ছেলফী উঠাৰ সময়তে ব্ৰহ্মপুত্ৰত পৰিল কিশোৰ

পুনৰ ছেলফীৰ বাবেই সংঘটিত হ’ল এক শোকাৱহ ঘটনা। ছেলফি তুলিবলৈ গৈ ব্ৰহ্মপুত্ৰত পৰিল এজন কিশোৰ। গুৱাহাটীৰ ঘটনাক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে চাঞ্চল্যৰ। মহানগৰীৰ কুমাৰ ভাস্কৰ বৰ্মা সেতুত সংঘটিত হৈছে এই ঘটনা। সন্ধানহীন কিশোৰজন গোৱালপাৰা লক্ষীপুৰৰ মিৰাজুল হক বুলি জানিব পৰা গৈছে। গুৱাহাটীলৈ পৰিয়ালৰ সৈতে ফুৰিবলৈ আহিছিল ১৬ বছৰীয়া মিৰাজুল হক। শনিবাৰে সন্ধিয়াৰ ভাগত পৰিয়ালৰ সৈতে ওলাই গৈছিল কুমাৰ ভাস্কৰ বৰ্মা সেতুলৈ। কিন্তু সেতুখনত ছেলফী উঠিবলৈ লওঁতেই সংঘটিত হয় এই অনাকাংক্ষিত ঘটনা। ঘটনাৰ পিছতেই ভৰলমুখ আৰক্ষীত থানাত উপস্থিত হৈ আৰক্ষীক ঘটনাৰ বিষয়ে অৱগত কৰে মিৰাজুলৰ পৰিয়ালৰ লোকে। কিশোৰজনৰ সন্ধানত নদী আৰক্ষীয়ে সন্ধান চলাই আছে যদিও এই মুহূৰ্তলৈকে লাভ কৰা নাই কোনো সন্ধান।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ওড়িশাৰ উপকূলৰ সমীপৰ গভীৰ সাগৰত প্ৰাকৃতিক গেছৰ সন্ধান ONGCৰ

ভাৰতৰ শক্তি সম্পদৰ অনুসন্ধানৰ ক্ষেত্ৰত উল্লেখযোগ্য সফলতা অৰ্জন কৰিছে...

নাগালেণ্ডৰ পাহাৰৰ পৰা অস্কাৰৰ দুৱাৰমুখলৈ ‘আং’, টৰন্টোত জিলিকিল উত্তৰ-পূৰ্বাঞ্চলৰ কাহিনী

নাগালেণ্ডৰ পাহাৰৰ পৰা অস্কাৰৰ দুৱাৰমুখলৈ ‘আং’, টৰন্টো চলচ্চিত্ৰ মহোৎসৱত...