আমেৰিকা আৰু ইৰাণৰ মাজৰ উত্তেজনা ক্ৰমাৎ বৃদ্ধি পাইছে। দুয়োখন দেশৰ মাজত যুদ্ধবিৰতিৰ একাধিক প্ৰচেষ্টা বিফল হোৱাৰ পাছত কৌশলগতভাৱে গুৰুত্বপূৰ্ণ হৰমুজ প্ৰণালীক লৈও পৰিস্থিতি উত্তপ্ত হৈ আছে।

ইৰাণে শুকুৰবাৰে আমেৰিকাৰ যিকোনো নতুন ভাবুকিৰ বিৰুদ্ধে ‘ধ্বংসাত্মক আৰু কঠোৰ’ প্ৰত্যুত্তৰৰ হুংকাৰ দিয়ে। এই সকীয়নিৰ পাছতে আমেৰিকাৰ বিত্তমন্ত্ৰী স্কট বেছেণ্টে ইৰাণৰ বিৰুদ্ধে ইতিহাসৰ আটাইতকৈ কঠোৰ অৰ্থনৈতিক নিষেধাজ্ঞা আৰোপ কৰাৰ কথা ঘোষণা কৰে। ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পেও ইৰাণক যিকোনো ধৰণৰ সহায় আগবঢ়োৱা দেশৰ বিৰুদ্ধে অৰ্থনৈতিক ব্যৱস্থা গ্ৰহণৰ হুংকাৰ দিছে।
ইফালে, ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ানে কেইবামাহ ধৰি চলি থকা সংঘাতৰ অৱসান ঘটোৱাৰ আহ্বান জনাইছে। তেওঁৰ দাবী, বৰ্তমান ইৰাণ আমেৰিকাতকৈ শক্তিশালী অৱস্থাত আছে। হৰমুজ প্ৰণালীৰে জাহাজ চলাচল স্বাভাৱিক কৰাৰ লক্ষ্যৰে পূৰ্বে হোৱা যুদ্ধবিৰতিৰ চুক্তিসমূহো শীঘ্ৰে ভংগ হোৱাত দুয়ো দেশৰ মাজৰ উত্তেজনা অব্যাহত আছে।
