এছিয়ান গেমছ-২০২৬ত ৰ’ৱিঙত ইতিহাস ৰচনা কৰিলে ভাৰতৰ শতনাম সিং আৰু ছলমান খানে। পুৰুষৰ ডাবল স্কালছ ইভেণ্টত ভাৰতীয় যুটিটোৱে ব্ৰঞ্জৰ পদক অৰ্জন কৰে।
জাপানৰ নাগয়াৰ নাগাৰাগাৱা আন্তঃৰাষ্ট্ৰীয় ৰেগাটা ক’ৰ্ছত অনুষ্ঠিত ফাইনেলত শতনাম আৰু ছলমানে ৬:১৩.২৫ মিনিট সময় লৈ তৃতীয় স্থান দখল কৰে। দৌৰৰ প্ৰথম ১৫০০ মিটাৰলৈকে ভাৰতীয় যুটিটো দ্বিতীয় স্থানত আছিল যদিও অন্তিম ৫০০ মিটাৰত কিছু পিছপৰি ব্ৰঞ্জতে সন্তুষ্ট হয়।
এই সাফল্য বিশেষ তাৎপৰ্যপূৰ্ণ, কিয়নো এছিয়ান গেমছৰ ইতিহাসত পুৰুষৰ ডাবল স্কালছ শাখাত এয়া ভাৰতৰ প্ৰথমটো পদক। পূৰ্বৰ এছিয়ান গেমছত এই ইভেণ্টত ভাৰত ষষ্ঠ স্থানত আছিল।
ইভেণ্টটোত চীনৰ য়ি ছুডি আৰু য়িডে নিয়ে ৬:০৯.৩৭ মিনিট সময় লৈ স্বৰ্ণ পদক লাভ কৰে। উজবেকিস্তানৰ পাভেল ছ’ৰিন আৰু মেখৰোজবেক মামাটকুলোভে ৬:১০.৪৯ মিনিটেৰে ৰূপৰ পদক অৰ্জন কৰে। স্বৰ্ণ বিজয়ী দলটোৰ পৰা ভাৰতীয় যুটিটো মাত্ৰ ৩.৪৮ ছেকেণ্ড পিছত আছিল।
উল্লেখ্য যে শতনাম সিঙে হাংঝৌ এছিয়ান গেমছতো কোৱাড্ৰাপল স্কালছত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। আনহাতে, ভাৰতীয় সেনাৰ সৈতে জড়িত উত্তৰ প্ৰদেশৰ ছলমান খানৰ এয়া প্ৰথমটো এছিয়ান গেমছ পদক।
বিশেষভাৱে উল্লেখযোগ্য যে প্ৰতিযোগিতা আৰম্ভ হোৱাৰ মাত্ৰ তিনিদিন পূৰ্বে শতনাম আৰু ছলমানক কোৱাড্ৰাপল স্কালছৰ পৰা ডাবল স্কালছ ইভেণ্টলৈ স্থানান্তৰ কৰা হৈছিল।
এই ব্ৰঞ্জৰ পদকৰ সৈতে এছিয়ান গেমছ-২০২৬ত ভাৰতৰ মুঠ পদকৰ সংখ্যা ১৪টালৈ বৃদ্ধি পালে।
