অসমৰ চিকিৎসা ক্ষেত্ৰত নতুন ইতিহাস; GMCHত প্ৰথমবাৰৰ বাবে সফলতাৰে সম্পন্ন ৰবটিক কাৰ্ডিয়াক ছাৰ্জাৰী

অসমত প্ৰথমবাৰৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতালত (GMCH) সফলতাৰে সম্পন্ন কৰা হৈছে ৰবটিক কাৰ্ডিয়াক ছাৰ্জাৰী। শুকুৰবাৰে একেদিনাই দুগৰাকী ৰোগীৰ ৰবটিক পদ্ধতিৰে হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰা হয়।

ডাঃ ঋত্বিক ভূঞাৰ নেতৃত্বত চিকিৎসকৰ এটা বিশেষজ্ঞ দলে এই অস্ত্ৰোপচাৰ সম্পন্ন কৰে। ৰবটিক ছাৰ্জাৰীৰ জৰিয়তে অস্ত্ৰোপচাৰৰ সময়ত ৰোগীৰ কষ্ট কমোৱাৰ লগতে তুলনামূলকভাৱে সোনকালে আৰোগ্য লাভ কৰাত সহায় কৰে বুলি চিকিৎসা মহলে জানিবলৈ দিয়ে।

ইয়াৰ পিছতে শনিবাৰৰ পৰা GMCHত ৰবটিক কাৰ্ডিয়াক ছাৰ্জাৰী বিষয়ক এক বিশেষ কৰ্মশালা আৰম্ভ হৈছে। এই কৰ্মশালাখন আনুষ্ঠানিকভাৱে মুকলি কৰে অসমৰ স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে।

অসমৰ স্বাস্থ্যখণ্ডত ৰবটিক কাৰ্ডিয়াক ছাৰ্জাৰীৰ এই আৰম্ভণিয়ে আধুনিক চিকিৎসা ব্যৱস্থাৰ ক্ষেত্ৰত এক নতুন অধ্যায়ৰ সূচনা কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২০২৭ৰ ODI বিশ্বকাপেই ভাৰতৰ হৈ শেষ বিশ্বকাপ হ’ব: বিৰাট কোহলী

২০২৭ৰ ODI বিশ্বকাপেই ভাৰতৰ হৈ তেওঁৰ অন্তিম বিশ্বকাপ হ’ব...

পৰ্যটকৰ বাবে সুখবৰ, ২ অক্টোবৰৰ পৰা পুনৰ মুকলি মানাহ

অহা ২ অক্টোবৰ ২০২৬ৰ পৰা পুনৰ মুকলি হ’ব মানাহ...