এচিয়ান গেমছৰ ছেমিফাইনেলত ভাৰতীয় মহিলা হকী দল

এচিয়ান গেমছ ২০২৬ৰ ছেমিফাইনেলত স্থান নিশ্চিত কৰিলে ভাৰতীয় মহিলা হকী দলে। শুকুৰবাৰে গিফু প্ৰিফেকচাৰেল গ্ৰীণ ষ্টেডিয়ামত অনুষ্ঠিত পুল ‘বি’ৰ গুৰুত্বপূৰ্ণ মেচত ভাৰতে আয়োজক জাপানক ৩-১ গ’লত পৰাস্ত কৰে।

ভাৰতৰ হৈ লালৰেমছিয়ামি (৫ মিনিট), ইশিকা চৌধুৰী (৩০ মিনিট) আৰু নৱনীত কৌৰে (৩৬ মিনিট) গ’ল কৰে। জাপানৰ হৈ ৪৬ মিনিটত এটা গ’ল পৰিশোধ কৰে শিহো কোবায়াকাৱাই।

এই জয়েৰে ভাৰতে পুল ‘বি’ত চাৰিখন মেচৰ আটাইকেইখনতে জয়লাভ কৰি ১২ পইণ্টেৰে শীৰ্ষস্থান দখল কৰিছে। ইয়াৰ লগে লগে দলটোৰ শীৰ্ষ দুটাত স্থান নিশ্চিত হোৱাৰ লগতে ছেমিফাইনেলৰ টিকটোও নিশ্চিত হৈছে।

ইপিনে, জাপানে চাৰিখন মেচৰ পৰা ৯ পইণ্টেৰে পুল ‘বি’ৰ দ্বিতীয় স্থানত আছে। ভাৰতীয় মহিলা হকী দলে দেওবাৰে ছিংগাপুৰৰ বিৰুদ্ধে পুল পৰ্যায়ৰ অন্তিমখন মেচ খেলিব।

উল্লেখ্য, এচিয়ান গেমছ ২০২৬ৰ হকী প্ৰতিযোগিতাখন LA 2028 অলিম্পিকৰ যোগ্যতা অৰ্জনৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ। সোণৰ পদক বিজয়ী দলে অলিম্পিকৰ বাবে পোনপটীয়াকৈ যোগ্যতা অৰ্জন কৰিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হোজাইৰ প্ৰথমগৰাকী মহিলা বিচাৰপতি হিচাপে ইতিহাস ৰচিলে মহচিনা ইমতিয়াজ লস্কৰে

অসম জুডিচিয়েল ছাৰ্ভিচেছ (AJS) পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ হোজাই...

ডিমৌত সৰ্প দংশনত মহিলাৰ মৃত্যু

ডিমৌত সৰ্প দংশনৰ ফলত এগৰাকী মহিলাৰ মৃত্যু। মৃত মহিলাগৰাকী...

ব্ৰিটিছবিৰোধী সংগ্ৰামৰ দুই বীৰ ছহিদ পিয়লি ফুকন-জীউৰাম দুলীয়া বৰুৱাক আজি শ্ৰদ্ধাৰে স্মৰণ

ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে অসমৰ মাটিত আত্মবলিদান দিয়া পিয়লি...

খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ মাজতে ভাৰতীয় টকাৰ মূল্য এসপ্তাহৰ সৰ্বনিম্ন স্তৰলৈ

বৃহস্পতিবাৰে আমেৰিকান ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য ০.২ শতাংশ...