ডকাইতৰ নৃশংসতাৰ বলি হৈ মৃত্যুক সাৱটিলে নগাঁৱৰ ৰূপৰেখা ভূঞাই

ৰাজ্য জোকাৰি যোৱা নগাঁৱৰ মৰিকলং ডকাইতি কাণ্ডৰ ভুক্তভোগী ৰূপৰেখা ভূঞাৰ মৃত্যু। ২৪ এপ্ৰিলত মৰিকলঙত ডাঃ ৰঞ্জিত শইকীয়াৰ বাসগৃহত হৈছিল ডকাইতি। ডকাইতে আক্ৰমণ কৰিছিল ৰঞ্জিত শইকীয়াৰ লগতে পত্নী ৰূপৰেখা ভূঞাক। ডকাইতৰ ৰডৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছিল ডাঃ ৰঞ্জিত শইকীয়া আৰু ৰূপৰেখা ভূঞা।

দুয়োকে পৰৱৰ্তী সময়ত ভৰ্তি কৰোৱা হৈছিল গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত। অৱশেষত আজি পুৱতি নিশা চিকিৎসাধীন অৱস্থাতে মৃত্যুক সাৱটি ল’লে ৰূপৰেখা ভূঞাই।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। নগাঁও আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে মুঠ ৬টাকৈ ডকাইতক। শনিবাৰে ৩টা ডকাইতক গ্ৰেপ্তাৰ কৰে লখিমপুৰৰ পৰা।

ডকাইতকেইটাৰ পৰা এখন গাড়ীও জব্দ কৰিছে আৰক্ষীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কলকাতাত দুৰ্গা পূজাৰ আনন্দৰ মাজতে কৰুণ ঘটনা; পদপিষ্ট হৈ ১৮জনৰ মৃত্যু, আহত ৩৫জন

কলকাতাৰ দুৰ্গা পূজাৰ আনন্দৰ মাজতে সংঘটিত হ’ল এক শোকাৱহ...

দিল্লীৰ যন্তৰ-মন্তৰত হোৱা জুলাইৰ হিংসাত্মক ঘটনাৰ তদন্তৰ বাবে পৰ্টেল মুকলি উচ্চতম ন্যায়ালয়ৰ গঠিত HPECৰ

ভাৰতৰ উচ্চতম ন্যায়ালয়ে ২০২৬ চনৰ জুলাই মাহত দিল্লীৰ যন্তৰ-মন্তৰ...

ৰাজ্যৰ বহুকইটা অঞ্চলত প্ৰশাসনৰ উচ্ছেদ অভিযান; ঘৰ হেৰুৱালে বহু পৰিয়ালে

ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংৰক্ষিত বনাঞ্চলৰ বেদখল উচ্ছেদক লৈ প্ৰশাসনৰ...