১৫ অক্টোবৰৰ পৰা দোকান বা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত ২,০০০ টকাতকৈ অধিক UPI (UPI) লেনদেনৰ ওপৰত ০.৪ শতাংশ মাৰ্চেন্ট ডিছকাউণ্ট ৰেট (MDR) বা মাচুল আৰোপ কৰাৰ চৰকাৰী সিদ্ধান্তৰ বিৰুদ্ধে দেশজুৰি মোবাইলৰ খুচুৰা বিক্ৰেতাসকলে ২ অক্টোবৰ, ২০২৬ তাৰিখে ‘ন’ UPI ডে’ (No UPI Day) পালন কৰাৰ সিদ্ধান্ত লৈছে।
অল ইণ্ডিয়া ম’বাইল ৰিটেইলৰ্ছ এছ’চিয়েচন (AIMRA)ৰ আহ্বান মৰ্মে ‘গান্ধী জয়ন্তী’ৰ দিনা সমগ্ৰ দেশৰে মোবাইল খুচুৰা বিক্ৰেতাসকলে কোনো ধৰণৰ UPI লেনদেন গ্ৰহণ নকৰে।
প্ৰতিবাদৰ চিন স্বৰূপে দোকানসমূহত থকা UPI কিউ.আৰ. ক’ড (QR Code) সমূহ ক’লা কাপোৰেৰে ঢাকি ৰখা হ’ব। এ.আই.এম.আৰ.এ. (AIMRA)ই বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণলৈ প্ৰেৰণ কৰা স্মাৰকপত্ৰ অনুসৰি, মাহে ৫ লাখৰ পৰা ৩০ লাখ টকা পৰ্যন্ত UPI লেনদেন কৰা সৰু ব্যৱসায়ীসকলে প্ৰতি মাহে ২,০০০ টকাৰ পৰা ১২,০০০ টকা পৰ্যন্ত পোনে পোনে লোকচান ভৰিবলগীয়া হ’ব।
০.৪% MDR মাচুলৰ ফলত সমগ্ৰ দেশৰ মোবাইল বিক্ৰেতাসকলৰ ওপৰত প্ৰতি মাহে প্ৰায় ৪০ কোটি টকা আৰু বছৰেকত প্ৰায় ৫০০ কোটি টকাৰ ওপৰঞ্চি আৰ্থিক বোজা পৰিব।
AIMRAৰ উপ-সভাপতি তৰবিন্দৰ সিঙে স্পষ্ট কৰি দিয়ে যে এই প্ৰতিবাদ ‘ডিজিটেল ইণ্ডিয়া’ বা UPIৰ বিৰুদ্ধে নহয়, বৰঞ্চ ব্যৱসায়ীসকলৰ ওপৰত জাপি দিয়া অতিৰিক্ত আৰ্থিক বোজাৰ বিৰুদ্ধেহে। তেওঁলোকৰ দাবী হ’ল UPI ব্যৱস্থাক পূৰ্বৰ দৰেই ‘শূন্য এম.ডি.আৰ.’ (Zero MDR) কাঠামোৰ অধীনত ৰাখিব লাগে।
(উল্লেখ্য যে, ১৫ অক্টোবৰৰ পৰা কাৰ্যকৰী হ’বলগীয়া এই মাচুল কেৱল ২,০০০ টকাতকৈ অধিক বাণিজ্যিক লেনদেনৰ বাবেহে প্ৰযোজ্য হ’ব। দুজন ব্যক্তিৰ মাজত হোৱা সাধাৰণ লেনদেন (P2P) আৰু ২,০০০ টকাতকৈ কম লেনদেনৰ ওপৰত কোনো মাচুল নাথাকে।)
