পৰ্যটকৰ বাবে সুখবৰ, ২ অক্টোবৰৰ পৰা পুনৰ মুকলি মানাহ

অহা ২ অক্টোবৰ ২০২৬ৰ পৰা পুনৰ মুকলি হ’ব মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু টাইগাৰ ৰিজাৰ্ভ। পৰ্যটকৰ সুৰক্ষা আৰু বন্যপ্ৰাণী সংৰক্ষণৰ স্বাৰ্থত সপ্তাহৰ একো একোটা দিনত বিভিন্ন ৰেঞ্জ বন্ধ থাকিব।

বাৰিষাৰ সময়ছোৱাৰ বাবে বন্ধ হৈ থকা মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু টাইগাৰ ৰিজাৰ্ভৰ পৰ্যটন ২০২৬-২৭ বৰ্ষৰ বাবে পুনৰ আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বিভাগীয় কৰ্তৃপক্ষই।

অৱশ্যে পৰ্যটকৰ সুৰক্ষা আৰু বন্যপ্ৰাণী সংৰক্ষণৰ স্বাৰ্থত সপ্তাহৰ একো একোটা দিনত বিভিন্ন ৰেঞ্জ বন্ধ থাকিব ৰাষ্ট্ৰীয় উদ্যানখন।

ভূঞাপাৰা ৰেঞ্জ বন্ধ থাকিব—প্ৰতি বৃহস্পতিবাৰে,
বাহবাৰী ৰেঞ্জ—প্ৰতি মঙলবাৰে,
কাহিতামা বিট—প্ৰতি সোমবাৰে,
পানবাৰী ৰেঞ্জ—প্ৰতি শুকুৰবাৰে
আৰু কুকলুং ৰেঞ্জ—প্ৰতি বুধবাৰে বন্ধ থাকিব।

সেয়ে মানাহ ভ্ৰমণৰ পৰিকল্পনা কৰা পৰ্যটকে বিভাগীয় নিৰ্দেশনা অনুসৰি দিন নিৰ্ধাৰণ কৰি ভ্ৰমণ কৰিব পাৰিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২০২৭ৰ ODI বিশ্বকাপেই ভাৰতৰ হৈ শেষ বিশ্বকাপ হ’ব: বিৰাট কোহলী

২০২৭ৰ ODI বিশ্বকাপেই ভাৰতৰ হৈ তেওঁৰ অন্তিম বিশ্বকাপ হ’ব...

অসমৰ চিকিৎসা ক্ষেত্ৰত নতুন ইতিহাস; GMCHত প্ৰথমবাৰৰ বাবে সফলতাৰে সম্পন্ন ৰবটিক কাৰ্ডিয়াক ছাৰ্জাৰী

অসমত প্ৰথমবাৰৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতালত (GMCH) সফলতাৰে...

ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত পাকিস্তানক সমালোচনা; কাশ্মীৰ প্ৰসংগত পাকিস্তানক ভাৰতৰ তীব্ৰ প্ৰত্যুত্তৰ

ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে কাশ্মীৰ প্ৰসংগ...