দিল্লীৰ ৰাজপথত উবেৰ চলাইছিল ছলমান খানে। আজি এছিয়ান গেমছৰ মঞ্চত ভাৰতৰ হৈ ব্ৰঞ্জৰ পদক জয় কৰি ৰচনা কৰিলে নতুন অধ্যায়ৰ

এছিয়ান গেমছ-২০২৬ত পুৰুষৰ ডাবল স্কালছ ইভেণ্টত শতনাম সিঙৰ সৈতে যুটী বান্ধি ব্ৰঞ্জৰ পদক অৰ্জন কৰে উত্তৰ প্ৰদেশৰ আমেথিৰ ছলমান খানে। ভাৰতীয় যুটিটোৱে ৬:১৩.২৫ মিনিট সময় লৈ ইভেণ্টটোত তৃতীয় স্থান দখল কৰে। এই শাখাত এয়া এছিয়ান গেমছৰ ইতিহাসত ভাৰতৰ প্ৰথমটো পদক।

কিন্তু ছলমানৰ এই সফলতাৰ আঁৰত আছে কঠিন সংগ্ৰাম আৰু অধ্যৱসায়ৰ কাহিনী।

উত্তৰ প্ৰদেশৰ আমেথি জিলাৰত জন্মগ্ৰহণ কৰা ছলমান ছয় ভাই-ভনীৰ ভিতৰত জ্যেষ্ঠ। তেওঁৰ পিতৃ মহম্মদ কাছিম খানে হাৰিয়ানাৰ তাউৰুত ট্ৰাকৰ বডী নিৰ্মাণৰ কাম কৰিছিল। ছলমানৰ বয়স মাত্ৰ ১৮ বছৰ হওঁতেই ডেংগুত আক্ৰান্ত হৈ পিতৃৰ মৃত্যু হয়।

পিতৃৰ মৃত্যুৰ পিছত পৰিয়ালৰ দায়িত্ব আহি পৰে ছলমানৰ কান্ধত। ভাৰতীয় সেনাত যোগদান কৰাৰ সপোন সাময়িকভাৱে আঁতৰাই তেওঁ দিল্লীলৈ আহি উবেৰ কেব চলাবলৈ আৰম্ভ কৰে। দিন-ৰাতি কষ্ট কৰি উপাৰ্জন কৰি তেওঁ কনিষ্ঠ ভাতৃ-ভগ্নীসকলক সহায় কৰিছিল।

কিন্তু সেনাত যোগদানৰ সপোনটো তেওঁ এৰি নিদিলে। এগৰাকী বন্ধুৱে ছলমানৰ উচ্চতা আৰু শাৰীৰিক গঠনৰ প্ৰতি লক্ষ্য ৰাখি তেওঁক সেনাত যোগদানৰ বাবে চেষ্টা কৰিবলৈ উৎসাহিত কৰে। উবেৰখন আন এজন চালকৰ হাতত দি ছলমানে প্ৰায় চাৰি মাহ ধৰি সেনাৰ নিযুক্তিৰ বাবে প্ৰস্তুতি চলায়।

অৱশেষত নিযুক্তি ৰেলী, মেডিকেল আৰু লিখিত পৰীক্ষাত সফল হৈ ২০১৮ চনৰ ২৫ ছেপ্টেম্বৰত পুনেৰ Bombay Engineer Groupত যোগদান কৰে ছলমানে।

সেনাত যোগদান কৰাৰ পিছতেই আৰম্ভ হয় তেওঁৰ ৰ’ৱিং যাত্ৰা। প্ৰশিক্ষক সত্যৱান, সতীশ ছিৰাট আৰু প্ৰভাত মিশ্ৰই তেওঁৰ শাৰীৰিক সক্ষমতা লক্ষ্য কৰি ৰ’ৱিং চেষ্টা কৰিবলৈ উৎসাহিত কৰে। আৰম্ভণিতে খেলবিধৰ প্ৰতি বিশেষ আগ্ৰহ নাছিল যদিও প্ৰশিক্ষকসকলৰ উৎসাহত তেওঁ নাওত উঠিবলৈ আৰম্ভ কৰে।

প্ৰথমখন Inter-Centre Regattaতে ৰূপৰ পদক জয় কৰি ছলমানে আত্মবিশ্বাস লাভ কৰে। পৰৱৰ্তী সময়ত বেটেলিয়ন আৰু Inter-Centre প্ৰতিযোগিতাতো পদক অৰ্জন কৰে। ২০২১ চনত ergometerৰ নিৰ্ধাৰিত মানদণ্ড পূৰণ কৰি তেওঁ পুনেৰ CMEত Army Rowing Nodeৰ বাবে নিৰ্বাচিত হয়।

আৰু সেই যাত্ৰাৰেই পৰিণতি হিচাপে আজি এছিয়ান গেমছৰ মঞ্চত ভাৰতৰ হৈ ব্ৰঞ্জৰ পদক জয় কৰিলে ছলমান খানে।

এদিন পৰিয়াল চলাবলৈ দিল্লীৰ ৰাজপথত কেব চলোৱা যুৱকজন আজি এছিয়াৰ ক্ৰীড়া মঞ্চত ভাৰতৰ পদকজয়ী ৰ’ৱাৰ—ছলমান খানৰ এই যাত্ৰাই কঠোৰ পৰিশ্ৰম আৰু সুযোগে জীৱন সলনি কৰিব পাৰে বুলি পুনৰ প্ৰমাণ কৰিলে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইটানগৰত ANSUৰ বন্ধত হিংসাত্মক পৰিস্থিতি; ৰাজপথত গাড়ী জ্বলাই প্ৰতিবাদ

শিক্ষা-সম্পৰ্কীয় কেইবাটাও দাবীক লৈ All Nyishi Students’ Union (ANSU)-এ...

মালিকে ১০ হাজাৰ টকা দৰমহা নিদিয়াৰ বাবে কৰ্মচাৰীয়ে জ্বলালে ২৪ কোটি টকাৰ সামগ্ৰী

মালিক-কৰ্মচাৰীৰ মাজৰ ১০ হাজাৰ টকাৰ দৰমহাৰ বিবাদে যে ইমান...

নীৰৱ সাংবাদিকতাৰ শক্তি; নিৰ্বাচন আয়োগৰ ভিতৰুৱা খবৰ অনুসন্ধান কৰি চৰ্চাত এগৰাকী সাংবাদিক

কিছুমান সাংবাদিকে ক্ষমতাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা হৈ চৈৰ...

এছিয়ান গেমছৰ ডাবল স্কালছত ভাৰতৰ ঐতিহাসিক ব্ৰঞ্জ

এছিয়ান গেমছ-২০২৬ত ৰ’ৱিঙত ইতিহাস ৰচনা কৰিলে ভাৰতৰ শতনাম সিং...