বশিষ্ঠ আৰক্ষীৰ জালত ৭ দুৰ্ধৰ্ষ ডকাইত। গৰু চুৰি আৰু ডকাইতিৰে জড়িত আছিল দলটো। হাজো, নলবাৰী, মুকালমুৱা, আদাবাৰী আৰু নমাইলৰ পৰা গ্ৰেপ্তাৰ দলটোক। এই ডকাইতকেইটাই ৰাজ্যৰ ভিন্ন প্ৰান্তত গৰু চুৰিৰে চলাইছিল সন্ত্ৰাস। ধৃত ডকাইত আব্দুল্লা আলী, জাকিৰ আলী, চান্দ মহম্মদ আলী। মোস্তাফা আহমেদ, কাফিলুদ্দিন আলী আৰু বাদশ্বাহ আলীকো গ্ৰেপ্তাৰ আৰক্ষীৰ। পূৰ্বতে ATM লুটৰ সৈতেও জড়িত থকাৰ তথ্য প্ৰকাশ। ৰাজ্যৰ ভিন্ন প্ৰান্তত বহু অপৰাধমূলক কাৰ্য সংঘটিত কৰিছিল দলটোৱে।উল্লেখ্য যে CCTVত বন্দী হৈছিল দলটোৰ শেহতীয়া গৰু চুৰিৰ দৃশ্য। দলটোৰ পৰা জব্দ কৰা হৈছে নম্বৰ প্লেটবিহীন এখন চাৰিচকীয়া বাহন। জব্দ ৰছী, ছুৰী, নগদ ধন আৰু ৪টাকৈ ম’বাইল ফোন। বাহনৰ জৰিয়তে কৌশলেৰে গৰু চুৰি কৰিছিল দলটোৱে।
