এখন ব্যতিক্ৰমী বিয়া; ১২ ঘণ্টাৰ পেৰ’লত কম্বোডিয়ান কইনাৰ সৈতে গেংষ্টাৰৰ বিয়া

কাৰাগাৰত আজীৱন কাৰাদণ্ড খাটি থকা হাৰিয়ানাৰ কুখ্যাত গেংষ্টাৰ মেইনপাল ধিল্লাই ওৰফে বাদলীয়ে বিয়াৰ বাবে লাভ কৰিলে ১২ ঘণ্টাৰ পেৰ’ল। কম্বোডিয়াৰ প্ৰেমিকাক বিয়া কৰাবলৈ ধিল্লাক পুৱা ৮ বজাৰ পৰা নিশা ৮ বজালৈ ‘কাষ্টডী পেৰ’ল’ প্ৰদান কৰা হৈছে।

ঝজ্জৰৰ কাৰাগাৰৰ সমীপৰ এখন ফাৰ্মহাউছত অনুষ্ঠিত হয় বিয়াৰ অনুষ্ঠান। বিয়াৰ ৰীতি-নীতি সম্পূৰ্ণ হোৱাৰ পিছতে ধিল্লাক পুনৰ কাৰাগাৰলৈ লৈ যোৱা হ’ব।

ধিল্লাৰ হবু পত্নী মেটা চান কম্বোডিয়াৰ নাগৰিক। ২০১৮ চনত পেৰ’লত কাৰাগাৰৰ পৰা ওলাই পলাই কম্বোডিয়ালৈ যোৱাৰ পিছত ধিল্লাৰ সৈতে চানৰ পৰিচয় হৈছিল। পৰৱৰ্তী সময়ত দুয়ো একেলগে থাকিবলৈ আৰম্ভ কৰে। তেওঁলোকৰ চাৰিটা সন্তান আছে। বিয়াৰ বাবে চান তিনিটা সন্তানক লৈ ভাৰতলৈ আহিছে। চতুৰ্থ সন্তানটো কম্বোডিয়াতেই আছে।

ইফালে ধিল্লাৰ বিৰুদ্ধে হত্যা গোচৰকে ধৰি মুঠ ২২টা গোচৰ পঞ্জীয়ন হৈ আছে। ২০০৭ আৰু ২০১০ চনত ৰুজু হোৱা তিনিটা গোচৰত দোষী সাব্যস্ত হৈ তেওঁ আজীৱন কাৰাদণ্ড লাভ কৰিছিল। কাৰাগাৰত থকাৰ সময়তো এগৰাকী ব্যক্তিক হত্যা কৰাৰ অভিযোগ আছে তেওঁৰ বিৰুদ্ধে।

২০১৮ চনৰ জুলাইত ছয় সপ্তাহৰ পেৰ’ল লাভ কৰাৰ পিছত ধিল্লাই পলায়ন কৰিছিল। ভুৱা পৰিচয়ৰে ‘চনু কুমাৰ’ নাম লৈ তেওঁ কম্বোডিয়ালৈ পলাই যায়। তাত পৰিচয় সলনি কৰি ব্যৱসায় আৰম্ভ কৰে।

পিছত হাৰিয়ানা আৰক্ষীৰ অনুৰোধত CBI-এ ২০২৪ চনৰ নৱেম্বৰত ধিল্লাৰ বিৰুদ্ধে ইণ্টাৰপ’ল ৰেড নটিচ জাৰি কৰাৰ ব্যৱস্থা কৰে। কম্বোডিয়াৰ কৰ্তৃপক্ষৰ সহযোগত ২০২৫ চনৰ জুলাইত তেওঁক গ্ৰেপ্তাৰ কৰা হয় আৰু ছেপ্টেম্বৰ মাহত ভাৰতলৈ প্ৰত্যৰ্পণ কৰা হয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্যটকৰ বাবে সুখবৰ, ২ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি হ’ব মানস ৰাষ্ট্ৰীয় উদ্যান

ৰাজ্যৰ পৰ্যটনপ্ৰেমীসকলৰ বাবে সুখবৰ। বাৰিষাৰ বন্ধৰ অন্তত অহা ২...

হোজাইৰ প্ৰথমগৰাকী মহিলা বিচাৰপতি হিচাপে ইতিহাস ৰচিলে মহচিনা ইমতিয়াজ লস্কৰে

অসম জুডিচিয়েল ছাৰ্ভিচেছ (AJS) পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ হোজাই...

ডিমৌত সৰ্প দংশনত মহিলাৰ মৃত্যু

ডিমৌত সৰ্প দংশনৰ ফলত এগৰাকী মহিলাৰ মৃত্যু। মৃত মহিলাগৰাকী...