৩ মহীয়া শিশুক লৈ ইউৰোপীয় ইউনিয়নৰ জলবায়ু বৈঠকত উপস্থিত ছুইডেনৰ জলবায়ু মন্ত্ৰী

ছুইডেনৰ জলবায়ু মন্ত্ৰী ৰোমিনা পৌৰমোখতাৰীয়ে তিনিমহীয়া পুত্ৰ আদামক লৈ ইউৰোপীয় ইউনিয়নৰ জলবায়ু নীতি সম্পৰ্কীয় বৈঠকত অংশগ্ৰহণ কৰি চৰ্চিত হৈ পৰিছে। এনে এখন বৈঠকত শিশুৰ উপস্থিতিৰ এয়া প্ৰথম ঘটনা।

বৃহস্পতিবাৰে বৈঠকখনত উপস্থিত হোৱা মন্ত্ৰীগৰাকীয়ে কয় যে এই সিদ্ধান্তৰ জৰিয়তে তেওঁ এক বাৰ্তা দিব খুজিছে যে মহিলাসকলে পৰিয়াল গঢ়া আৰু ৰাজহুৱা দায়িত্বৰ মাজত যাতে বাছনি কৰিবলগীয়া নহয়। তেওঁ পিতৃ-মাতৃৰ ছুটী নীতিৰ গুৰুত্বও প্ৰতিফলিত কৰিব খুজিছে।

ৰয়টাৰ্ছক দিয়া সাক্ষাৎকাৰত তেওঁ কয়, “মই এটা উদাহৰণ দাঙি ধৰিব খুজিছিলোঁ যে এই দুয়োটাৰ মাজত বাছনি কৰিবলগীয়া নহয়। অৱশ্যে ইয়াৰ বাবে এজন আধুনিক আৰু সহযোগী সংগীৰ প্ৰয়োজন।”

বৈঠকৰ পূৰ্বে সাংবাদিকসকলক তেওঁ কয় যে তেওঁৰ উপস্থিতিয়ে মাতৃত্ব আৰু ৰাজহুৱা দায়িত্ব একেলগে চলিব পাৰে বুলি ধাৰণা দৃঢ় কৰিব। তেওঁ কয় যে ইউৰোপৰ পৰিয়াল-বন্ধু নীতিয়ে পিতৃ-মাতৃক সন্তানৰ যত্ন আৰু পেছাদাৰী দায়িত্বৰ মাজত ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে।

মন্ত্ৰীগৰাকীয়ে শিশুক কোলাত লৈ বৈঠকত উপস্থিত হোৱাৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈছে আৰু ব্যাপক প্ৰশংসা লাভ কৰিছে।

ৰোমিনা পৌৰমোখতাৰী কোন?

৩০ বছৰ বয়সতে ২০২২ চনত ছুইডেনৰ ইতিহাসত আটাইতকৈ কম বয়সীয়া মন্ত্ৰী হিচাপে নিযুক্তি লাভ কৰা ৰোমিনাই ছুটীৰ পাছত কামলৈ উভতি আহিছে। তেওঁৰ স্বামী বৰ্তমান ছুটীত আছে আৰু তেওঁ লাক্সেমবাৰ্গলৈ তেওঁৰ লগত গৈছে আৰু বৈঠকৰ সময়ত আদামক চোৱাচিতা কৰিছে।

ছুইডেন  বিশ্বৰ অন্যতম উদাৰ পিতৃ-মাতৃৰ ছুটী ব্যৱস্থাৰ বাবে পৰিচিত। পিতৃ-মাতৃয়ে মুঠ ১৬ মাহৰ দৰমহাসহ ছুটী লাভ কৰে। ইয়াৰে ৯০ দিন প্ৰত্যেক অভিভাৱকৰ বাবে সংৰক্ষিত আৰু ইয়াক হস্তান্তৰ কৰিব নোৱাৰি। যদি কোনো অভিভাৱকে সেই দিনসমূহ ব্যৱহাৰ নকৰে, তেন্তে সেয়া বাতিল হৈ যায়।

“ডেড মান্থ” বুলি জনা এই অহস্তান্তৰযোগ্য ছুটী পিতৃসকলক সন্তানৰ যত্নত অধিক সক্ৰিয় ভূমিকা গ্ৰহণ কৰিবলৈ উৎসাহিত কৰাৰ বাবে প্ৰৱৰ্তন কৰা হৈছিল।

পৌৰমোখতাৰীয়ে কয় যে এই নীতি আৰু সহকৰ্মীসকলৰ সমৰ্থনৰ বাবে তেওঁৰ স্বামীয়ে ঘৰতে থাকি আদমক চোৱাচিতা কৰাটো “বহু কম বিতৰ্কিত” হৈছে।

এই ঘটনাই মাতৃত্ব আৰু ৰাজহুৱা দায়িত্ব একেলগে চলিব পাৰে বুলি এক শক্তিশালী বাৰ্তা দিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতীয় পাছপ’ৰ্ট কেৱল ভ্ৰমণ দলিল, নাগৰিকত্বৰ চূড়ান্ত প্ৰমাণ নহয়: বিদেশ মন্ত্ৰালয়ৰ স্পষ্টীকৰণ

বিদেশ মন্ত্ৰালয়ৰ এটা বিবৃতিয়ে আইন আৰু ৰাজনৈতিক বিতৰ্কক নতুনকৈ...

২৭ জুনৰ নিশাৰ পৰা বন্ধ থাকিব আঠগাঁৱৰ উৰণসেতু; মেৰামতিৰ বাবে যান-বাহনৰ চলাচল বন্ধ

গুৱাহাটীৰ আঠগাঁও উৰণসেতু মেৰামতিৰ বাবে ২৭ জুনৰ নিশাৰ পৰা...