মৰণক শৰণ দি শিক্ষাৰ সন্ধানত চেঙাজানৰ কণ কণ শিক্ষাৰ্থী

জোনাইৰ বৃহত্তৰ চেঙাজান অঞ্চলত আজিও দলঙৰ অভাৱত টুলুঙা নাৱেই শিক্ষাৰ্থীৰ একমাত্ৰ ভৰসা। নদী পাৰ হৈ বিদ্যালয়লৈ যোৱাৰ সময়ত দুৰ্ঘটনাৰ আশংকাই সংগী হৈ পৰিছে কণ কণ শিক্ষাৰ্থীৰ।

জোনাই বিধানসভা সমষ্টিৰ চেঙাজান গাঁও পঞ্চায়তৰ অন্তৰ্গত বৃহত্তৰ চেঙাজান অঞ্চলত আজিও যোগাযোগ ব্যৱস্থাৰ এক গুৰুতৰ সমস্যাৰ সন্মুখীন হৈ আহিছে ৰাইজ। চিয়াং লালী নদীৰ বিশাল সূতি বুৰুসূতি নৈ পাৰ হৈ বিদ্যালয়লৈ যাবলগীয়া হয় অঞ্চলটোৰ বহু শিক্ষাৰ্থীক। যাতায়াতৰ বাবে স্থায়ী দলং নথকাৰ ফলত টুলুঙা নাৱেই হৈ পৰিছে তেওঁলোকৰ একমাত্ৰ ভৰসা।

প্ৰতিদিনে নদীৰ সোঁতৰ মাজেৰে টুলুঙা নাৱত উঠি বিদ্যালয়লৈ যাত্ৰা কৰে কণ কণ শিক্ষাৰ্থীসকলে। বিশেষকৈ বাৰিষাৰ সময়ত নদীৰ জলপৃষ্ঠ বৃদ্ধি আৰু সোঁত তীব্ৰ হোৱাৰ ফলত এই যাত্ৰা অধিক বিপদসংকুল হৈ পৰে।

অঞ্চলবাসীৰ মতে, এই সমস্যাই ইতিমধ্যে কৰুণ ৰূপ ধাৰণ কৰিছে। টুলুঙা নাও দুৰ্ঘটনাত দুগৰাকী শিক্ষাৰ্থীয়ে প্ৰাণ হেৰুৱাইছে। তাৰ পাছতো আজিলৈকে সমস্যাটোৰ স্থায়ী সমাধান হোৱা নাই। বিকল্প যাতায়াত ব্যৱস্থা নথকাৰ বাবে প্ৰতিদিনে একেই বিপদৰ মাজেৰে নদী পাৰ হ’বলগীয়া হৈছে শিক্ষাৰ্থী আৰু সাধাৰণ ৰাইজে।

চেঙাজান গোৱালা, চেঙাজান কৈৱৰ্ত, ছৌৰাংশ্ৰী, ২নং চেঙাজান বগৰীবাৰী, অপ্সৰা, লম্বা চাপৰি, লম্বা মিছিং, চাকিয়া চাপৰি, গহিয়া চাপৰি, নিলখীয়া, বদলপুৰ, লম্বা মিলনকে ধৰি ১৫খনৰো অধিক গাঁৱৰ ৰাইজে এই নদীপথৰ ওপৰতে নিৰ্ভৰ কৰি আহিছে।

কেৱল বিদ্যালয়লৈ যোৱা শিক্ষাৰ্থীয়েই নহয়, অসুস্থ ৰোগী, গৰ্ভৱতী মহিলা, ব্যৱসায়ী আৰু সাধাৰণ লোকেও দৈনন্দিন প্ৰয়োজনত এই বিপদসংকুল পথ ব্যৱহাৰ কৰিবলগীয়া হয়। বাৰিষাৰ সময়ত নদীৰ সোঁত বৃদ্ধি পালে বহু গাঁৱৰ সৈতে যোগাযোগ ব্যৱস্থা ব্যাহত হোৱাৰ অভিযোগো উত্থাপন হৈছে।

স্থানীয় ৰাইজে দীৰ্ঘদিন ধৰি এখন স্থায়ী দলং নিৰ্মাণৰ লগতে চৰকাৰী নাওৰ ব্যৱস্থা কৰাৰ দাবী জনাই আহিছে। বিধায়ক, সাংসদ, অন্যান্য জনপ্ৰতিনিধি, চৰকাৰ আৰু জিলা প্ৰশাসনৰ ওচৰত একাধিকবাৰ আবেদন-নিবেদন কৰাৰ পাছতো সমস্যাটোৰ স্থায়ী সমাধান নোহোৱাৰ অভিযোগ অঞ্চলবাসীৰ।

ৰাইজৰ অভিযোগ, নিৰ্বাচনৰ সময়ত অঞ্চলটোৰ যোগাযোগ সমস্যাৰ সমাধানৰ প্ৰতিশ্ৰুতি দিয়া হয় যদিও নিৰ্বাচনৰ পাছত সেই প্ৰতিশ্ৰুতি বাস্তৱায়নৰ ক্ষেত্ৰত বিশেষ অগ্ৰগতি দেখা নাযায়।

এতিয়া অঞ্চলবাসীৰ প্ৰশ্ন—আৰু কিমান দিনলৈ টুলুঙা নাৱত জীৱনক বিপদত পেলাই বিদ্যালয়লৈ যাব লাগিব কণ কণ শিক্ষাৰ্থীয়ে? দুগৰাকী শিক্ষাৰ্থীৰ প্ৰাণহানিৰ পাছতো কিয় আজিলৈকে নিৰাপদ যাতায়াতৰ স্থায়ী ব্যৱস্থা নহ’ল?

চেঙাজানৰ এই পৰিস্থিতিয়ে কেৱল এটা অঞ্চলৰ যোগাযোগ সমস্যাই নহয়, গ্ৰামাঞ্চলৰ শিশুৰ নিৰাপদ শিক্ষাৰ অধিকাৰ আৰু মৌলিক যাতায়াত ব্যৱস্থাৰ প্ৰতি থকা প্ৰয়োজনীয়তাকো পুনৰবাৰ সন্মুখলৈ আনিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

যুৱ শক্তিৰ জয়গান

✒️ হীৰেন শৰ্মা সময় সলনি হৈছে। উন্নত প্ৰযুক্তিৰ হাতে হাত...

নেপালত হিমস্খলনৰ ভয়ংকৰ তাণ্ডৱ! ৪ জনৰ মৃত্যু, সন্ধানহীন ১২জন

নেপালৰ উত্তৰ-মধ্যাঞ্চলৰ ৭,১২৬ মিটাৰ উচ্চতাৰ মাউণ্ট হিমলুংত ভয়ংকৰ হিমস্খলনত...

ৰেংকিঙৰ জোৰত এছিয়ান গেমছৰ ছেমিফাইনেলত ভাৰত

এটা বলো নোহোৱাকৈয়ে এছিয়ান গেমছ ২০২৬ৰ ক্ৰিকেটৰ কোৱাৰ্টাৰ ফাইনেলৰ...