ছাইৰ আঘাত, ছৰফৰাজৰ ভাগ্যোদয়!

74

অপেক্ষাৰ অন্ত পৰিল। ঘৰুৱা ক্ৰিকেটত ধাৰাবাহিকভাৱে ৰান সংগ্ৰহ কৰি ভাৰতীয় টেষ্ট দললৈ পুনৰ উভতি আহিল মুম্বাইৰ বেটাৰ ছৰফৰাজ খান। আঘাতৰ বাবে শ্ৰীলংকাৰ বিৰুদ্ধে আগন্তুক টেষ্ট শৃংখলাৰ পৰা ছাই সুদৰ্শন আঁতৰি যোৱাৰ পিছতে তেওঁৰ স্থানত ছৰফৰাজক ভাৰতীয় দলত অন্তৰ্ভুক্ত কৰা হৈছে। শ্ৰীলংকাৰ বিৰুদ্ধে দুখনীয়া টেষ্ট শৃংখলাৰ প্ৰথমখন টেষ্ট ১৫ আগষ্টৰ পৰা গালেত অনুষ্ঠিত হ’ব।

ছাই সুদৰ্শনৰ সোঁ ভৰিৰ আঙুলিত ‘ষ্ট্ৰেছ ৰিয়েকচন’ ধৰা পৰাৰ পিছত তেওঁ শৃংখলাৰ পৰা বাহিৰ হ’বলগীয়া হয়। তেওঁৰ অনুপস্থিতিত ভাৰতীয় নিৰ্বাচকসকলে ছৰফৰাজ খানক অভিজ্ঞ বিকল্প হিচাপে বাছনি কৰে। বিশেষকৈ শ্ৰীলংকাৰ স্পিন-সহায়ক পৰিৱেশত ছৰফৰাজৰ ঘৰুৱা ক্ৰিকেটৰ অভিজ্ঞতাই নিৰ্বাচকসকলক আকৰ্ষিত কৰা বুলি ধৰা হৈছে।

ঘৰুৱা ক্ৰিকেটত আকৌ এবাৰ নিজৰ সামৰ্থ্য প্ৰমাণ কৰাৰ পিছতেই আহিছে এই সুযোগ। ২০২৫-২৬ ৰঞ্জি ট্ৰফীৰ আৰম্ভণি অৱশ্যে ছৰফৰাজৰ বাবে মসৃণ নাছিল। জম্মু-কাশ্মীৰৰ বিৰুদ্ধে ৪২ আৰু ৩২ ৰান, ছত্তীশগড়ৰ বিৰুদ্ধে ১ ৰান, ৰাজস্থানৰ বিৰুদ্ধে ১৫ আৰু ৫ নটআউট আৰু হিমাচল প্ৰদেশৰ বিৰুদ্ধে ১৬ ৰান কৰি তেওঁ ছিজনৰ আৰম্ভণিতে সংগ্ৰাম কৰিছিল। প্ৰথম চাৰিখন মেচৰ পিছত তেওঁৰ সংগ্ৰহ আছিল মাত্ৰ ১১১ ৰান।

কিন্তু ছৰফৰাজৰ উত্তৰ আছিল বেটৰ জৰিয়তে। হায়দৰাবাদৰ বিৰুদ্ধে ৰণজি ট্ৰফীৰ মেচত মুম্বাইৰ বেটাৰে ২১৯ বলত ২২৭ ৰানৰ বিস্ফোৰক ইনিংছ খেলি সকলো চৰ্চা নিজৰ ফালে ঘূৰাই আনে। ইনিংছটোত আছিল ১৯টা চাৰি আৰু ৯টা ছয়। এই ইনিংছৰ জৰিয়তে ছাৰফৰাজে কেৱল মুম্বাইক শক্তিশালী অৱস্থালৈ লৈ যোৱাই নহয়, প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত নিজৰ পঞ্চমটো দ্বিশতকো সম্পূৰ্ণ কৰে। হায়দৰাবাদৰ বিৰুদ্ধে ২২৭ ৰানৰ সেই ইনিংছৰ সময়ত ছাৰফৰাজে প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত ৫,০০০ ৰানৰ মাইলষ্টোনো অতিক্ৰম কৰে। ২০২৫-২৬ ৰণজি ছিজনৰ সেই সময়লৈকে ছয়খন মেচত আঠটা ইনিংছ খেলি তেওঁৰ সংগ্ৰহ আছিল ৪০৫ ৰান, গড় ৫৭.৮৫।

কেৱল ৰঞ্জিয়েই নহয়, ২০২৫-২৬ ঘৰুৱা ছিজনৰ সীমিত অভাৰৰ প্ৰতিযোগিতাতো ছৰফৰাজে নিজৰ বিস্ফোৰক বেটিঙৰ পৰিচয় দিছিল। ছৈয়দ মুস্তাক আলী ট্ৰফীত তেওঁ ৩২৯ ৰান সংগ্ৰহ কৰাৰ লগতে ২০৩ ষ্ট্ৰাইক ৰেট লাভ কৰিছিল। বিজয় হাজাৰে ট্ৰফীত মুম্বাইৰ হৈ ৩০৩ ৰান সংগ্ৰহ কৰি ৭৫.৭৫ গড়ে বেটিং কৰিছিল। সেই প্ৰতিযোগিতাত পঞ্জাবৰ বিৰুদ্ধে মাত্ৰ ১৫ বলত অৰ্ধশতক সম্পূৰ্ণ কৰি ভাৰতীয় বেটাৰৰ ভিতৰত লিষ্ট ‘এ’ ক্ৰিকেটৰ দ্ৰুততম পঞ্চাশৰ অভিলেখো গঢ়িছিল।

ছৰফৰাজৰ বাবে ভাৰতীয় দললৈ এই প্ৰত্যাৱৰ্তন বিশেষ তাৎপৰ্যপূৰ্ণ। তেওঁৰ অন্তিম টেষ্ট ২০২৪ চনৰ নৱেম্বৰত আছিল। ইয়াৰ পিছত ভাৰতীয় দলৰ পৰা আঁতৰি থাকিলেও ঘৰুৱা ক্ৰিকেটত ৰানৰ জৰিয়তে তেওঁ নিৰ্বাচকসকলৰ দুৱাৰত নিয়মিতভাৱে knock কৰি আছিল।

ভাৰতৰ হৈ ছৰফৰাজে এতিয়ালৈকে ছখন টেষ্ট খেলি ৩৭.১০ গড়ে ৩৭১ ৰান সংগ্ৰহ কৰিছে। তেওঁৰ নামত আছে এটা শতক আৰু তিনিটা অৰ্ধশতক। এতিয়া শ্ৰীলংকাৰ বিৰুদ্ধে পুনৰ সুযোগ লাভ কৰি জাতীয় দলৰ হৈ নিজৰ স্থান অধিক শক্তিশালী কৰাৰ লক্ষ্য থাকিব মুম্বাইৰ এই প্ৰতিভাৱান বেটাৰৰ।

NKTV Digital
Author: NKTV Digital