দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত অসমলৈ কেন্দ্ৰীয় পুঁজিৰ আৱণ্টন বৃদ্ধিৰ প্ৰসংগত আজি নতুন দিল্লীত ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ (এনডিএমএ)ৰ সদস্য তথা বিভাগ প্ৰমুখ কৃষ্ণ ভাটছাৰ লগত এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় অসমৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্ত। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ অধীনস্থ এনডিএমএৰ নতুন দিল্লীৰ ছফদৰজং এনক্লেভস্থিত মুখ্য কাৰ্যালয়ত এনডিএমএৰ বিভাগ প্ৰমুখৰ গুৰুত্বপূৰ্ণ দায়িত্বত থকা জ্যেষ্ঠ সদস্য ভাছটাৰ লগত হোৱা মন্ত্ৰী মহন্তৰ এই বৈঠকত অসমত দুৰ্যোগ ব্যৱস্থাপনাৰ আন্তঃগাঁথনি আৰু কাৰিকৰী সামৰ্থ বৃদ্ধিৰ বিষয়ত বিশেষ ভাৱে চৰ্চা হয়।

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ (এছডেমা)ৰ অতিৰিক্ত মুখ্য কাৰ্যবাহী বিষয়া পৰাগ কুমাৰ কাকতিয়ে অংশগ্ৰহণ কৰা বৈঠকখনত ৰাজ্যসমূহত দুৰ্যোগ সঁহাৰি আৰু প্ৰতিৰোধমূলক কাম-কাজৰ বাবে কেন্দ্ৰীয় চৰকাৰে এনডিএমএৰ জড়িয়তে আৱণ্টন দিয়া ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি পুঁজি (এনডিআৰএফ), ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন পুঁজি (এনডিএমএফ), ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজি (এনছডিআৰএফ), ৰাজ্যিক দুৰ্যোগ প্ৰশমন পুঁজি (এছডিএমএফ) শিতানৰ কেন্দ্ৰীয় পুঁজিৰ পৰিমাণ অসমৰ ক্ষেত্ৰত বৃদ্ধিৰ পোষকতা কৰি বিভাগীয় মন্ত্ৰীগৰাকীয়ে আলোচনাকালত এনডিএমএৰ সদস্য তথা বিভাগীয় প্ৰমুখ ভাছটাক আহ্বান জনায়। চলিত বৰ্ষৰ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱা ষষ্ঠদশ বিত্ত আয়োগৰ দুৰ্যোগ ব্যৱস্থাপনা পুঁজি আৱণ্টনৰ আধাৰনীতিত জনসংখ্যাৰ ওপৰত প্ৰধানকৈ গুৰুত্ব দিয়াৰ ফলত দেশৰ আন অংশৰ বৃহৎ জনসংখ্যাৰ ৰাজ্যসমূহৰ তুলনাত কম জনসংখ্যাৰ ৰাজ্য হোৱাৰ বাবে অসম কিছু পৰিমাণে ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা ব্যক্ত কৰে মন্ত্ৰী মহন্তই। বান, খহনীয়া, ভূমিস্খলন, ভূমিকম্প আদি দুৰ্যোগৰ দিশৰ পৰা অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ অৱস্থান ভৌগোলিক তথা প্ৰাকৃতিক ভাৱেই অত্যন্ত আশংকাপ্ৰৱণ আৰু স্পৰ্শকাতৰ অঞ্চলত পৰা স্বতেও তুলনামূলকভাৱে কম জনসংখ্যাৰ ৰাজ্য হোৱাৰ বাবেই দুৰ্যোগ ব্যৱস্থাপনাৰ বিভিন্ন শিতানত কেন্দ্ৰীয় পুঁজি আৱণ্টনৰ ক্ষেত্ৰত নতুন ষষ্ঠ বিত্ত আয়োগৰ আধাৰনীতিয়ে অঞ্চলটোৰ কেওখন ৰাজ্যৰ বাস্তৱিক প্ৰয়োজনীয়তাক ক্ষতিগ্ৰস্ত কৰিব বুলি তেওঁ দোহাৰে। সেয়ে এই বিষয়ত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি সুদৃষ্টি দি উদাৰ দৃষ্টিভংগী গ্ৰহণৰ বাবে মন্ত্ৰীগৰাকীয়ে আলোচনাকালত এনডিএমএক অনুৰোধ জনায়।

আনহাতে, উত্তৰ পূৰ্বাঞ্চলৰ কেওখন ৰাজ্যয়েই উপকৃত হোৱাকৈ অসমত এনআইডিএমৰ আৰ্হিত এটা আঞ্চলিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰতিষ্ঠান স্থাপনৰ বিষয়টোকলৈও বৈঠকত আলোচনা হয়। এইক্ষেত্ৰত এনআইডিএমৰ পৰা বিত্তীয় পৃষ্ঠপোষকতা আগবঢ়োৱাৰ ক্ষেত্ৰত বিশেষ সদ্দিচ্ছা দেখুৱাই এনডিএমএৰ সদস্য তথা বিভাগ প্ৰমুখগৰাকীয়ে। ইফালে, আজিৰ আলোচনাকালত এছডেমাৰ অধীনত ৰাজ্যখনত ৰূপায়িত দুৰ্যোগ সঁহাৰি তথা প্ৰশমন বিষয়ক বিভিন্ন প্ৰকল্প তথা আঁচনি আদিৰ প্ৰসংগয়ো স্থান পায়। এনডিএমৰ সদস্য তথা বিভাগ প্ৰমুখগৰাকীৰ লগত হোৱা এই আলোচনাত অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ (এছডেমা)ৰ ইঞ্জিনিয়াৰিং ক’ছালটেণ্ট (ভূমিকম্পৰ বিপদ-শংকা প্ৰশমন) ৰাজেশ দত্ত, ৰাজ্যিক প্ৰকল্প প্ৰৱন্ধক (সঁহাৰি আৰু পুনৰুদ্ধাৰ) মিৰ্জা মহম্মদ ঈৰ্শ্বাদ আৰু ইঞ্জিনিয়াৰিং কনছালটেণ্ট (বান প্ৰশমন) নৱ ডেকাও উপস্থিত থাকে।
