কাৰ্গিল বিজয় দিৱসৰ অনুষ্ঠানত ভাগ লৈ প্ৰতিৰক্ষা মন্ত্ৰী সিঙে কয়– পাকিস্তানৰ স’তে ভাৰতে কোনো আলোচনাত মিলিত নহয়। আলোচনা হ’লে কেৱল পাক অধিকৃত কাশ্মীৰক লৈহে হ’ব। ‘মন কী বাত’ অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়েও উল্লেখ কৰে কাৰ্গিল বিজয় দিৱসৰ প্ৰসংগ।
‘পাকিস্তানৰ স’তে আন কোনো বিষয়ক লৈ আলোচনা নহয়’
‘আলোচনা হ’ব কেৱল পাক অধিকৃত কাশ্মীৰক লৈহে’
‘পাক অধিকৃত কাশ্মীৰ ভাৰতৰ অবিচ্ছেদ্য অংগ’
‘ইয়াক অবৈধভাৱে দখল কৰি ৰাখিছে পাকিস্তানে’
‘সন্ত্ৰাসবাদক প্ৰশ্ৰয় দিয়াৰ পৰিণতি ভয়ংকৰ হ’ব’
‘অপাৰেচন সিন্দুৰেই ইয়াৰ অন্যতম উদাহৰণ’
২৭ সংখ্যক কাৰ্গিল বিজয় দিৱসৰ অনুষ্ঠানত ভাগ লৈ পাকিস্তানক এইদৰে আকৌ এবাৰ সকীয়াই দিয়ে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। লাডাখৰ কাৰ্গিল যুদ্ধ স্মাৰক ছহীদ জোৱানলৈ শ্ৰদ্ধা অৰ্পন কৰি প্ৰতিৰক্ষা মন্ত্ৰী সিঙে কয়, পাকিস্তানে সন্ত্ৰাসবাদক তেওঁলোকৰ চৰকাৰী নীতিৰ অংশ কৰি লোৱা মন্তব্য কৰি মন্ত্ৰী সিঙে কয় যে, পাকিস্তানৰ সেনা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত কোনো পাৰ্থক্য নাই।
‘সেনাই সন্ত্ৰাসবাদীক সুৰক্ষা দিয়ে, সহযোগিতাৰে কাম কৰে’
‘ভাৰতে এতিয়া সন্ত্ৰাসবাদী আৰু ইয়াৰ সমৰ্থকক পৃথক দৃষ্টিৰে নাচায়’
‘পাকিস্তানৰ প্ৰতিটো দুষ্কাৰ্যৰ সমুচিত প্ৰত্যুত্তৰ দিব ভাৰতে’
‘ভাৰতৰ এই প্ৰত্যুত্তৰ পাকিস্তানে কল্পনাও কৰিব নোৱাৰে’
কাৰ্গিল যুদ্ধৰ প্ৰসংগ উল্লেখ কৰি প্ৰতিৰক্ষা মন্ত্ৰী সিঙে লগতে কয় যে, ভাৰতীয় সেনাৰ অদম্য সাহস আত্মত্যাগ আু দৃঢ় সংকল্পই ভবিষ্যত প্ৰজন্মক দেশপ্ৰেম, কৰ্তব্য, নিষ্ঠা আৰু মাতৃভূমিৰ বাবে সৰ্বস্ব উচৰ্গা কৰাৰ মানসিকতা শিক্ষা দিব। ইপিনে, ১৩৬ সংখ্যক মন কী বাত অনুষ্ঠানত দেশবাসীক উদ্দেশ্যি ভাষণ দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও কাৰ্গিল বিজয় দিৱসৰ প্ৰসংগত সেনা জোৱানৰ আত্মত্যাগৰ বিষয়ে, উল্লেখ কৰে। ভাষণ প্ৰসংগত মোদীয়ে দেশৰ ক্ৰীড়াক্ষেত্ৰত অগ্ৰগতিৰ লগতে অশমৰ বক্সাৰ লাভলীণা বৰোগোহাঁইৰ প্ৰসংগও উল্লেখ কৰে। ইপিনে দেশৰ বিভিন্ন ৰাজ্যৰ লগতে গুৱাহাীটতো উদযাপন কৰা হয় কাৰ্গিল বিজয় দিৱস। মহানগৰীৰ দীঘলীপুখুৰীৰ পাৰৰ যুদ্ধ স্মাৰকত ৰাজ্যাপালৰ উপস্থিতিত ছহিদ জোৱানৰ প্ৰতি শ্ৰদ্ধা অৰ্পন কৰা হয়।
