ডাঃ সুৰজিত গিৰিলৈ আন এক স্বীকৃতি

চিকিৎসা বিজ্ঞানৰ এক চিনাকি নাম ডাঃ সুৰজিত গিৰি। সৰ্প বিশেজ্ঞ হিচাপে পৰিচিত ডাঃ গিৰি। ডাঃ সুৰজিত গিৰিলৈ আন এক স্বীকৃতি। ৰাষ্ট্ৰীয় ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰৰ কাৰিকৰী পৰামৰ্শদাতা কমিটীত অন্তৰ্ভুক্ত ডাঃ সুৰজিত গিৰি। ৮ মে’ত ঘোষণা কৰা হয় এই সন্মান। ৰাষ্ট্ৰীয় ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰৰ কাৰিকৰী পৰামৰ্শদাতা কমিটীত স্থান লাভ ডিমৌ আদৰ্শ আৰু সামূহিক চিকিৎসালয়ৰ সৰ্প বিশেষজ্ঞ ডাঃ সুৰজিত গিৰিৰ। ৰাষ্ট্ৰীয় ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰৰ দ্বাৰা সৰ্প দংশনৰ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ আঁচনিৰ বাবে নৱগঠিত পৰামৰ্শদাতা কমিটিত অন্তভূক্ত গিৰি। ২০১৮ বৰ্ষৰ পৰা সৰ্প দংশনৰ চিকিৎসা প্ৰদান কৰি আহিছে ডাঃ সুৰজিত গিৰিয়ে। ডা: গিৰিক কাৰিকৰী পৰামৰ্শদাতা কমিটীত অন্তৰ্ভুক্ত কৰাত ডিমৌ আদৰ্শ আৰু সামূহিক চিকিৎসালয়ৰ সহকৰ্মীসকলৰ লগতে শুভাকাংক্ষীসকলে প্ৰকাশ কৰে সন্তুষ্টি। সুৰজিত গিৰিৰ লগত কথা হৈছিল আমাৰ ডিমৌৰ সাংবাদিকৰ। NKTVৰ সন্মুখত অসমবাসীৰ লগতে ডিমৌবাসী ৰাইজ আৰু সহকৰ্মী সকলক ধন্যবাদ জনাই সুৰজিত গিৰিয়ে। লগতে ক’লে ২০১৮ চনৰ পৰা সৰ্প দংশনৰ লগত কিদৰে জৰিত হৈ আছে আৰু কেনেধৰণে কাম কৰি আছে। ইফালে দেশত সৰ্প দংশনৰ চিকিৎসা পদ্ধতিৰ উৎকৰ্ষ সাধনৰ বাবে ভাৰতীয় চিকিৎসা সন্থা আৰু গৱেষণাৰ এক প্ৰকল্পটো জড়িত হৈ আছে ডিমৌৰ চিকিৎসক সুৰজিত গিৰি৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কলকাতাত দুৰ্গা পূজাৰ আনন্দৰ মাজতে কৰুণ ঘটনা; পদপিষ্ট হৈ ১৮জনৰ মৃত্যু, আহত ৩৫জন

কলকাতাৰ দুৰ্গা পূজাৰ আনন্দৰ মাজতে সংঘটিত হ’ল এক শোকাৱহ...

দিল্লীৰ যন্তৰ-মন্তৰত হোৱা জুলাইৰ হিংসাত্মক ঘটনাৰ তদন্তৰ বাবে পৰ্টেল মুকলি উচ্চতম ন্যায়ালয়ৰ গঠিত HPECৰ

ভাৰতৰ উচ্চতম ন্যায়ালয়ে ২০২৬ চনৰ জুলাই মাহত দিল্লীৰ যন্তৰ-মন্তৰ...

ৰাজ্যৰ বহুকইটা অঞ্চলত প্ৰশাসনৰ উচ্ছেদ অভিযান; ঘৰ হেৰুৱালে বহু পৰিয়ালে

ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংৰক্ষিত বনাঞ্চলৰ বেদখল উচ্ছেদক লৈ প্ৰশাসনৰ...