এটি কণমানিয়ে চাইকেল বিচাৰি আৱেদন কৰিলে দেউতাকলৈ

‘‘প্ৰতি মোৰ সন্মানীয় দেউতা। বিষয় : চাইকেল কিনি দিয়া…’’ দেউতাকলৈ গোট গোট আখৰেৰে কণমানি সন্তানে চাইকেল বিচাৰি লিখিলে আৱেদন।

আপুনি হয়তো বহুত আৱেদন আজিলৈকে দেখিলে। বহুত আৱেদন আপুনি হয়তো নিজেও লিখিলে। কিন্তু কেতিয়াবা চাইকেল বিচাৰি কণমানি পুত্ৰই পিতৃলৈ আৱেদন কৰা দেখিছিলেনে? শেহতীয়াকৈ সামাজিক মাধ্যমত এখন আৱেদনে লাভ কৰিছে ব্যাপক চৰ্চা। প্ৰণৱজ্যোতি কলিতা নামৰ লোকজনে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে তেওঁৰ সন্তানে তেওঁলৈ চাইকেল বিচাৰি দিয়া এখন আৱেদন।

প্ৰতি মোৰ সন্মানীয় দেউতা বুলি উল্লেখ কৰি তেওঁৰ ষষ্ঠ শ্ৰেণীত অধ্যয়নৰত সন্তানে তেওঁলৈ লিখিছে। ‘‘প্রথমে মোৰ পৰা শ্রদ্ধা জনাইছো তোমাক। এতিয়া মই এজন ষষ্ঠ শ্রেণীৰ ছাত্র, চাইকেল চলালে আমাৰ দেহটো সুৰক্ষিত কৰি ৰাখে আৰু শৰীৰ গঠন হোৱাত সহায় কৰে। মই তোমাক কথা দিছো তোমালোকে মোক যি কৰিবলৈ কোৱা মই কৰিম। সেইকাৰণে মোক অনুগ্রহ কৰি চাইকেল এখন। কিনি দিয়া। ইতি তোমাৰ পুত্ৰ।’’

প্ৰণৱজ্যোতি কলিতাৰ শিশু পুত্ৰৰ এই আৱেদনখনে এতিয়া সামাজিক মাধ্যমত লাভ কৰিছে চৰ্চা। কণমানিটোৰ আৱেদনখনে আমোদ দিছে নেটিজেনক। আপোনাৰ সৈতে আপোনাৰ সন্তানেও ঘটাইছে নেকি এনে আমোদজনক ঘটনা? কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কলকাতাত দুৰ্গা পূজাৰ আনন্দৰ মাজতে কৰুণ ঘটনা; পদপিষ্ট হৈ ১৮জনৰ মৃত্যু, আহত ৩৫জন

কলকাতাৰ দুৰ্গা পূজাৰ আনন্দৰ মাজতে সংঘটিত হ’ল এক শোকাৱহ...

দিল্লীৰ যন্তৰ-মন্তৰত হোৱা জুলাইৰ হিংসাত্মক ঘটনাৰ তদন্তৰ বাবে পৰ্টেল মুকলি উচ্চতম ন্যায়ালয়ৰ গঠিত HPECৰ

ভাৰতৰ উচ্চতম ন্যায়ালয়ে ২০২৬ চনৰ জুলাই মাহত দিল্লীৰ যন্তৰ-মন্তৰ...

ৰাজ্যৰ বহুকইটা অঞ্চলত প্ৰশাসনৰ উচ্ছেদ অভিযান; ঘৰ হেৰুৱালে বহু পৰিয়ালে

ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংৰক্ষিত বনাঞ্চলৰ বেদখল উচ্ছেদক লৈ প্ৰশাসনৰ...