টেলিকম কোম্পানীক লৈ কঠোৰ TRAI; প্ৰয়োজন নথকা ডাটাৰ বাবে গ্ৰাহকে ভৰিব নালাগে অতিৰিক্ত ধন

মোবাইল গ্ৰাহকৰ বাবে বিশেষকৈ ফিচাৰ ফোন ব্যৱহাৰকাৰীসকলৰ বাবে সুখবৰ কঢ়িয়াই আনিছে টেলিকম নিয়ন্ত্ৰণ প্ৰাধিকৰণে (TRAI)এ এতিয়াৰে পৰা টেলিকম কোম্পানীসমূহে কেৱল ভয়চ কল আৰু SMSৰ সুবিধা থকা সুলভ ৰিচাৰ্জ প্লেন আগবঢ়াব লাগিব।

TRAI-এ Telecom Consumer Protection (13th Amendment) Regulations, 2026ৰ জৰিয়তে এই নতুন নিয়ম জাৰি কৰিছে। এই নিয়ম সকলো টেলিকম অপাৰেটৰৰ বাবে বাধ্যতামূলক।

নতুন নিয়ম অনুসৰি, ৩০ দিন বা তাতকৈ কম সময়ৰ বাবে কেৱল কল আৰু SMSৰ প্লেন থাকিব লাগিব। ইয়াৰ উপৰি, প্ৰতি মাহে একে তাৰিখত নবীকৰণ কৰিব পৰা ৰিচাৰ্জ প্লেনো আগবঢ়াব লাগিব।

দীঘলীয়া সময়ৰ বাবে ৰিচাৰ্জ কৰিব বিচৰা গ্ৰাহকৰ বাবেও কেৱল ভয়চ আৰু SMSৰ সুবিধা থকা এটা দীঘলীয়া বৈধতাৰ প্লেন আগবঢ়াব লাগিব।

TRAI-এ জানিবলৈ দিয়া অনুসৰি, বহু গ্ৰাহকে কেৱল কল আৰু SMS ব্যৱহাৰ কৰে যদিও তেওঁলোকক ডাটা সংযুক্ত ৰিচাৰ্জ প্লেন ল’বলগীয়া হৈছিল। ফলত প্ৰয়োজন নথকা ডাটাৰ বাবেও অতিৰিক্ত ধন ব্যয় কৰিবলগীয়া হৈছিল।

এই সমস্যা সমাধানৰ বাবেই নতুন নিয়ম অনা হৈছে। এতিয়া গ্ৰাহকে নিজৰ প্ৰয়োজন অনুসৰি কেৱল কল আৰু SMSৰ ৰিচাৰ্জ বাছি ল’ব পাৰিব। বিশেষকৈ ফিচাৰ ফোন ব্যৱহাৰ কৰা আৰু মোবাইল ডাটা ব্যৱহাৰ নকৰা লোকসকল ইয়াৰ দ্বাৰা অধিক লাভান্বিত হ’ব।

এই নিয়ম প্ৰস্তুত কৰাৰ পূৰ্বে TRAI-এ ২০২৬ চনৰ এপ্ৰিল মাহত ৰাজহুৱা মতামত বিচাৰিছিল। ইয়াত এক হাজাৰৰো অধিক মতামত লাভ কৰাৰ লগতে জুন মাহত বিষয়টোৰ ওপৰত আলোচনা অনুষ্ঠিত কৰা হৈছিল।

ইফালে, অনাকাংক্ষিত বাণিজ্যিক কল আৰু স্পেমৰ বিৰুদ্ধেও TRAI-এ নতুন ব্যৱস্থা গ্ৰহণ কৰিছে। স্পেম কল চিনাক্ত কৰিবলৈ AI-ভিত্তিক প্ৰযুক্তি ব্যৱহাৰ কৰাৰ লগতে স্বয়ংক্ৰিয় বাণিজ্যিক কলৰ ক্ষেত্ৰতো নতুন নিয়ম প্ৰৱৰ্তন কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ওড়িশাৰ উপকূলৰ সমীপৰ গভীৰ সাগৰত প্ৰাকৃতিক গেছৰ সন্ধান ONGCৰ

ভাৰতৰ শক্তি সম্পদৰ অনুসন্ধানৰ ক্ষেত্ৰত উল্লেখযোগ্য সফলতা অৰ্জন কৰিছে...

নাগালেণ্ডৰ পাহাৰৰ পৰা অস্কাৰৰ দুৱাৰমুখলৈ ‘আং’, টৰন্টোত জিলিকিল উত্তৰ-পূৰ্বাঞ্চলৰ কাহিনী

নাগালেণ্ডৰ পাহাৰৰ পৰা অস্কাৰৰ দুৱাৰমুখলৈ ‘আং’, টৰন্টো চলচ্চিত্ৰ মহোৎসৱত...

আগৰকাৰৰ পিছত কোন? নিৰ্বাচক পদক লৈ চৰ্চাৰ মাজতে শ্ৰীকান্তৰ মন্তব্য

২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য...

বিশ্বৰ মহাকাশ দৌৰত ভাৰতৰ নতুন লক্ষ্য

মহাকাশ ক্ষেত্ৰত বৃহৎ লক্ষ্য নিৰ্ধাৰণ কৰিছে ভাৰতে। ২০৩০ চনৰ...