চিকিৎসা বিজ্ঞানত নতুন ইতিহাস ৰচনা কৰি বিশ্বৰ প্ৰথম ৰোগীৰ মগজুৰ অস্ত্ৰোপচাৰত কৃত্ৰিম বুদ্ধিমত্তা (AI)ৰ সহায় লোৱা হৈছে। কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত ব্ৰিটেইনৰ দুই সন্তানৰ পিতৃ ৪৮ বছৰীয়া Rhys Hibbertৰ মগজুত থকা টিউমাৰ সফলভাৱে আঁতৰোৱা হয়।

Hibbertৰ পিটুইটাৰী গ্ৰন্থিত ১১ মিমি আকাৰৰ এটা অ-কেন্সাৰযুক্ত টিউমাৰ ধৰা পৰিছিল। এই গ্ৰন্থিটো মগজুৰ তলৰ অংশত অৱস্থিত আৰু শৰীৰৰ বৃদ্ধি, ৰক্তচাপ আৰু উষ্ণতা নিয়ন্ত্ৰণৰ দৰে গুৰুত্বপূৰ্ণ কামত ভূমিকা পালন কৰা হৰম’ন নিঃসৰণ কৰে।
তথ্য অনুসৰি অস্ত্ৰোপচাৰৰ সময়ত চিকিৎসকসকলক সহায় কৰিবলৈ বিশেষভাৱে প্ৰস্তুত কৰা AI ব্যৱস্থাই লাইভ ভিডিঅ’ ফিড বিশ্লেষণ কৰি আছিল। AIয়ে অস্ত্ৰোপচাৰৰ সঁজুলিৰ গতিবিধি অনুসৰণ কৰাৰ লগতে মগজুৰ ভিতৰত থকা গুৰুত্বপূৰ্ণ ৰক্তনলী আৰু স্নায়ুৰ সম্ভাৱ্য অৱস্থান চিহ্নিত কৰি চিকিৎসকক সতৰ্ক কৰিছিল।
চিকিৎসকসকলৰ বাবে এই সহায় বিশেষ গুৰুত্বপূৰ্ণ, কাৰণ প্ৰতিজন মানুহৰ মগজুৰ শাৰীৰিক গঠন কিছু পৰিমাণে পৃথক।
গৱেষকসকলে শ শ পিটুইটাৰী টিউমাৰ অস্ত্ৰোপচাৰৰ ভিডিঅ’ ব্যৱহাৰ কৰি AI ব্যৱস্থাটো প্ৰশিক্ষণ আৰু পৰীক্ষা কৰিছিল। ভিডিঅ’সমূহত গুৰুত্বপূৰ্ণ ৰক্তনলী আৰু স্নায়ু চিহ্নিত কৰি AIক এই গঠনসমূহ চিনাক্ত কৰিবলৈ প্ৰশিক্ষণ দিয়া হৈছিল।
চিকিৎসকৰ মতে, AI ব্যৱস্থাটোৱে বহু অভিজ্ঞ চিকিৎসকে জীৱনকালত দেখা অস্ত্ৰোপচাৰতকৈ অধিক সংখ্যক অস্ত্ৰোপচাৰৰ তথ্যৰ পৰা শিকিছে আৰু ই চিকিৎসকৰ বাবে এক “expert second pair of eyes” হিচাপে কাম কৰিব পাৰে।
অস্ত্ৰোপচাৰৰ পূৰ্বে Hibbertৰ সম্পূৰ্ণ টিউমাৰ আঁতৰাব নোৱাৰাৰ সম্ভাৱনা আছিল ২৫–৫০ শতাংশ, আনহাতে গুৰুত্বপূৰ্ণ ৰক্তনলী ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা আছিল ০.৫–২ শতাংশ।
অস্ত্ৰোপচাৰৰ পিছত Hibbertৰ দৃষ্টিশক্তিৰ যথেষ্ট উন্নতি হয়। তেওঁৰ মতে, চকু মেলাৰ পিছত এনে অনুভৱ হৈছিল যেন তেওঁ ৩৬০ ডিগ্ৰী পৰ্যন্ত স্পষ্টকৈ দেখিব পাৰিছে। অস্ত্ৰোপচাৰৰ আঠ সপ্তাহৰ ভিতৰত তেওঁৰ দৃষ্টিশক্তি ক্ৰমাগতভাৱে উন্নত হৈ আহিছে আৰু আগৰ বহু শাৰীৰিক সমস্যাও আঁতৰি গৈছে।
Hibbertৰ ভাষাত, “ই মোক মোৰ জীৱনটো ঘূৰাই দিলে।”
এই সফল অস্ত্ৰোপচাৰে মগজুৰ জটিল অস্ত্ৰোপচাৰত AIৰ বাস্তৱ-সময়ৰ ব্যৱহাৰৰ সম্ভাৱনাক নতুন মাত্ৰা প্ৰদান কৰিছে।
