ডি আৰ কংগোত ভয়ংকৰ বিমান দুৰ্ঘটনা; কাৰিকৰী বিজুতিয়ে প্ৰাণ ল’লে ১৪ জনৰ

ডেম’ক্ৰেটিক ৰিপাব্লিক অৱ কংগোত (ডি আৰ কংগো) সংঘটিত এক ভয়ংকৰ বিমান দুৰ্ঘটনাত দুজন জ্যেষ্ঠ সামৰিক বিষয়াসহ কমেও ১৪জন লোকৰ মৃত্যু হৈছে। দেশখনৰ সামৰিক বাহিনীয়ে শুকুৰবাৰে এই তথ্য প্ৰকাশ কৰে।

দুৰ্ঘটনাত নিহত জ্যেষ্ঠ সামৰিক বিষয়াদ্বয় হৈছে সামৰিক আদালতৰ মুৰব্বী লেফটেনেণ্ট জেনেৰেল মুটোম্বো কাটালায়ি টিয়েণ্ডে আৰু সশস্ত্ৰ বাহিনীৰ অডিটৰ জেনেৰেল লেফটেনেণ্ট জেনেৰেল বাকুমি লিকুলিয়া।

সামৰিক বাহিনীৰ মুখপাত্ৰ মেজৰ জেনেৰেল এফোমি একেংগে এক বিবৃতিত কয় যে, দুজন জেনেৰেল বিষয়াৰ উপৰি প্ৰতিনিধিদলৰ ১২জন সদস্য আৰু বিমানখনৰ ক্ৰু সদস্যসকলো দুৰ্ঘটনাটোত নিহত হৈছে।

স্থানীয় বিষয়াসকলৰ মতে, বিমানখন দক্ষিণ-পশ্চিমাঞ্চলীয় কিকৱিটৰ পৰা ৰাজধানী কিনছাছালৈ উভতি আহি আছিল। বাটতে বিমানখনত কাৰিকৰী বিজুতি দেখা দিয়াৰ পিছত কেন্জে অঞ্চলত দুৰ্ঘটনাগ্ৰস্ত হয়। বিমানখনত থকা কোনো লোকেই জীৱিত নাথাকিল।

দুৰ্ঘটনাটোৰ প্ৰকৃত কাৰণ নিৰ্ণয় কৰিবলৈ তদন্ত আৰম্ভ কৰা হৈছে বুলি সামৰিক বাহিনীৰ মুখপাত্ৰগৰাকীয়ে জানিবলৈ দিয়ে। অসামৰিক বিমান পৰিবহণ কৰ্তৃপক্ষৰ পৰিচালনা সমিতিৰ অধ্যক্ষ ট্ৰাইফন কিন-কিয়ে মুলুম্বাইও দুৰ্ঘটনাটোৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই বুলি কয়।

উল্লেখ্য যে, ডি আৰ কংগোৰ পূবাঞ্চলত চৰকাৰী বাহিনীয়ে বহু বিদ্ৰোহী গোটৰ বিৰুদ্ধে সংঘৰ্ষত লিপ্ত হৈ আহিছে। ইয়াৰ ভিতৰত ৰোৱাণ্ডাৰ সমৰ্থন লাভ কৰা এম২৩ বিদ্ৰোহী গোটো আছে। যোৱা বছৰৰ পৰা বিদ্ৰোহী গোটসমূহৰ ধাৰাবাহিক আক্ৰমণৰ ফলত অঞ্চলটোৰ কেইবাখনো গুৰুত্বপূৰ্ণ চহৰ তেওঁলোকৰ নিয়ন্ত্ৰণলৈ গৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এছিয়ান গেমছত উজ্জীৱিত ভাৰত; মাৰাথন, শ্বুটিঙৰ পৰা আহিল ভাল খবৰ

জাপানত অনুষ্ঠিত এছিয়ান গেমছ ২০২৬ৰ সপ্তম দিনটোত ভাৰতীয় দললৈ...

‘অশান্ত অঞ্চল’ ; উত্তৰ-পূবৰ কোন কোন স্থানক অশান্ত অঞ্চল ঘোষণা কেন্দ্ৰৰ?

কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে সশস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) আইন,...

মেৰাপানীত প্ৰাক্তন আলফা কেডাৰৰ ঘৰত আৰক্ষীৰ অভিযান; উদ্ধাৰ বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গুলী-বাৰুদ

গোলাঘাট জিলাৰ মেৰাপানীত এগৰাকী আত্মসমৰ্পণকাৰী প্ৰাক্তন আলফা কেডাৰৰ বাসগৃহত...