৮ বছৰে ৰক্ষা কৰিলে কাজিৰঙাৰ বন্যপ্ৰাণী, কৰ্তব্যৰ পৰা অৱসৰ কাজিৰঙাৰ K9 Leonৰ

কাজিৰঙাৰ বন্যপ্ৰাণী সুৰক্ষাত সুদীৰ্ঘ ৮ বছৰ ধৰি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা K9 Leonএ কৰিলে অৱসৰ গ্ৰহণ। ভাৰতৰ ৮০ সংখ্যক স্বাধীনতা দিৱসৰ দিনা বন বিভাগ আৰু অসম আৰক্ষীয়ে বিশেষ সন্মানেৰে বেলজিয়ান ম্যালিনোইস প্ৰজাতিৰ এই স্নিফাৰ কুকুৰটিক জনায় বিদায় ।

২০১৮ চনৰ নৱেম্বৰত কৰ্তব্যত যোগদান কৰা K9 Leon আছিল জৈৱ-বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকৰ K9 Sniffer Dog Squadৰ অন্যতম দক্ষ সদস্য। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ প্ৰায় ১,৩০২ বৰ্গ কিলোমিটাৰ এলেকাত বন বিভাগ আৰু আৰক্ষীৰ সৈতে মিলি K9 Leonএ বন্যপ্ৰাণী অপৰাধ আৰু চোৰাং চিকাৰ ৰোধত কাম কৰিছিল অধিক দৃঢ়তাৰে ।

K9 Leonৰ জীৱনৰ অন্যতম উল্লেখযোগ্য অভিযান আছিল ২০১৯ চনৰ কাজিৰঙাৰ বানৰ সময়ত। প্ৰায় ২০ কিলোমিটাৰ দীঘল পথ অনুসৰণ কৰি K9 Leonএ বন শিবিৰ আৰু নিৰাপত্তা তালাচী চকী পাৰ হৈ এটা দুৰ্ধৰ্ষ গঁড় চোৰাং চিকাৰীক চিনাক্ত কৰাত বন বিভাগ আৰু আৰক্ষীক সহায় কৰিছিল।

১২ মাহৰ বিশেষ প্ৰশিক্ষণৰ পিছত ফিল্ড ডিউটিত যোগ দিয়া K9 Leonএ ২০০ৰো অধিক পেট্ৰ’লিং আৰু ৩০টাতকৈ অধিক বিশেষ অভিযানত অংশগ্ৰহণ কৰে। তেওঁৰ হেণ্ডলাৰ অনিল কুমাৰ দাস আৰু মৃগেন দাসৰ সৈতে কাম কৰি তেওঁ কাজিৰঙাৰ প্ৰাকৃতিক ঐতিহ্যৰ এগৰাকী সতৰ্ক প্ৰহৰী হিচাপে পৰিচিত হৈ পৰিছিল।

লিঅ’নৰ বীৰত্বৰ কাহিনী অপৰিসীম । ২০২৩ চনত বোকাখাটত এটা হৰিণৰ মৃতদেহ উদ্ধাৰৰ পিছত চাৰিজন সন্দেহযুক্ত চোৰাং চিকাৰীক বিচাৰি উলিওৱাতো লিঅ’নে সহায় কৰিছিল। অৱসৰৰ পূৰ্বে ২০২৫ চনত গোলাঘাট চহৰত সংঘটিত এটা গুৰুত্বপূৰ্ণ সোণ চুৰিৰ গোচৰতো লিঅ’নে অসম আৰক্ষীক সহায় কৰে। Leonৰ গোন্ধ চিনাক্ত কৰাৰ দক্ষতাৰ সহায়তেই ঘটনাৰ সৈতে জড়িত চাৰিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল।

প্ৰায় ৮ বছৰীয়া নিষ্ঠাবান সেৱাৰ অন্তত Leonএ এতিয়া ৮ বছৰীয়া সক্ৰিয় কৰ্তব্যৰ পৰা ল’লে অৱসৰ। বন বিভাগ আৰু আৰক্ষীয়ে তেওঁৰ নিষ্ঠা আৰু সেৱাৰ প্ৰতি সন্মান জনাই আনুষ্ঠানিকভাৱে জনায় বিদায়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰতি আধাঘণ্টাত এজনৰ মৃত্যু, ভয়াৱহ ইব’লা সংক্ৰমণত কংগো গণৰাজ্য | ভাৰতলৈ বিয়পিব পাৰে নেকি ?

প্ৰতি আধাঘণ্টাত এজনৰ মৃত্যু। পুনৰ ভয়াবহ ৰূপ ধাৰণ কৰিছে...

ভাৰতীয় বেটাৰ ঋষভ পণ্টৰ ইতিহাস ৰচনা, ১০০টা ছয় সম্পূৰ্ণ কৰা প্ৰথমজন ভাৰতীয় বেটাৰ হিচাপে নতুন অভিলেখ

শ্ৰীলংকাৰ বিৰুদ্ধে গালেত চলি থকা প্ৰথমখন টেষ্টৰ চতুৰ্থ দিনা...

ধাৰাসাৰ বৰষুণৰ মাজতে সকলো বিদ্যালয় বন্ধ ঘোষণা প্ৰশাসনৰ

বিগত কেইবাদিনো ধৰি উত্তৰপ্ৰদেশৰ প্ৰয়াগৰাজত অব্যাহত আছে মুষলধাৰ বৰষুণ।...