মই মাত্ৰ দুটা বেয়া শব্দহে লিখিছিলোঁ। এনেকুৱা কমেণ্ট বহুতেই কৰিছে, কিন্তু মোকহে গ্ৰেপ্তাৰ কৰিলে।
মুখ্যমন্ত্ৰী আৰু পত্নী ৰিণিকি ভূঞা শৰ্মাক অশ্লীল মন্তব্য কৰি এতিয়া ভুল স্বীকাৰ যুৱকৰ। ‘সদৌ অসম বিজেপি’ৰ ওচৰত ক্ষমা প্ৰাৰ্থনা, ভৱিষ্যতে এনে কাম নকৰাৰ প্ৰতিশ্ৰুতি।

ভুলক্ৰমে হৈ গ’ল ! কি কম আৰু… আৱেগ হৈ গ’ল। আৱেগতে কমেণ্টটো লিখি পেলালোঁ, কিন্তু দিবলৈ গৈছিলোঁ বেলেগত, দি পেলালোঁ বেলেগত! পিছতহে গম পালোঁ ভুলৰ কথা। এতিয়া ভুল স্বীকাৰ কৰি ক্ষমা বিচাৰিছে ছিপাঝাৰৰ যুৱক জিন্টুমণি বৈশ্যই।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পত্নী ৰিণিকি ভূঞা শৰ্মাক উদ্দেশ্যি সামাজিক মাধ্যমত অশ্লীল মন্তব্য কৰি এতিয়া বিপাঙত পৰিছে ছিপাঝাৰৰ খটৰাৰ যুৱকজন। অভিযোগ অনুসৰি, কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰীৰ অফিচিয়েল ফেচবুক পেজৰ এটা পোষ্টত ‘জিন্টুমণি সাউদ’ নামৰ একাউণ্টৰ জৰিয়তে আপত্তিজনক মন্তব্য কৰিছিল তেওঁ।
সামাজিক মাধ্যমত মন্তব্যটো ভাইৰেল হোৱাৰ পিছতে আৰক্ষীয়ে অভিযান চলাই জিন্টুমণি বৈশ্যক আটক কৰে। বৰ্তমান তেওঁ বুঢ়া আৰক্ষী থানাৰ জিম্মাত আছে। আৰক্ষী সূত্ৰে জানিব পৰা মতে, সোধা-পোছাৰ সময়ত যুৱকজনে নিজৰ দোষ স্বীকাৰ কৰিছে।
ইফালে, নিজৰ ভুলৰ কথা স্বীকাৰ কৰি জিন্টুমণিয়ে কয়—
“ভুলক্ৰমে হৈ গ’ল… কি কম আৰু! আৱেগ হৈ গ’ল। আৱেগৰ বশৱৰ্তী হৈ কমেণ্টটো লিখি পেলালোঁ। কমেণ্ট বহুতৰে আছিল, সেইবোৰ দেখি মইয়ো মোৰটো লিখি দিলোঁ। কিন্তু কমেণ্টটো দিব লাগিছিল বেলেগত, দি পেলালোঁ বেলেগত। পিছতহে গম পালোঁ।”
নিজৰ ভুলৰ বাবে সদৌ অসম বিজেপিৰ ওচৰত ক্ষমা বিচাৰি জিন্টুমণিয়ে ভৱিষ্যতে এনে কাম নকৰাৰ প্ৰতিশ্ৰুতি দিয়ে। তেওঁ কয় যে ৰাজনীতিৰ মেৰপাকত সোমাই পৰাৰ কোনো উদ্দেশ্য তেওঁৰ নাছিল।
কিন্তু ৰাজনীতিৰ প্ৰসংগ উত্থাপন কৰি নিজৰ ৰাজনৈতিক পছন্দৰ কথাও স্পষ্ট কৰে যুৱকজনে। তেওঁ বিজেপিক সমৰ্থন কৰে বুলি উল্লেখ কৰাৰ লগতে সৰ্বানন্দ সোণোৱালক নিজৰ প্ৰিয় ব্যক্তি বুলি অভিহিত কৰে। প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ প্ৰতিও তেওঁৰ বিশেষ শ্ৰদ্ধা আছে বুলি জনায়।
“মই বিজেপিক সমৰ্থন কৰোঁ। মোৰ প্ৰিয় মানুহজন সৰ্বানন্দ সোণোৱাল। মোৰ ফেভাৰিট অটল বিহাৰী বাজপেয়ী। এই দুয়োজন ব্যক্তিকে মই শ্ৰদ্ধা কৰোঁ। মোৰ ভুলৰ বাবে ক্ষমা বিচাৰিছোঁ। ভৱিষ্যতে এনে কাম নকৰোঁ।”
আৱেগৰ বশৱৰ্তী হৈ কৰা এটা কমেণ্ট, তাৰ পিছত ভুল স্বীকাৰ আৰু ক্ষমা প্ৰাৰ্থনা—এই ঘটনাই এতিয়া ছিপাঝাৰত চৰ্চা লাভ কৰিছে।
