স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে বগীবিলৰ পৰা বাংলাদেশলৈ ৰপ্তানি হ’ব নামৰূপত উৎপাদিত মিথানল
ডিব্ৰুগড়ৰ বগীবিলৰ পৰা বাংলাদেশলৈ মিথানল পৰিবহণৰ জৰিয়তে পুনৰ সজীৱ হ’ব ব্ৰহ্মপুত্ৰৰ জলপথেৰে আন্তঃৰাষ্ট্ৰীয় বাণিজ্য। স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে বগীবিল ইনলেণ্ড ৱাটাৰ ট্ৰেন্সপ’ৰ্ট টাৰ্মিনেলৰ পৰা বিদেশলৈ মালবাহী জাহাজ চলাচলৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে।
নামৰূপৰ Assam Petro-Chemicals Limited (APCL)-ত উৎপাদিত মিথানল বাংলাদেশৰ ঢাকালৈ জলপথেৰে প্ৰেৰণ কৰা হ’ব। এই উদ্দেশ্যে দুখন মালবাহী জাহাজ সাজু কৰা হৈছে। প্ৰতিখন জাহাজত ২৭টা কণ্টেইনাৰ থাকিব আৰু প্ৰতিটো কণ্টেইনাৰত ২০ টনকৈ মিথানল কঢ়িওৱা হ’ব। ফলত প্ৰতিখন জাহাজে ৫৪০ টন আৰু দুখন জাহাজে মুঠ ১,০৮০ টন মিথানল পৰিবহণ কৰিব।

বগীবিলৰ পৰা বাংলাদেশ সীমান্তলৈ প্ৰায় ৭৮৩ কিলোমিটাৰ জলপথ অতিক্ৰম কৰিবলৈ জাহাজ দুখনৰ প্ৰায় সাত দিন সময় লাগিব বুলি আশা কৰা হৈছে।
ইতিমধ্যে বগীবিল ইনলেণ্ড ৱাটাৰ ট্ৰেন্সপ’ৰ্ট টাৰ্মিনেল বাণিজ্যিক মাল পৰিবহণৰ বাবে সাজু কৰা হৈছে। টাৰ্মিনেলত কাষ্টমছ সুবিধা, জেটী আৰু গুদামৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ লগতে লাইটহাউছ আৰু Regional Centre of Excellence নিৰ্মাণৰ কামো চলি আছে।
এই জলপথ বাণিজ্যিকভাৱে সম্পূৰ্ণ কাৰ্যক্ষম হ’লে BCPL-ৰ উৎপাদিত সামগ্ৰী, পেট্ৰ’লিয়ামজাত সামগ্ৰী, কয়লা আৰু চাহ উদ্যোগৰ সামগ্ৰী আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ পৰিবহণৰ সুযোগ বৃদ্ধি পাব। একেদৰে অসমৰ নেমু, ভূত জলকীয়া আৰু গোলমৰৰ দৰে কৃষিজাত সামগ্ৰীও বিদেশৰ বজাৰলৈ ৰপ্তানিৰ নতুন পথ মুকলি হ’ব পাৰে।
ব্ৰিটিছ শাসনকালত ডিব্ৰুগড় ব্ৰহ্মপুত্ৰৰ জলপথেৰে বাণিজ্যৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ আছিল। ইষ্ট ইণ্ডিয়া কোম্পানীৰ মালবাহী জাহাজে এই জলপথেৰে দেশ-বিদেশলৈ সামগ্ৰী পৰিবহণ কৰিছিল। প্ৰায় আঠ দশকৰ পাছত বগীবিলৰ নতুন টাৰ্মিনেলৰ জৰিয়তে পুনৰ সেই জলপথ বাণিজ্যৰ অধ্যায় আৰম্ভ হ’বলৈ আগবাঢ়িছে।
APCLৰ অধ্যক্ষ বিকুল ডেকাৰ মতে, অসম চৰকাৰৰ Inland Water Transport Department-ৰ প্ৰায় ৩০ বছৰ ধৰি অব্যৱহৃত হৈ থকা দুখন জাহাজ APCL-এ লীজত লৈ গুৱাহাটীৰ পাণ্ডু ঘাটত মেৰামতি কৰিছিল। পৰৱৰ্তী সময়ত নামৰূপত উৎপাদিত মিথানল বগীবিলৰ পৰা ঢাকালৈ ৰপ্তানিৰ পৰিকল্পনা গ্ৰহণ কৰা হয়।
এই উদ্যোগে ভৱিষ্যতে ব্ৰহ্মপুত্ৰৰ জলপথেৰে কম খৰচত সামগ্ৰী পৰিবহণ আৰু আমদানি-ৰপ্তানি বাণিজ্য সম্প্ৰসাৰণৰ নতুন সম্ভাৱনা সৃষ্টি কৰিব বুলি আশা কৰা হৈছে।
