“AI যিমানেই গুৰুত্বপূৰ্ণ নহওক, মগজুটো আপোনাৰ। AIক কেনেকৈ ব্যৱহাৰ কৰিব সেই সিদ্ধান্ত আপুনিয়েই ল’ব লাগিব”প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ চতুৰ্থ প্ৰতিষ্ঠা দিৱসত জেনেৰেল উপেন্দ্ৰ দ্বিবেদী

মহানগৰীৰ চন্দ্ৰপুৰৰ হাজংবৰীত অৱস্থিত প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ চতুৰ্থ প্ৰতিষ্ঠা দিৱস উপলক্ষে গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ভাৰতীয় সেনাৰ অৱসৰপ্ৰাপ্ত সেনাধ্যক্ষ জেনেৰেল উপেন্দ্ৰ দ্বিবেদী।

বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত অনুষ্ঠানত জেনেৰেল দ্বিবেদীয়ে ‘অপাৰেচন সিন্দূৰ’ৰ লগতে ভাৰতীয় সেনাৰ বিভিন্ন বিষয় সন্দৰ্ভতো বক্তব্য আগবঢ়ায়। বিশ্বৰ যিকোনো প্ৰান্ততে ভাৰতীয় সেনা বা সেনা বিষয়াক পাকিস্তানী লোকসকলেও সন্মান কৰে বুলি তেওঁ উল্লেখ কৰে।

অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলক কৃত্ৰিম বুদ্ধিমত্তা (AI)ৰ বিষয়ে অধ্যয়ন কৰাৰ লগতে দৈনন্দিন জীৱনত AIক সহায়ক হিচাপে ব্যৱহাৰ কৰিবলৈ আহ্বান জনায় জেনেৰেল দ্বিবেদীয়ে। তেওঁ কয়, “AI যিমানেই মহত্বপূৰ্ণ নহওক, মগজুটো আপোনাৰ। AIক কেনেকৈ ব্যৱহাৰ কৰিব সেই সিদ্ধান্ত আপুনিয়েই ল’ব লাগিব।”

ChatGPT, Geminiৰ দৰে AI সঁজুলিৰ সৈতে কাম কৰাৰ আহ্বান জনাই তেওঁ আত্মনিৰ্ভৰ হৈ থকাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। ভাৰতীয় সেনাকো AIৰ সহায়ৰ প্ৰয়োজন আছে আৰু ভৱিষ্যতে ইয়াৰ প্ৰয়োজন আৰু বৃদ্ধি পাব বুলি তেওঁ উল্লেখ কৰে।

ইফালে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ বিশ্বাসৰ প্ৰশংসা কৰি জেনেৰেল দ্বিবেদীয়ে কয় যে এই বিশ্বাসৰ বাবেই ভাৰতীয় সেনাই সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। পূৰ্বতে মিছাইল আৰু ড্ৰোণ নিৰ্মাণত বছৰ বছৰ সময় লাগিছিল যদিও বৰ্তমান দ্ৰুতগতিত এনে প্ৰযুক্তি বিকাশ সম্ভৱ হৈছে বুলি তেওঁ উল্লেখ কৰে।

“জ্ঞানৰ সৈতে আত্মনিৰ্ভৰ হ’লেহে নিজৰ সৈতে সমতা থাকিব”—এই মন্তব্যৰে ছাত্ৰ-ছাত্ৰীসকলক জ্ঞান, প্ৰযুক্তি আৰু আত্মনিৰ্ভৰশীলতাৰ ওপৰত গুৰুত্ব দিবলৈ আহ্বান জনায় জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বিশ্বৰ ৬নম্বৰ খেলুৱৈক হৰুৱাই ইতিহাস অনাহত সিঙৰ, এছিয়ান গেমছৰ ফাইনেলত প্ৰৱেশ

এছিয়ান গেমছ ২০২৬ত ভাৰতীয় স্কোৱাছ খেলুৱৈ অনাহত সিঙে দেখুৱালে...

২০২৭ৰ ODI বিশ্বকাপেই ভাৰতৰ হৈ শেষ বিশ্বকাপ হ’ব: বিৰাট কোহলী

২০২৭ৰ ODI বিশ্বকাপেই ভাৰতৰ হৈ তেওঁৰ অন্তিম বিশ্বকাপ হ’ব...

অসমৰ চিকিৎসা ক্ষেত্ৰত নতুন ইতিহাস; GMCHত প্ৰথমবাৰৰ বাবে সফলতাৰে সম্পন্ন ৰবটিক কাৰ্ডিয়াক ছাৰ্জাৰী

অসমত প্ৰথমবাৰৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতালত (GMCH) সফলতাৰে...

পৰ্যটকৰ বাবে সুখবৰ, ২ অক্টোবৰৰ পৰা পুনৰ মুকলি মানাহ

অহা ২ অক্টোবৰ ২০২৬ৰ পৰা পুনৰ মুকলি হ’ব মানাহ...