হৰমুজত আকৌ যুদ্ধৰ আশংকা? আমেৰিকাৰ কঠোৰ পদক্ষেপৰ পাছত ইৰাণৰ হুংকাৰ

আমেৰিকা আৰু ইৰাণৰ মাজৰ উত্তেজনা ক্ৰমাৎ বৃদ্ধি পাইছে। দুয়োখন দেশৰ মাজত যুদ্ধবিৰতিৰ একাধিক প্ৰচেষ্টা বিফল হোৱাৰ পাছত কৌশলগতভাৱে গুৰুত্বপূৰ্ণ হৰমুজ প্ৰণালীক লৈও পৰিস্থিতি উত্তপ্ত হৈ আছে।

ইৰাণে শুকুৰবাৰে আমেৰিকাৰ যিকোনো নতুন ভাবুকিৰ বিৰুদ্ধে ‘ধ্বংসাত্মক আৰু কঠোৰ’ প্ৰত্যুত্তৰৰ হুংকাৰ দিয়ে। এই সকীয়নিৰ পাছতে আমেৰিকাৰ বিত্তমন্ত্ৰী স্কট বেছেণ্টে ইৰাণৰ বিৰুদ্ধে ইতিহাসৰ আটাইতকৈ কঠোৰ অৰ্থনৈতিক নিষেধাজ্ঞা আৰোপ কৰাৰ কথা ঘোষণা কৰে। ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পেও ইৰাণক যিকোনো ধৰণৰ সহায় আগবঢ়োৱা দেশৰ বিৰুদ্ধে অৰ্থনৈতিক ব্যৱস্থা গ্ৰহণৰ হুংকাৰ দিছে।

ইফালে, ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ানে কেইবামাহ ধৰি চলি থকা সংঘাতৰ অৱসান ঘটোৱাৰ আহ্বান জনাইছে। তেওঁৰ দাবী, বৰ্তমান ইৰাণ আমেৰিকাতকৈ শক্তিশালী অৱস্থাত আছে। হৰমুজ প্ৰণালীৰে জাহাজ চলাচল স্বাভাৱিক কৰাৰ লক্ষ্যৰে পূৰ্বে হোৱা যুদ্ধবিৰতিৰ চুক্তিসমূহো শীঘ্ৰে ভংগ হোৱাত দুয়ো দেশৰ মাজৰ উত্তেজনা অব্যাহত আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গোৱালপাৰাত কুঁৱাৰ ভিতৰত আৱিষ্কাৰ দুবিধ নতুন ভূ-গৰ্ভস্থ মাছৰ প্ৰজাতি

অসমৰ জৈৱ-বৈচিত্ৰ্যৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ আৱিষ্কাৰ। গোৱালপাৰা জিলাত কুঁৱাত...

ছৌদি আৰৱৰ পৰা স্বদেশলৈ উভতিল প্ৰায় ৩,০০০ আবদ্ধ ভাৰতীয় উমৰাহ যাত্ৰী

ছৌদি আৰৱত আবদ্ধ হৈ থকা প্ৰায় ৩,০০০ ভাৰতীয় উমৰাহ...

ফ্ৰেন্স অ’পেনত বিশ্বৰ ২ নম্বৰ আকানে য়ামাগুচিক হৰুৱাই কোৱাৰ্টাৰ ফাইনেলত অসম কন্যা অস্মিতা

ফ্ৰেন্স অ’পেন ২০২৬ বেডমিণ্টন প্ৰতিযোগিতাত কেৰিয়াৰৰ অন্যতম বৃহৎ সাফল্য...