বিজেপি ত্যাগ সংগীত শিল্পী সীমান্ত শেখৰৰ; বিজেপিৰ সকলো পদ ত্যাগ সংগীত শিল্পীগৰাকীৰ

বিজেপিৰ সকলো পদ ত্যাগ সীমান্ত শেখৰৰ, এৰিলে চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষৰ পদ। বিজেপিৰ সৈতে সম্পৰ্ক ছিন্ন কৰাৰ সিদ্ধান্ত ল’লে সংগীত শিল্পী সীমান্ত শেখৰে। দলটোৰ কাৰ্যনিৰ্বাহক আৰু প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰাৰ লগতে অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগমৰ অধ্যক্ষ পদো এৰাৰ কথা ঘোষণা সীমান্ত শেখৰৰ।

জানিব পৰা মতে, সীমান্ত শেখৰে তেওঁৰ পদত্যাগ পত্ৰ মুখ্যমন্ত্ৰী আৰু ৰাজ্যিক বিজেপিৰ সভাপতিলৈ প্ৰেৰণ কৰিছে। পদত্যাগ পত্ৰত তেওঁ ব্যক্তিগত কাৰণত দলীয় দায়িত্ব আৰু সদস্যপদ এৰা বুলি উল্লেখ কৰিছে।

উল্লেখ্য যে, সীমান্ত শেখৰৰ বিজেপিৰ সৈতে সম্পৰ্ক শেষ কৰা সিদ্ধান্ত এইটোৱে প্ৰথমটো ঘটনা নহয়। পূৰ্বেও ‘কা’ আন্দোলনৰ সময়ত তেওঁ দলীয় পদৰ পৰা পদত্যাগ কৰিছিল।

ইফালে, শেহতীয়াকৈ বিধায়ক বিজয় গুপ্তাই প্ৰাণৰ শিল্পী জুবিন গাৰ্গক লৈ কৰা বিৰূপ মন্তব্যক কেন্দ্ৰ কৰিও সামাজিক মাধ্যমত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল সীমান্ত শেখৰে। তেওঁ বিধায়কজনক সামাজিক মাধ্যমযোগে যিকোনো মন্তব্য কৰাৰ ক্ষেত্ৰত সংযম হ’বলৈ অনুৰোধ জনাইছিল।

সীমান্ত শেখৰে লগতে মত প্ৰকাশ কৰিছিল যে ‘সংস্কৃতি সদায় ৰাজনীতিৰ ঊৰ্ধ্বত’। আন এটা সামাজিক মাধ্যমৰ পোষ্টত তেওঁ জুবিন গাৰ্গৰ দৰে মুক্তভাৱে, সত্যৰ সৈতে আৰু অন্যায়ৰ সন্মুখত মূৰ নত নকৰাকৈ জীৱন যাপন কৰাৰ কথাও উল্লেখ কৰিছিল।

সীমান্ত শেখৰৰ শেহতীয়া পদত্যাগৰ সিদ্ধান্তৰ পিছতে ৰাজ্যৰ ৰাজনৈতিক আৰু সাংস্কৃতিক মহলত বিষয়টোক লৈ চৰ্চা আৰম্ভ হৈছে। বিশেষকৈ এজন সাংস্কৃতিক ক্ষেত্ৰৰ সৈতে জড়িত ব্যক্তিয়ে দলীয় দায়িত্ব আৰু চৰকাৰী চলচ্চিত্ৰ সংস্থাৰ অধ্যক্ষ পদ এৰাৰ সিদ্ধান্ত লোৱাৰ আঁৰত কি কাৰণ আছে?

অৱশ্যে, পদত্যাগ পত্ৰত সীমান্ত শেখৰে ব্যক্তিগত কাৰণৰ কথাহে উল্লেখ কৰিছে। সেয়েহে তেওঁৰ সিদ্ধান্তৰ আঁৰত আন কোনো নিৰ্দিষ্ট ৰাজনৈতিক কাৰণ আছে নে নাই, সেই সন্দৰ্ভত কোনো মন্তব্য কৰা নাই।

উল্লেখ্য, অসম চৰকাৰৰ চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ চৰকাৰী ৱেবছাইটত শেহতীয়াকৈ সীমান্ত শেখৰক অধ্যক্ষ হিচাপে তালিকাভুক্ত কৰা হৈছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নাগালেণ্ডৰ পাহাৰৰ পৰা অস্কাৰৰ দুৱাৰমুখলৈ ‘আং’, টৰন্টোত জিলিকিল উত্তৰ-পূৰ্বাঞ্চলৰ কাহিনী

নাগালেণ্ডৰ পাহাৰৰ পৰা অস্কাৰৰ দুৱাৰমুখলৈ ‘আং’, টৰন্টো চলচ্চিত্ৰ মহোৎসৱত...

আগৰকাৰৰ পিছত কোন? নিৰ্বাচক পদক লৈ চৰ্চাৰ মাজতে শ্ৰীকান্তৰ মন্তব্য

২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য...

টেলিকম কোম্পানীক লৈ কঠোৰ TRAI; প্ৰয়োজন নথকা ডাটাৰ বাবে গ্ৰাহকে ভৰিব নালাগে অতিৰিক্ত ধন

মোবাইল গ্ৰাহকৰ বাবে বিশেষকৈ ফিচাৰ ফোন ব্যৱহাৰকাৰীসকলৰ বাবে সুখবৰ...

বিশ্বৰ মহাকাশ দৌৰত ভাৰতৰ নতুন লক্ষ্য

মহাকাশ ক্ষেত্ৰত বৃহৎ লক্ষ্য নিৰ্ধাৰণ কৰিছে ভাৰতে। ২০৩০ চনৰ...