হোজাইৰ প্ৰথমগৰাকী মহিলা বিচাৰপতি হিচাপে ইতিহাস ৰচিলে মহচিনা ইমতিয়াজ লস্কৰে

অসম জুডিচিয়েল ছাৰ্ভিচেছ (AJS) পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ হোজাই জিলাৰ প্ৰথমগৰাকী মহিলা বিচাৰপতি হিচাপে ইতিহাস ৰচিলে মহচিনা ইমতিয়াজ লস্কৰে। আজমল ল কলেজৰ প্ৰাক্তন ছাত্ৰী তথা বৰ্তমানৰ শিক্ষয়িত্ৰী মহচিনাৰ এই সাফল্যই আজমল ফাউণ্ডেচনৰ শিক্ষা ক্ষেত্ৰলৈ কঢ়িয়াই আনিছে বিশেষ গৌৰৱ।

২০২৩ চনত মহচিনা ইমতিয়াজ লস্কৰে LLB পৰীক্ষাত প্ৰথম স্থান অধিকাৰ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ শীৰ্ষস্থান লাভ কৰিছিল। অধ্যৱসায়, কঠোৰ পৰিশ্ৰম আৰু মেধাৰ জৰিয়তে ধাৰাবাহিকভাৱে সাফল্য অৰ্জন কৰি অহা মহচিনাৰ AJS পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ কৃতিত্বই নৱপ্ৰজন্মৰ শিক্ষাৰ্থীসকলৰ বাবেও এক অনুপ্ৰেৰণাৰ সৃষ্টি কৰিছে।

এই ঐতিহাসিক সাফল্যৰ বাবে শুকুৰবাৰে আজমল ল কলেজ চৌহদত মহচিনা ইমতিয়াজ লস্কৰক উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰা হয়। আজমল ফাউণ্ডেচনৰ সঞ্চালক ড° খছৰুল ইছলামে তেওঁক সম্বৰ্ধনা জনাই মহচিনাৰ অধ্যৱসায়, কঠোৰ পৰিশ্ৰম আৰু মেধাৰ প্ৰশংসা কৰে।

সম্বৰ্ধনা অনুষ্ঠানত আজমল ফাউণ্ডেচনৰ মহাপ্ৰবন্ধক ড° এম আৰ এইচ আজাদ আৰু আজমল ল কলেজৰ অধ্যক্ষ ড° আক্কাছ আলী উপস্থিত থাকে। ইফালে, আজমল ফাউণ্ডেচনৰ ন্যাসৰক্ষী মৌলানা বদৰুদ্দিন আজমল আৰু ছিৰাজুদ্দিন আজমলেও মহচিনা ইমতিয়াজ লস্কৰৰ এই গৌৰৱময় সাফল্যৰ বাবে শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিমৌত সৰ্প দংশনত মহিলাৰ মৃত্যু

ডিমৌত সৰ্প দংশনৰ ফলত এগৰাকী মহিলাৰ মৃত্যু। মৃত মহিলাগৰাকী...

এচিয়ান গেমছৰ ছেমিফাইনেলত ভাৰতীয় মহিলা হকী দল

এচিয়ান গেমছ ২০২৬ৰ ছেমিফাইনেলত স্থান নিশ্চিত কৰিলে ভাৰতীয় মহিলা...

ব্ৰিটিছবিৰোধী সংগ্ৰামৰ দুই বীৰ ছহিদ পিয়লি ফুকন-জীউৰাম দুলীয়া বৰুৱাক আজি শ্ৰদ্ধাৰে স্মৰণ

ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে অসমৰ মাটিত আত্মবলিদান দিয়া পিয়লি...

খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ মাজতে ভাৰতীয় টকাৰ মূল্য এসপ্তাহৰ সৰ্বনিম্ন স্তৰলৈ

বৃহস্পতিবাৰে আমেৰিকান ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য ০.২ শতাংশ...