ডায়েট ডিব্ৰুগড়ত কুইজ প্ৰতিযোগিতা, প্ৰথম স্থান জিনিলে কোনে?

জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (ডায়েট), ডিব্ৰুগড়ত প্ৰতিষ্ঠানটোৰ প্ৰশিক্ষাৰ্থীসকলৰ মাজত বৌদ্ধিক উৎকৰ্ষ সাধনৰ লক্ষ্যৰে এক কুইজ প্ৰতিযোগিতা সফলতাৰে সম্পন্ন হয়। প্ৰশিক্ষাৰ্থীসকলৰ উৎসাহ আৰু উষ্ম শৈক্ষিক পৰিৱেশে সমগ্ৰ অনুষ্ঠানটিক বিশেষ মৰ্যাদা প্ৰদান কৰে। প্ৰতিযোগিতাখনৰ আৰম্ভণিতে আদৰণি ভাষণ প্ৰদান কৰে ডায়েট, ডিব্ৰুগড়ৰ অধ্যক্ষ মনোজ কুমাৰ সিং চৌহানে। এই অনুষ্ঠানটি আঁত ধৰে ছাত্ৰ সংসদৰ সাধাৰণ সম্পাদক দেৱজিত্‍ শইকীয়াই।

শতাধিক প্ৰশিক্ষাৰ্থী উপস্থিত থকা প্ৰতিযোগিতাখনৰ মূল আকৰ্ষণ আছিল সুচাৰু আৰু নিপুণ পৰিচালনা। প্ৰতিষ্ঠানটোৰ দুই প্ৰবক্তা ক্ৰমে নিজৰা পাইত আৰু স্বপ্নামিকা গগৈয়ে কুইজ পৰিচালক হিচাপে দায়িত্ব পালন কৰে। তেওঁলোকৰ সুদক্ষ পৰিচালনাই প্ৰতিযোগিতাখনক অতি আকৰ্ষণীয় কৰি তোলাৰ লগতে প্ৰতিযোগীসকলক যথেষ্ট অনুপ্ৰাণিত কৰে। তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ অন্তত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান অধিকাৰ কৰে ক্ৰমে বি.এড দ্বিতীয় ষান্মাসিকৰ আলোক ভাওয়াল আৰু কাৰ্তিক গগৈ, বি.এড চতুৰ্থ ষান্মাসিকৰ পূৰ্ণিমা সূত্ৰধৰ আৰু জিমি জ্যোতি মৰাণ আৰু বি.এড চতুৰ্থ ষান্মাসিকৰে অংকুৰ শৰ্মা আৰু নয়নদীপ মৰাণে।

সামৰণিত প্ৰতিষ্ঠানৰ কৰ্তৃপক্ষই বিজয়ীসকলৰ উপৰিও অংশগ্ৰহণকাৰী প্ৰতিগৰাকী প্ৰতিযোগীকে তেওঁলোকৰ উৎসাহ আৰু ক্ৰীড়াসুলভ মনোভাৱৰ বাবে অভিনন্দন জ্ঞাপন কৰে। এনেধৰণৰ বৌদ্ধিক কাৰ্যসূচীয়ে ভৱিষ্যতে শিক্ষক প্ৰশিক্ষাৰ্থীসকলৰ মানসিক বিকাশ আৰু আত্মবিশ্বাস বৃদ্ধিত বিশেষভাৱে সহায় কৰিব বুলি আশা প্ৰকাশ কৰা হয়।

অনুষ্ঠানটিত প্ৰতিষ্ঠানৰ প্ৰবক্তা ৰঞ্জন বৰা, স্বৰাজ ফুকন, সমুজ্জ্বল বৰা, উন্মনা মাঝি, অজয় ভট্টাচাৰ্য, বিবিমণি গগৈ, বেঞ্জামিন বুঢ়াগোহাঁই, শাশ্বতী চুতীয়া আৰু কাকলি গগৈ উপস্থিত থাকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...