পেৰিছ ফেশ্বন উইকত নতুন ৰূপত দেখা গ’ল বলীউড অভিনেত্ৰী ঐশ্বৰ্য ৰায় বচ্চনক। সোমবাৰে L’Oreal Paris’ Le Defile অনুষ্ঠানৰ সামৰণি পৰ্বত ৰেম্পত খোজ কাঢ়ি সকলোৰে দৃষ্টি আকৰ্ষণ কৰে অভিনেত্ৰীগৰাকীয়ে।
আইফেল টাৱাৰ আৰু Ecole Militaireৰ পটভূমিত Place Joffre-ত অনুষ্ঠিত অনুষ্ঠানৰ বাবে ঐশ্বৰ্যই পিন্ধিছিল ছিৰিয়াৰ বিলাসী ফেশ্বন ব্ৰেণ্ড Yara Shoemaker-ৰ Fall/Winter 2026-27 Couture Collectionৰ পৰা নিৰ্মিত ক’লা ৰঙৰ বিশেষ পোছাক। চেলিব্ৰিটি ষ্টাইলিষ্ট মোহিত ৰায়ৰ কনচেপ্ট আৰু ষ্টাইলত তৈয়াৰ কৰা হৈছিল পোছাকজোৰ।
‘Express Your Worth’ শীৰ্ষক অনুষ্ঠানখনত ঐশ্বৰ্যই মাটিলৈকে পৰা গাউনটোৰ সৈতে pearl আৰু crystal embellishmentযুক্ত ভেলভেট cape পৰিধান কৰিছিল। লুকটো সম্পূৰ্ণ কৰিবলৈ ঐশ্বৰ্যই পৰিধান কৰিছিল হীৰাৰে সজোৱা crown, diamond rings আৰু pumps।
এইবাৰ ঐশ্বৰ্যৰ চুলিৰ ৰঙেও বিশেষ চৰ্চা লাভ কৰিছে। পেৰিছৰ ৰেম্পত প্ৰথমবাৰৰ বাবে fiery red hair অৰ্থাৎ উজ্জ্বল ৰঙা চুলিৰে দেখা গ’ল অভিনেত্ৰীগৰাকীক। side parting আৰু soft waves-ৰে সজোৱা চুলিৰ ৰঙে তেওঁৰ ক’লা Couture পোছাকৰ সৈতে এক বিশেষ ৰূপৰ সৃষ্টি কৰে।
মেকআপত ঐশ্বৰ্যই winged eyeliner, গাঢ় ৰঙা lipstick, rouged cheeks, feathered brows আৰু soft contouring ব্যৱহাৰ কৰে। নতুন ৰঙা চুলি আৰু ক’লা পোছাকৰ সৈতে এই makeup look-এ তেওঁৰ ৰূপ দুগুনে চৰায়।
পেৰিছ ফেশ্বন উইকৰ অনুষ্ঠানত ঐশ্বৰ্যক Bridgerton অভিনেত্ৰী Simone Ashleyৰ সৈতেও দেখা যায়। দুয়োগৰাকীয়ে কথা পতাৰ লগতে হাতত হাত ধৰি থকা আৰু পৰস্পৰক চুম্বন কৰা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। দুয়োগৰাকীয়ে ক’লা পোছাক পৰিধান কৰি অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল।
উল্লেখ্য যে, ঐশ্বৰ্য ৰায় বচ্চন বহু বছৰ ধৰি L’Oreal Paris-ৰ সৈতে জড়িত আৰু আন্তঃৰাষ্ট্ৰীয় ফেশ্বন অনুষ্ঠানত ব্ৰেণ্ডটোক প্ৰতিনিধিত্ব কৰি আহিছে। যোৱা বছৰো তেওঁ পেৰিছ ফেশ্বন উইকৰ ৰেম্পত মনীষ মালহোত্ৰাই ডিজাইন কৰা velvet sherwani-inspired coat পৰিধান কৰিছিল।
ইফালে, যোৱা ২৪ ঘণ্টাত Google-ত ‘Aishwarya Rai’ নামটোও যথেষ্ট চৰ্চাত থকা বুলি জানিব পৰা গৈছে।
