এছিয়ান গেমছত ভাৰতৰ প্ৰথমটো স্বৰ্ণ পদকৰ সন্ধান অৱশেষত সফল হ’ল। খিতাপৰ যুঁজত ভাৰতৰ মহিলা ক্ৰিকেট দলে পৰাস্ত কৰে শ্ৰীলংকাক। ১৪৭ৰ বৃহৎ ব্যৱধানত জয়ী ভাৰতীয় দলটো। প্ৰথমে বেট ধৰি বিস্ফোৰক আৰম্ভণি ভাৰতৰ। ২০ অভাৰত ৩ উইকেট হেৰুৱাই ভাৰতৰ সংগ্ৰহ ২১৬ ৰান। অ’পেনাৰদ্বয় শেফালী বাৰ্মাৰ ৪৮, স্মৃতি মান্ধানাৰ ৭৯ ৰান। ২২টা বলত ৪৯ ৰানেৰে অপৰাজিত হৈ ৰয় ৰিছা ঘোষ। লক্ষ্য অনুসৰণ কৰি ১৫.৪ অভাৰত ৬৯ ৰানতে অল আউট শ্ৰীলংকা।
সোমবাৰৰ দিনটোত ভাৰতৰ পদকৰ সংখ্যা আছিল ৬টা। কিন্তু সেই ৬টা পদকৰ ভিতৰত এটাও স্বৰ্ণ নাছিল। আজি মহিলা ক্ৰিকেট দলটোৱে শ্ৰীলংকাৰ বিৰুদ্ধে ফাইনেলত অৱতীৰ্ণ হৈ সেই অপেক্ষাৰ অন্ত পেলায়। উল্লেখ্য যে, সদ্য সমাপ্ত মহিলা এছিয়া কাপৰ ফাইনেলতো ভাৰত আৰু শ্ৰীলংকাৰ মাজতে প্ৰতিদ্বন্দ্বিতা হৈছিল।
ইফালে, বক্সিংতো ভাৰতে সফলতাৰে অভিযান আৰম্ভ কৰে। মহিলা ৫১ কেজি শাখাৰ প্ৰথম ৰাউণ্ডত ভাৰতীয় বক্সাৰ সাক্ষী চৌধুৰীয়ে ফিলিপাইনছৰ পেৰিছ অলিম্পিকৰ লাইট ফ্লাইৱেট শাখাৰ ব্ৰঞ্জ পদক বিজয়ী আইৰা কৰ্ডেৰো ভিলেগাছক ৫-০ ব্যৱধানত পৰাস্ত কৰে।
আনহাতে, ১০ মিটাৰ এয়াৰ ৰাইফলৰ মিক্সড টীম ইভেণ্টৰ ফাইনেলত প্ৰৱেশ কৰা পাৰ্থ মানে আৰু ইলাভেনিল ভালাৰিভানৰ যুটিয়ে চাৰিটা দলৰ ভিতৰত চতুৰ্থ স্থান লাভ কৰে। ফলত তেওঁলোকে পদক জয়ৰ পৰা বঞ্চিত হয়।
