✒️ মুন গোস্বামী
জুন মাহৰ প্ৰথম সপ্তাহতে হিমন্ত 2.0 মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰা হব বুলি ইতিমধ্যে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ইয়াৰ লগে লগে শাসকীয় দলৰ বিধায়কসকলৰ মাজতো বৃদ্ধি পাইছে উৎকন্ঠাৰ । সমান্তৰালকৈ উৎকন্ঠা বাঢ়িছে প্ৰাক্তন মন্ত্ৰী তথা দলৰ জ্যেষ্ঠ বিধায়কসকলৰ মাজতো । একাংশই আশাৰে বাট চাই ৰৈছে এইবাৰ তেওঁলোকৰ নাম মন্ত্ৰীৰ তালিকাত অন্তৰ্ভুক্ত হ’ব বুলি । কিয়নো যোৱা ১২ মে’ত শপত গ্ৰহণ কৰা চমু মন্ত্ৰীসভাত বাদ পৰিছে কেইবাজনো সম্ভাব্য মন্ত্ৰীৰ নাম । ইয়াৰ মাজতেই বহুতৰে বাবে আহিছে এটা বেয়া খবৰ ।
দিছপুৰৰ এক সূত্ৰৰ পৰা জানিব পৰা মতে জুন মাহতো গঠন নহয় পূৰ্ণাংগ মন্ত্ৰীসভা । বিপৰীতে জুনৰ প্ৰথম সপ্তাহত সম্প্ৰসাৰণৰ জৰিয়তে পুনৰ গঠন কৰা হ’ব এখন চমু মন্ত্ৰীসভাহে । মুখ্যমন্ত্ৰীসহ নতুন মন্ত্ৰীসভাখনত থাকিব মাথোঁ ১১ গৰাকী মন্ত্ৰীহে । ইতিমধ্যে ৪ গৰাকী মন্ত্ৰীয়ে যোৱা ১২ মে’তে মুখ্যমন্ত্ৰীৰ সৈতে একেলগে শপত গ্ৰহণ কৰিছে । তেওঁলোক হ’ল ক্ৰমে বিজেপিৰ ৰামেশ্বৰ তেলী , অজন্তা নেওগ , মিত্ৰদল অগপৰ অতুল বৰা আৰু বিপিএফৰ চৰণ বড়ো । অৰ্থাৎ হিমন্ত 2.0 চৰকাৰৰ প্ৰথম মন্ত্ৰীসভা সম্প্ৰসাৰণত অন্তৰ্ভুক্ত হব আৰু ৭ গৰাকী নতুন মন্ত্ৰীহে ।
তেনেস্থলত বৰ্তমান মন্ত্ৰিত্ব লাভ কৰিব বুলি আশাৰে বাট চাই থকা বহুকেইজন বিধায়কে হয়টো এইবাৰ বিমুখ হ’ব লাগিব মন্ত্ৰী সভা সম্প্ৰসাৰণৰ সময়ত । আনহাতে মন্ত্ৰীসভা সম্প্ৰসাৰণৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইবাৰ কিছু বিশেষ দৃষ্টি সন্মুখত ৰখা বুলিও জানিব পৰা গৈছে । বিশেষকৈ সকলো জাতি -জনগোষ্ঠীৰ প্ৰতিনিধিয়ে যাতে তেওঁৰ মন্ত্ৰীসভাত প্ৰতিনিধিত্ব কৰিব পাৰে তাৰ প্ৰতি বিশেষ দৃষ্টি দিয়া বুলিও জানিব পৰা গৈছে । উল্লেখযোগ্য যে আহোম সম্প্ৰদায়ৰ পৰা এইবাৰ বিধানসভালৈ নিৰ্বাচিত হৈ আহিছে বিজেপিৰ ৭ গৰাকীকৈ বিধায়ক । ফলত আহোম সম্প্ৰদায়ৰ কমেও এজন বিধায়কে মন্ত্ৰিত্ব লাভ কৰাটো প্ৰায় নিশ্চিত । বৰ্তমান সময়ত চৰ্চাত থকা ৩ বিধায়ক হ’ল – সুশান্ত বৰগোঁহাই , ধৰ্মেশ্বৰ কোঁৱৰ আৰু তৰংগ গগৈ ।
একেদৰে বিজেপি মিত্ৰজোটৰ পৰা এইবাৰ বিধানসভালৈ নিৰ্বাচিত হৈ আহিছে সৰ্বাধিক ১০ গৰাকীকৈ কোঁচ ৰাজবংশী সম্প্ৰদায়ৰ বিধায়ক । তেওঁলোকৰ ভিতৰতো যিকোনো এজন জ্যেষ্ঠ বিধায়কে মন্ত্ৰিত্ব লাভ কৰিব । চৰ্চা চলি থকা অনুসৰি কোঁচ ৰাজবংশী সম্প্ৰদায়ৰ পৰা গোলকগঞ্জৰ বিধায়ক অশ্বিনী ৰায় সৰকাৰে মন্ত্ৰিত্ব লাভৰ পূৰ্ণ সম্ভাৱনা আছে । অনুসূচীত জাতিৰ মিত্ৰজোটৰ ৮ গৰাকী বিধায়কৰ ভিতৰত অতি কমেও এজন বিধায়কে লাভ কৰিব মন্ত্ৰিত্ব । উল্লেখযোগ্য যে জাগিৰোডৰ বিজেপি বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী পীযুষ হাজৰিকাই মন্ত্ৰিত্ব লাভ কৰাটো নিশ্চিত । চাহ জনগোষ্ঠীৰ বিজেপিৰ ৮ গৰাকী বিধায়কৰ ভিতৰত ইতিমধ্যে মন্ত্ৰীসভাত স্থান লাভ কৰিছে দুলীয়াজানৰ বিধায়ক ৰামেশ্বৰ তেলীয়ে । মন্ত্ৰীসভা সম্প্ৰসাৰণৰ সময়ত এতিয়াই চাহ জনগোষ্ঠীৰ আৰু কোনো নতুন বিধায়ক অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা তেনেই ক্ষীণ ।
ইয়াৰ উপৰিও মন্ত্ৰীসভা সম্প্ৰসাৰণৰ সময়ত নতুনকৈ অন্তৰ্ভুক্ত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ঢেকীয়াজুলীৰ বিধায়ক অশোক সিংহল , নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা , টিহুৰ বিধায়ক চন্দ্ৰমোহন পাটোৱাৰী । অৱশ্যে সম্প্ৰসাৰণৰ সময়ত কোন নতুন বিধায়কক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰা হব সেয়া সম্পূৰ্ণ নিৰ্ভৰ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সিদ্ধান্তৰ ওপৰতহে । দলৰ কেন্দ্ৰীয় নেতৃত্বৰ সৈতে আলোচনাৰ জৰিয়তে এই সিদ্ধান্ত ল’ব মুখ্যমন্ত্ৰীয়ে ।
