জোনাইৰ তেলামত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। এখন ব্যক্তিগত বিদ্যালয়ৰ শিক্ষকৰ অমানৱীয় কাণ্ড। কোঠাৰেৰে ঘপিয়াই হত্যা কৰিলে ৩ সন্তানসহ পত্নীক। হত্যাকাৰী ফিৰোজ আলী আৰু স্থানীয় ৰাইজৰ ভাষ্য অনুসৰি আৰ্থিক অনাটনৰ বাবেই সংঘটিত হৈছে এই হত্যাকাণ্ড। ৰাতিপুৱাই নিজ পত্নী চিনুৱাৰা বেগম, কন্যা ৰিজিকা বেগম, নেইনা আখতাৰ আৰু পুত্ৰ চাখিল আলীক কুঠাৰেৰে ঘপিয়াই ফিৰোজ আলীয়ে। ঘটনাস্থলীতে পত্নী চিনুৱাৰা বেগম, কন্যা ৰিজিকা বেগম আৰু ৮ বছৰীয়া পুত্ৰ চাখিল আলীয়ে মৃত্যুক আকোঁৱালি লয়। আনফালে অতি সংকটজনক অৱস্থাত ১৩ বছৰীয়া কন্যা নেইনা আখতাৰক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে কিশোৰীগৰাকীয়ে।
আনফালে অভিযুক্ত ফিৰোজ আলীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী স্থানীয় ৰাইজৰ। অভিযুক্তক এনকাউণ্টাৰ কৰাৰো দাবী উত্থাপন কৰিছে একাংশই। ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ বিভিন্ন দিশ পৰীক্ষা কৰাৰ লগতে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰক্ষীয়ে। ঘটনাস্থলীত উপস্থিত হৈছে ফৰেনচিক বিশেষজ্ঞৰ দলো। তেলেম গামচুক প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক ফিৰোজ আলীয়ে সংঘটিত কৰা এই হত্যাকাণ্ডৰ প্ৰকৃত কাৰণ আৰক্ষীৰ তদন্ত সম্পূৰ্ণ হোৱাৰ পাছতহে স্পষ্ট হ’ব।
আনফালে এই ঘটনাই পুনৰবাৰ উদঙাই দিছে আৰ্থিক অনাটনৰ ভয়াৱহ দিশটো। আৰ্থিক অনাটনৰ বাবেই শেষ হৈ গ’ল এটা পৰিয়াল, চাৰিটাকৈ জীৱন। আৰক্ষীৰ প্ৰাথমিক তদন্তত এই ঘটনা আৰ্থিক অনাটনৰ বাবেই সংঘটিত হৈছে বুলি সন্দেহ কৰা হৈছে যদিও বৰ্তমানলৈকে স্পষ্ট হোৱা নাই ঘটনাৰ স্পষ্ট কাৰণ।
