কিছুমান সাংবাদিকে ক্ষমতাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা হৈ চৈৰ পিছে পিছে দৌৰে; আন কিছুমানে নীৰৱে সেই হুলস্থূলৰ তলত নিজকে লুকুৱাই ৰাখি তথ্যৰ সূত্ৰ অনুসৰণ কৰে। ইণ্ডিয়ান এক্সপ্ৰেছৰ সাংবাদিক ৰিতিকা চোপ্ৰা এনে এগৰাকী সাংবাদিক যি নিৰৱ আৰু নিৰ্ভীকতাৰে সাংবাদিকতাৰ কেৰিয়াৰ গঢ়ি তুলিছে। The Indian Express-ত ভাৰতীয় নিৰ্বাচন আয়োগৰ ভূমিকা আৰু কাৰ্যপদ্ধতিক লৈ প্ৰকাশিত তেওঁৰ শেহতীয়া প্ৰতিবেদনখনে পুনৰ এবাৰ ৰাজনৈতিক আৰু সংবাদ মাধ্যমৰ পৃথিৱীত ব্যাপক আলোড়নৰ সৃষ্টি কৰিছে। দেশৰ ৰাজনৈতিক আৰু সাংবিধানিক প্ৰতিষ্ঠানসমূহক বহু বছৰ ধৰি ওচৰৰ পৰা পৰ্যবেক্ষণ কৰি অহা এগৰাকী সাংবাদিক হিচাপে চোপ্ৰাৰ কাম বৰ্তমান ব্যাপক চৰ্চাত আছে।
বিগত বছৰবোৰত তেওঁৰ কাম অনুসৰণ কৰি অহাসকলৰ বাবে এইটো আচৰিত কথা নহয়। প্ৰায় দুটা দশক ধৰি চোপ্ৰাই ৰাজনীতি, শাসনব্যৱস্থা আৰু জননীতিৰ সংযোগস্থলত সাংবাদিকতা কৰি আহিছে। তেওঁৰ প্ৰতিবেদনসমূহৰ এক উল্লেখযোগ্য বৈশিষ্ট্য হৈছে—ৰাজনৈতিকভাৱে গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব পৰা প্ৰতিষ্ঠান আৰু নীতিগত সিদ্ধান্তসমূহৰ ওপৰত গভীৰ নজৰ ৰখা।
কলকাতাত জন্মগ্ৰহণ কৰা ৰিতিকাই ২০০৬ চনত Hindustan Times-ত ইণ্টাৰ্ন হিচাপে সাংবাদিকতাৰ যাত্ৰা আৰম্ভ কৰে। ২০০৭ চনত তেওঁ দিল্লীলৈ আহে আৰু ক্ৰমে ৰাজনীতি, শাসনব্যৱস্থা, সামাজিক খণ্ডৰ বিষয় আৰু জননীতিৰ ওপৰত প্ৰতিবেদন প্ৰস্তুত কৰি সাংবাদিক হিচাপে নিজৰ স্থান সুদৃঢ় কৰে।
২০১৫ চনত The Indian Express-ত যোগদান কৰাৰ পূৰ্বে তেওঁ The Economic Times-ত কাম কৰিছিল। এই অভিজ্ঞতাসমূহে তেওঁক ৰাজনৈতিক সংবাদ সংগ্ৰহৰ লগতে চৰকাৰী সিদ্ধান্ত গ্ৰহণৰ নীতিগত আৰু অৰ্থনৈতিক দিশসমূহো বুজি উঠাৰ সুযোগ দিছিল।
সময়ৰ লগে লগে তেওঁৰ দায়িত্বও যথেষ্ট বৃদ্ধি পায়। তেওঁ National Education Editor হিচাপে আৰু পিছত Chief of the National Bureau (Government) হিচাপে দায়িত্ব পালন কৰে। এই পদসমূহে তেওঁক কেন্দ্ৰীয় চৰকাৰ আৰু ইয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ মন্ত্ৰালয় তথা প্ৰতিষ্ঠানক কেন্দ্ৰ কৰি সংবাদ সংগ্ৰহৰ এক গুৰুত্বপূৰ্ণ স্থানত অৱস্থান কৰায়।
শিক্ষা তেওঁৰ অন্যতম গুৰুত্বপূৰ্ণ সংবাদ-ক্ষেত্ৰ আছিল। তেওঁৰ প্ৰতিবেদনসমূহ কেৱল চৰকাৰী ঘোষণা বা সংবাদমেলত সীমাবদ্ধ নাছিল; বৰং চৰকাৰী নীতিসমূহ কেনেদৰে ৰূপায়ণ কৰা হৈছে আৰু তাৰ বাস্তৱিক প্ৰভাৱ কি—সেই দিশসমূহো তেওঁ গভীৰভাৱে পৰ্যবেক্ষণ কৰিছিল।
নিৰ্বাচন আয়োগক লৈ কৰা প্ৰতিবেদনো তেওঁৰ সাংবাদিকতা জীৱনৰ আন এক গুৰুত্বপূৰ্ণ ধাৰা হৈ পৰিছে। চোপ্ৰাই বহু বছৰ ধৰি এই প্ৰতিষ্ঠানটোৰ কাম-কাজ আৰু ইয়াৰ সৈতে জড়িত বিভিন্ন বিষয় অনুসৰণ কৰি আহিছে। তেওঁৰ প্ৰতিবেদনসমূহত নিৰ্বাচন আয়োগৰ কাৰ্যপদ্ধতি আৰু নিৰ্বাচনী প্ৰশাসনৰ সৈতে জড়িত বিভিন্ন বিষয় পৰ্যালোচনা কৰা হৈছে।
এই ধৰণৰ সাংবাদিকতাৰ স্বীকৃতি হিচাপে ২০২১ চনত নিৰ্বাচন আয়োগৰ অভ্যন্তৰীণ কাৰ্যপদ্ধতি পৰীক্ষা কৰা এক ধাৰাবাহিক প্ৰতিবেদনৰ বাবে তেওঁ Ramnath Goenka Excellence in Journalism Award লাভ কৰে।
২০১৮ চনত পঞ্চায়ত নিৰ্বাচনত অশিক্ষিত প্ৰাৰ্থীক প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰা বিৰত ৰখা হাৰিয়ানাৰ আইনক উচ্চতম ন্যায়ালয়ে বাহাল ৰখা সন্দৰ্ভত কৰা প্ৰতিবেদনৰ বাবে তেওঁ UNFPA-Laadli Media Award লাভ কৰে।
২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত কৰা তেওঁৰ সংবাদ-প্ৰতিবেদনৰ বাবে ২০২২ চনত তেওঁ International Press Institute’s India Award for Excellence in Journalism লাভ কৰে।
২০২৪ চনত তেওঁ সন্মানীয় Chameli Devi Jain Award for Outstanding Woman Media Person of the Year লাভ কৰে। এই বঁটাৰে চৰকাৰী নীতি-নিৰ্ধাৰণৰ বিভিন্ন ত্ৰুটি, স্বতন্ত্ৰ প্ৰতিষ্ঠানসমূহক লৈ উত্থাপিত প্ৰশ্ন আৰু ইতিহাসৰ কিছুমান দিশ পুনৰ লিখাৰ প্ৰচেষ্টাকে ধৰি বিভিন্ন বিষয়ত তেওঁৰ অনুসন্ধানমূলক সাংবাদিকতাক স্বীকৃতি দিয়া হয়।
নিৰ্বাচন আয়োগক লৈ তেওঁৰ শেহতীয়া প্ৰতিবেদনখনেও পুনৰ এবাৰ তেওঁৰ এই নিৰৱ সাংবাদিকতাক চৰ্চালৈ আনিলে। প্ৰতিবেদনখন গুৰুত্বপূৰ্ণ হোৱাৰ এটা কাৰণ হৈছে, ই এক জটিল আৰু সংবেদনশীল প্ৰতিষ্ঠানগত বিষয়ক বিশদ তথ্য আৰু ঘটনাৰ সূক্ষ্ম পৰ্যবেক্ষণৰ জৰিয়তে জনসাধাৰণৰ আলোচনাৰ মাজলৈ আনিছে। এই প্ৰতিবেদন অনুসৰি নিৰ্বাচন আয়োগৰ ভিতৰত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ আৰু দুই নিৰ্বাচন আয়ুক্ত সুখবীৰ সিং সান্ধু আৰু বিবেক যোশীৰ মাজত মতভেদ হৈছিল। বিগত ১০ মাহত দুই নিৰ্বাচন আয়ুক্তই আয়োগৰ বিভিন্ন সিদ্ধান্তক লৈ কমেও ১৪ বাৰ লিখিত আপত্তি দাখিল কৰিছে। কেতিয়াবা একেটা দিনতে চাৰিবাৰলৈকে আপত্তি দাখিল কৰা হৈছিল। এই আপত্তিসমূহৰ মূল বিষয় হৈছে নতুন ভোটাৰৰ নাম অন্তৰ্ভুক্তি, ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন, Form 6-ৰ পৰিৱৰ্তন আৰু ভোটাৰ তালিকাৰ তথ্য-প্ৰযুক্তি ব্যৱস্থাৰ কেন্দ্ৰীভূতকৰণ।
নতুন ভোটাৰৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্তিৰ বাবে ব্যৱহৃত Form 6-ত SIR-সম্পৰ্কীয় নতুন প্ৰশ্ন সংযোজন কৰা হৈছিল। আবেদনকাৰীক নিজৰ বা পিতৃ-মাতৃ, ককা-আইতাৰ নাম পূৰ্বৰ SIR-ৰ ভোটাৰ তালিকাত আছিল নে নাই, সেই বিষয়ে জনাবলৈ কোৱা হৈছিল। প্ৰতিবেদন অনুসৰি, নিৰ্বাচন আয়ুক্ত বিবেক যোশী আৰু সুখবীৰ সিং সান্ধুৱে এই পৰিৱৰ্তনৰ আইনী ভিত্তিক লৈ আপত্তি জনাইছিল। তেওঁলোকৰ মতে, নিয়ম সংশোধন নকৰাকৈ Form 6-ত এনেদৰে পৰিৱৰ্তন কৰিব নোৱাৰি।
ভোটাৰ তালিকা প্ৰস্তুত আৰু সংশোধনৰ বাবে ব্যৱহৃত ERONETৰ পিছত ECINET নামৰ নতুন ডিজিটেল ব্যৱস্থা আৰম্ভ কৰা হৈছে। কিন্তু এই ব্যৱস্থাই ভোটাৰ তালিকাৰ কাম অধিক কেন্দ্ৰীভূত কৰিছে বুলি দুই নিৰ্বাচন আয়ুক্তই আপত্তি উত্থাপন কৰা বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে। তেওঁলোকৰ মতে, তৃণমূল পৰ্যায়ৰ Electoral Registration Officer-সকলৰ ভোটাৰ তালিকাত প্ৰয়োজনীয় প্ৰৱেশাধিকাৰ সীমিত হোৱাৰ আশংকা আছে। বিষয়টো লৈ দুই আয়ুক্তই কেবিনেট সচিবলৈও লিখা বুলি The Indian Expressএ প্ৰকাশ কৰিছে।
গোৱাত ছফটৱেৰ-সম্পৰ্কীয় সমস্যাৰ ফলত ৯৭ গৰাকী যোগ্য ভোটাৰৰ নাম চূড়ান্ত ভোটাৰ তালিকাত অন্তৰ্ভুক্ত নহ’ল বুলি আন এক অনুসন্ধানত প্ৰকাশ পাইছে। প্ৰতিবেদন অনুসৰি, সংশ্লিষ্ট Electoral Registration Officer-এ নথি পৰীক্ষা কৰি এই ৯৭ গৰাকী লোকক ভোটাৰ হিচাপে যোগ্য বুলি বিবেচনা কৰিছিল। কিন্তু সেই সিদ্ধান্ত ছফটৱেৰত কাৰ্যকৰী কৰিব পৰা নগ’ল।
পশ্চিমবংগত SIRৰ সময়ত ভোটাৰ তালিকাৰ পৰা নাম বাদ দিয়াৰ বিষয়েও প্ৰশ্ন উত্থাপন হৈছে। উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপৰ পিছত নাম কৰ্তন আৰু পুনৰ অন্তৰ্ভুক্তিৰ সৈতে জড়িত বিষয়সমূহ ন্যায়িক প্ৰক্ৰিয়ালৈ যায়। এই প্ৰক্ৰিয়াত নিৰ্বাচন আয়োগৰ হৈ কোনে আপীল দাখিল কৰিছিল আৰু সেই অনুমতি কোনে দিছিল, সেই বিষয়ত নিৰ্বাচন আয়ুক্ত সুখবীৰ সিং সান্ধুৱে প্ৰশ্ন উত্থাপন কৰা বুলি প্ৰতিবেদনত কোৱা হৈছে।
সংবিধানৰ ৩২৪ নং অনুচ্ছেদৰ অধীনত নিৰ্বাচন আয়োগ এটা সাংবিধানিক সংস্থা। বৰ্তমানৰ আয়োগত মুখ্য নিৰ্বাচন আয়ুক্তৰ সৈতে দুই নিৰ্বাচন আয়ুক্ত আছে। ৰিতিকা চোপ্ৰাৰ অনুসন্ধান অনুসৰি, সান্ধু আৰু যোশীয়ে কিছুমান সিদ্ধান্ত তেওঁলোকৰ জ্ঞাতসাৰে বা অনুমোদনেৰে হোৱা নাই বুলি লিখিত আপত্তি জনাইছে। ২০২৩ চনৰ আইন অনুসৰি আয়োগৰ কাম-কাজ সাধাৰণতে সৰ্বসন্মতভাৱে চলোৱাৰ কথা আৰু মতভেদ হ’লে সংখ্যাগৰিষ্ঠ মতামতৰ ভিত্তিত সিদ্ধান্ত লোৱাৰ ব্যৱস্থা আছে।
এই সকলোবোৰ তথ্যৰে প্ৰতিবেদন প্ৰস্তুত কৰি The Indian Expressৰ সাংবাদিক ৰিতিকা চোপ্ৰা বৰ্তমান চৰ্চাত আছে। ৰাজনীতি, শাসনব্যৱস্থা, শিক্ষা আৰু জননীতিৰ ওপৰত দীৰ্ঘদিন ধৰি সাংবাদিকতা কৰি অহা চোপ্ৰাই নিৰ্বাচন আয়োগৰ কাম-কাজো ওচৰৰ পৰা অনুসৰণ কৰি আহিছে। শান্ত স্বভাৱ, তথ্যৰ প্ৰতি নিষ্ঠা আৰু নিৰন্তৰ অনুসন্ধানৰ জৰিয়তে গঢ় লৈ উঠা সাংবাদিকতাৰ শক্তি কিমান গভীৰ হ’ব পাৰে ৰিতিকা তাৰে জলন্ত উদাহৰণ।
