প্ৰতি আধাঘণ্টাত এজনৰ মৃত্যু। পুনৰ ভয়াবহ ৰূপ ধাৰণ কৰিছে ইব’লা সংক্ৰমণৰ গতি। মৃত্যুৰ কিৰিলিলৈ ৰূপান্তৰ ঘটিছে এতিয়া মধ্য আফ্ৰিকাৰ এখন দেশ। ভাৰতৰ দৰে দেশলৈও সংক্ৰমণ ঘটিব পাৰে নেকি ইব’লাৰ ?
ডেম’ক্ৰেটিক ৰিপাব্লিক অৱ কংগো (DRC)ত ইব’লা সংক্ৰমণে ধাৰণ কৰিছে ভয়াৱহ ৰূপ | ২০২৬ চনৰ ১৫ মে’ত সংক্ৰমণৰ ঘোষণা কৰাৰ পাছত এতিয়ালৈকে ২,৩২৫জন লোকৰ মৃত্যু আৰু ৪,৯৪৫টা নিশ্চিত সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে। মৃত্যুৰ সংখ্যাই ২০১৮–২০২০ চনৰ কংগোৰ ইব’লা সংক্ৰমণৰ ২,২৯৯জনৰ মৃত্যুৰ সংখ্যাক অতিক্ৰম কৰাৰ পাছতে ই দেশখনৰ ইতিহাসৰ আটাইতকৈ ভয়াৱহ ইব’লা সংক্ৰমণ হিচাপে পৰিগণিত হৈছে। ইব’লাৰ এই নতুন সংক্ৰমণ প্ৰথমে কংগোৰ ইটুৰি প্ৰদেশত চিনাক্ত কৰা হৈছিল। পৰীক্ষাগাৰত সংক্ৰমণ নিশ্চিত হোৱাৰ পাছত ১৫ মে’ত চৰকাৰে আনুষ্ঠানিকভাৱে ইব’লা সংক্ৰমণ ঘোষণা কৰে। এইবাৰৰ সংক্ৰমণৰ বাবে দায়ী হৈছে Bundibugyo species-ৰ ইব’লা ভাইৰাছ। এইটো অতি বিৰল প্ৰজাতি আৰু ইয়াৰ পূৰ্বে মাত্ৰ দুটা সংক্ৰমণৰ ঘটনা নথিভুক্ত হৈছিল।
বিশ্ব স্বাস্থ্য সংস্থাই (WHO) কংগোৰ ইব’লা সংক্ৰমণৰ গতি ব্যতিক্ৰমী বুলি অভিহিত কৰিছে। বৰ্তমানলৈ ভাইৰাছটো কংগোৰ ২৬খন প্ৰদেশৰ ভিতৰত ৬খন প্ৰদেশলৈ বিয়পি পৰিছে। বৰ্তমান সংক্ৰমণৰ মৃত্যুৰ হাৰ প্ৰায় ৪৭ শতাংশ বুলি প্ৰকাশ পাইছে। ৰাষ্ট্ৰসংঘৰ তথ্য অনুসৰি দেশখনত প্ৰতি ৩০ মিনিটৰ মূৰে মূৰে এজন ব্যক্তিৰ মৃত্যু হৈছে ।
এতিয়া প্ৰশ্ন উত্থাপন হৈছে, ভাৰতলৈ ইব’লা বিয়পিব পাৰে নেকি?
ভাৰতলৈ ইব’লাৰ কোনো সংক্ৰমিত ব্যক্তি অহাৰ সম্ভাৱনা সম্পূৰ্ণৰূপে নুই কৰিব নোৱাৰি, কিন্তু দেশত ব্যাপক সংক্ৰমণৰ আশংকা বৰ্তমান কম। ইব’লা COVID-19 বা ইনফ্লুৱেঞ্জাৰ দৰে সাধাৰণতে বায়ুৰ জৰিয়তে বিয়পি নপৰে। সংক্ৰমিত ব্যক্তিৰ তেজ বা অন্যান্য শৰীৰৰ তৰল পদাৰ্থৰ সৈতে প্ৰত্যক্ষ সংস্পৰ্শৰ জৰিয়তে মূলতঃ ভাইৰাছটো বিয়পে। কংগোৰ সংক্ৰমিত অঞ্চলসমূহৰ পৰা ভাৰতলৈ প্ৰত্যক্ষ যাত্ৰীৰ সংখ্যা তুলনামূলকভাৱে কম। তদুপৰি ইব’লাত আক্ৰান্ত ব্যক্তিৰ অৱস্থা দ্ৰুতগতিত গুৰুতৰ হৈ পৰিব পাৰে, যাৰ ফলত লক্ষণ নেদেখাকৈ দীঘলীয়া আন্তঃৰাষ্ট্ৰীয় যাত্ৰা কৰাটো কঠিন। ভাৰতত এতিয়ালৈকে ইব’লাৰ কোনো ব্যাপক স্থানীয় সংক্ৰমণৰ তথ্য নাই। ইব’লা সাধাৰণতে আক্ৰান্ত ব্যক্তিৰ শৰীৰৰ তৰল পদাৰ্থৰ সৈতে সংস্পৰ্শৰ জৰিয়তে বিয়পে। সেয়েহে শ্বাস-প্ৰশ্বাসৰ জৰিয়তে সহজে বিয়পি পৰা ভাইৰাছৰ তুলনাত ই দেশজুৰি দ্ৰুতগতিত বিয়পি পৰাৰ সম্ভাৱনা কম।
কংগোৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতে আন্তঃৰাষ্ট্ৰীয় প্ৰৱেশদ্বাৰসমূহত স্বাস্থ্য পৰীক্ষা শক্তিশালী কৰিছে। ২০২৬ চনৰ জুন মাহত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়, ভাৰত চৰকাৰৰ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয় আৰু দিল্লী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰে AIR SUVIDHA 2.0 নামৰ উন্নীত যাত্ৰী স্বাস্থ্য স্ব-ঘোষণা ব্যৱস্থা আৰম্ভ কৰে। ইয়াৰ জৰিয়তে ইব’লা বা অন্যান্য সংক্ৰামক ৰোগৰ সম্ভাৱ্য লক্ষণ বা ইতিহাস থকা যাত্ৰী চিনাক্ত কৰি অধিক স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰিব পৰা যায়। সন্দেহযুক্ত ৰোগী চিনাক্ত হ’লে পৃথকীকৰণ, পৰীক্ষাগাৰত পৰীক্ষা আৰু স্বাস্থ্য বিভাগৰ মাজত সমন্বয়ৰ জৰিয়তে সংক্ৰমণ ৰোধৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।
২০১৪–২০১৬ চনৰ পশ্চিম আফ্ৰিকাৰ ইব’লা সংক্ৰমণ আছিল বিশ্বৰ ইতিহাসত সৰ্বাধিক ভয়াৱহ ইব’লা মহামাৰী। ২০১৩ চনৰ ডিচেম্বৰত গিনিৰ মেলিয়ানডৌত এগৰাকী ১৮ মাহীয়া শিশুৰ অসুস্থতাৰ জৰিয়তে সংক্ৰমণৰ আৰম্ভণি হৈছিল বুলি ধৰা হয়। ২০১৪ চনৰ ২১ মাৰ্চত পৰীক্ষাগাৰত ইব’লা ভাইৰাছ নিশ্চিত কৰা হয়। পৰৱৰ্তী সময়ত গিনি, লাইবেৰিয়া আৰু ছিয়েৰা লিয়নত সংক্ৰমণ ব্যাপকভাৱে বিয়পি পৰে আৰু ১১,০০০ৰো অধিক লোকৰ মৃত্যু হয়। ২০১৪ চনত নাইজেৰিয়াতো এজন আক্ৰান্ত যাত্ৰীৰ জৰিয়তে ইব’লা প্ৰৱেশ কৰিছিল। কিন্তু দ্ৰুত চিনাক্তকৰণ, পৃথকীকৰণ আৰু contact tracing-ৰ জৰিয়তে দেশখনত ব্যাপক সংক্ৰমণ ৰোধ কৰা হৈছিল। WHO-ৰ মতে, কংগোৰ সংক্ৰমণ এতিয়াও নিয়ন্ত্ৰণলৈ আনিব পৰা যায়। তাৰ বাবে দ্ৰুত ৰোগ চিনাক্তকৰণ, পৃথকীকৰণ, contact tracing, চিকিৎসা আৰু জনসাধাৰণৰ সহযোগিতা অত্যন্ত গুৰুত্বপূৰ্ণ। ভাৰতৰ ক্ষেত্ৰত আক্ৰান্ত ব্যক্তি দেশলৈ অহাৰ সম্ভাৱনা থাকিলেও ব্যাপক সংক্ৰমণৰ আশংকা বৰ্তমান কম। আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত শক্তিশালী নজৰ আৰু সময়মতে ৰোগী চিনাক্তকৰণেই ভাৰতৰ বাবে ইব’লাৰ বিৰুদ্ধে প্ৰধান সুৰক্ষা ব্যৱস্থা।
