নেপালৰ ৰাছুৱা জিলাত সংঘটিত ভয়ংকৰ বান আৰু ভূমিস্খলনৰ পাছত ২৮৮ গৰাকী ভাৰতীয় নাগৰিক এতিয়াও সন্ধানহীন হৈ আছে। বৃহস্পতিবাৰে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে (MEA) জনোৱা অনুসৰি, এতিয়ালৈকে ২১ গৰাকী ভাৰতীয়ক উদ্ধাৰ কৰা হৈছে।
সন্ধানহীনসকলৰ ভিতৰত কৈলাশ মানসৰোবৰ যাত্ৰাত যোৱা তীৰ্থযাত্ৰী, বিভিন্ন ৰাজ্যৰ পৰ্যটক আৰু ত্ৰিশূলী-১ জলবিদ্যুৎ প্ৰকল্পত কৰ্মৰত লোক আছে। MEAৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে জনোৱা মতে, ত্ৰিশূলী-১ প্ৰকল্পৰ ৭৩ গৰাকী ভাৰতীয় কৰ্মীও বৰ্তমানলৈকে যোগাযোগৰ বাহিৰত আছে।
ইফালে, তামিলনাডুৰ পৰা কৈলাশ মানসৰোবৰ যাত্ৰালৈ যোৱা ৩৭ আৰু ৪৯ জনীয়া দুটা দলৰ সৈতেও এতিয়ালৈকে যোগাযোগ স্থাপন কৰিব পৰা হোৱা নাই। উদ্ধাৰ হোৱা ২১ গৰাকী ভাৰতীয়ও তামিলনাডুৰ বুলি MEAয়ে প্ৰকাশ কৰিছে।
দুৰ্যোগৰ ফলত ৰাছুৱা অঞ্চলৰ যোগাযোগ ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যাহত হোৱাৰ বাবে উদ্ধাৰ আৰু সন্ধান অভিযানত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে। ভাৰতীয় দূতাবাসে নেপাল কৰ্তৃপক্ষৰ সৈতে সমন্বয় কৰি সন্ধানহীন ভাৰতীয়সকলৰ অৱস্থান নিশ্চিত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে।
উল্লেখ্য, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলীৰ সৈতে কথা পাতি এই দুৰ্যোগত ভাৰতৰ গভীৰ সমবেদনা প্ৰকাশ কৰাৰ লগতে নেপালক সকলোধৰণৰ মানৱীয় সহায় আগবঢ়োৱাৰ আশ্বাস দিছে।
