মেডিকেল চাৰ্টিফিকেট জালিয়াতি কৰি আটক কৃষি বিষয়া

গুৱাহাটী, ২৬ জুন, NKTV: নগাঁও আৰক্ষীয়ে আটক কৰিছে নগাঁৱৰ মহকুমা কৃষি বিষয়া প্ৰৱীণ বৰুৱাক। হয়বৰগাঁও লাওখোৱা ৰোডৰ নন্দনপুৰৰ নিজ বাসগৃহৰ পৰা আৰক্ষীয়ে আটক কৰিছে বিষয়া গৰাকীক। বদলিৰ নিৰ্দেশত স্থগিতাদেশ জাৰি কৰাবলৈ ক’ভিড পজিটিভৰ ভুৱা প্ৰমাণ পত্ৰ দাখিল কৰিছিল কৃষি বিষয়া গৰাকীয়ে। নগাঁও অসামৰিক চিকিৎসালয়ৰ চিকিৎসক চন্দন শৰ্মাই আন ৰোগ থকা বুলি কৃষি বিষয়াজনক দিয়া মেডিকেল চাৰ্টিফিকেটত নিজে লিখি লৈছিল ক’ভিড পজিটিভ বুলি। আনকি ক’ভিড পজিটিভ হোৱা বুলি দেখুৱাই নগাঁৱৰ পৰা মৰিগাঁও জিলালৈ বদলি কৰা নিৰ্দেশ পুনৰ বিবেচনা কৰিবলৈ কৃষি বিভাগৰ যুটীয়া সচিবলৈ আবেদন কৰিছিল কৃষি বিষয়া গৰাকীয়ে। পিছত সকলো তথ্য পোহৰলৈ অহাত নগাঁও অসামৰিক চিকিৎসালয়ৰ চিকিৎসক ডা° চন্দন শৰ্মাই দিয়া এজাহাৰৰ ভিত্তিত সদৰ থানাত এক গোচৰ ৰুজু কৰি নগাঁও আৰক্ষীয়ে আটক কৰে কৃষি বিষয়া গৰাকীক ৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কিয় BRICSৰ নৈশভোজত অংশ ন’ললে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে ?

চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে শনিবাৰে নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে...

আজিৰ পৰা ‘জুবিন সপ্তাহ’ পালন অজাপৰ; ‘নাহৰৰ দিন’ত ৰাজ্যজুৰি ১ লাখ গছপুলি ৰোপণৰ লক্ষ্য

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতি সজীৱ কৰি ৰখাৰ লগতে...

কৰ্ণাটকত শিশু শ্ৰমিকৰ বিৰুদ্ধে বৃহৎ অভিযান, উদ্ধাৰ ৮০০টা শিশু

শিশু শ্ৰমিকৰ বিৰুদ্ধে কৰ্ণাটক আৰক্ষীয়ে শনিবাৰে ৰাজ্যজুৰি চলোৱা আকস্মিক...

অসমত নল গাহৰিৰ আশাব্যঞ্জক পুনৰুত্থান: ৬ৰ পৰা ১৯৪লৈ বৃদ্ধি সংখ্যা

অসমৰ সংৰক্ষণমূলক প্ৰচেষ্টাই লাভ কৰিছে এক উল্লেখযোগ্য সফলতা। বিলুপ্তিৰ...