ৰী কিনাৰ চখ পূৰাবলৈ নিজৰ কোলৰ শিশুকেই বিক্ৰী কৰাৰ অভিযোগ উঠিছে এহাল দম্পতীৰ বিৰুদ্ধে। চাঞ্চল্যকৰ এই ঘটনা মহাৰাষ্ট্ৰৰ ছত্ৰপতি সম্ভাজীনগৰত সংঘটিত হৈছে। আৰক্ষীয়ে শিশুটিক উদ্ধাৰ কৰাৰ লগতে শিশু বিক্ৰীৰ অভিযোগত শিশুটিৰ পিতৃ-মাতৃসহ মুঠ ৭জন লোকক গ্ৰেপ্তাৰ কৰিছে।

আৰক্ষীৰ তদন্তত পোহৰলৈ অহা অনুসৰি, শিশুটিক এবাৰ নহয়, মুঠ চাৰিবাৰ বিভিন্ন লোকৰ হাতত বিক্ৰী কৰা হৈছিল।

আৰক্ষীয়ে জনোৱা মতে, ঘটনাৰ সূত্ৰপাত ৫ জুলাইত। যোগেশ কাম্বলেৰ লিভ-ইন পাৰ্টনাৰ বন্দনা কাম্বলেই এটি পুত্ৰ সন্তান জন্ম দিয়ে। সন্তান জন্মৰ পাছত বন্দনাই শিশুটিক নিজৰ ওচৰত ৰাখিব বিচৰা নাছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

ইয়াৰ পাছত তেওঁ নিজৰ সহকৰ্মী কৌশল্যা পাৱাৰৰ সহায়ত শিশুটিক বিক্ৰী কৰাৰ চেষ্টা কৰে। আৰক্ষীৰ অভিযোগ অনুসৰি, কৌশল্যাই তেওঁৰ কন্যা সীমা ৰেশৱালৰ সৈতে বন্দনাৰ যোগাযোগ কৰাই দিয়ে। সন্তান জন্মৰ প্ৰায় এমাহৰ ভিতৰতে বন্দনাই শিশুটিক সীমাৰ ওচৰত ১ লাখ ২০ হাজাৰ টকাত বিক্ৰী কৰে।

কিন্তু ইয়াতেই শেষ হোৱা নাছিল শিশুটোৰ বিক্ৰি। আৰক্ষীৰ মতে, বন্দনাৰ পৰা শিশুটিক ক্ৰয় কৰাৰ পাছত সীমাই ২ লাখ ৭০ হাজাৰ টকাৰ বিনিময়ত শিশুটিক নিজৰ আত্মীয় সংগীতা আভাদৰ ওচৰত বিক্ৰী কৰে।

ইয়াৰ পাছত সংগীতাই শিশুটিক তেলেংগানাৰ বাসিন্দা ৰাজাৰাম গুটুনকাৰৰ ওচৰত বিক্ৰী কৰে। বিনিময়ত তেওঁ লাভ কৰে নগদ ৩ লাখ ৫০ হাজাৰ টকা। তাৰ পাছত ৰাজাৰামেও শিশুটিক একে ৩ লাখ ৫০ হাজাৰ টকাৰ বিনিময়ত হায়দৰাবাদৰ উমা গংগাধৰ খাটকমৰ ওচৰত বিক্ৰী কৰে।

আৰক্ষীয়ে জনোৱা মতে, ২০ ছেপ্টেম্বৰত মুকুন্দৱাড়ী থানাত বন্দনাই হেনস্থাৰ অভিযোগ দাখিল কৰিছিল। সেই অভিযোগৰ তদন্ত চলাই থাকোঁতেই আৰক্ষীয়ে শিশুটিক বিক্ৰী আৰু হাতবদল কৰা ঘটনাৰ সন্ধান লাভ কৰে।

ইয়াৰ পাছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে আৰু শিশুটিক বিক্ৰী কৰি লাভ কৰা ধনেৰে বন্দনা আৰু যোগেশে বিভিন্ন সামগ্ৰী ক্ৰয় কৰা বুলি জানিব পাৰে।

আৰক্ষীৰ মতে, শিশুটিক বিক্ৰী কৰি লাভ কৰা ধনেৰে তেওঁলোকে এটা মোবাইল ফোন ক্ৰয় কৰাৰ লগতে ৬২ হাজাৰ টকাৰে এটা সোণৰ চেইনো কিনিছিল। তদন্তৰ সময়ত আৰক্ষীয়ে এই সামগ্ৰীসমূহ জব্দ কৰিছে।

ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত শিশুটোৰ পিতৃ-মাতৃসহ মুঠ ৭জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীয়ে শিশুটিকো উদ্ধাৰ কৰিছে। বৰ্তমান শিশুটিক চাইল্ড ৱেলফেয়াৰ কমিটী (CWC)-ৰ অনুমোদিত এটা গৃহত ৰখা হৈছে।

এই ঘটনাৰ আঁৰত আৰু কোনো বৃহৎ শিশু সৰবৰাহ চক্ৰ জড়িত আছে নেকি, সেই সন্দৰ্ভতো আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ: পৰেশ বৈশ্যৰ জামিন শুনানি অসম্পূৰ্ণ, ১৫ অক্টোবৰলৈ স্থগিত

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত পৰেশ বৈশ্যৰ জামিন আবেদনৰ...