এসময়ত Salesgirl আছিল অভিনেত্ৰী নীনা গুপ্তা!

গুৱাহাটী, ২৭ জুন, NKTV: অলপতে উন্মোচন হ’ল বৰ্ষীয়ান অভিনেত্ৰী নীনা গুপ্তাৰ Sach Kahun Toh শীৰ্ষক আত্মজীৱনীখন। নীনাৰ আত্মজীৱনীখনত প্ৰকাশ পাইছে অভিনেত্ৰী গৰাকীৰ জীৱনৰ উত্থান-পতনৰ বহু জীয়া কাহিনী। এক সাক্ষাৎকাৰত নীনাই তেওঁ সন্দৰ্ভত বহু বছৰ পূৰ্বে প্ৰকাশিত এক বাতৰিৰ কথা উল্লেখ কৰি কয় যে, এসময়ত অভিনেত্ৰী গৰাকী সন্দৰ্ভত মিছা বাতৰি প্ৰকাশ হৈছিল। য’ত কোৱা হৈছিল – নীনা গুপ্তাই শ্যাম আহুজা নামৰ এগৰাকী ব্যক্তিৰ কাৰ্পেটৰ দোকানত চেলছ গাৰ্ল হিচাপে কাম কৰিছিল। কিন্তু সাক্ষাৎকাৰটোত কোৱা অনুসৰি সেইখিনি সময়ত নীনাই শ্যাম আহুজাক চিনিয়েই পোৱা নাছিল। শ্যাম আহুজা কোননো? সেই বিষয়ে বান্ধৱীক সুধিবলগীয়া হৈছিল বুলিও ক’লে নীনাই।

নীনা সন্দৰ্ভত এনেধৰণৰ বাতৰি সেইখিনি সময়ত খুবেই প্ৰচাৰ হৈছিল বুলিও মন্তব্য কৰে বৰ্ষীয়ান অভিনেত্ৰী গৰাকীয়ে। আবিশ্বাস্য যেন লাগিলেও এনে বহু জীয়া কাহিনীৰ সাক্ষী নীনা গুপ্তা। আৰু সেই কাহিনী সমূহ জীৱন্ত ৰূপত উপস্থাপন কৰা হৈছে Sach Kahun Toh শীৰ্ষক আত্মজীৱনীখনত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...