দিনটোত ৩–৪ কাপ কফি সেৱন কৰিলে শৰীৰৰ জৈৱিক বয়স বৃদ্ধি লেহেমীয়া হয়; নতুন গৱেষণা

এটা নতুন গৱেষণাত দেখা গৈছে যে দৈনিক তিনিৰ পৰা চাৰি কাপ কফি সেৱন কৰিলে জৈৱিক বয়স (Biological Age) বৃদ্ধিৰ গতি লেহেমীয়া হৈ পৰে, যাৰ ফলত শৰীৰৰ কোষীয় বয়স প্ৰায় ৫ বছৰ লেহেমীয়া হোৱাৰ সমতুল্য হ’ব পাৰে। বিশেষকৈ গুৰুতৰ মানসিক ৰোগত আক্ৰান্ত লোকসকলৰ ক্ষেত্ৰত এই সুবিধা দেখা গৈছে।

গৱেষণাত দেখা গৈছে যে কফিৰ পৰিমাণ ৩–৪ কাপৰ ভিতৰত থাকিলে টেল’মিয়াৰ (Telomeres) দৈৰ্ঘ্য বৃদ্ধি পায়, যিটো কোষীয় বয়সৰ এটা গুৰুত্বপূৰ্ণ সূচক। কিন্তু ৫ বা ততোধিক কাপ কফি সেৱন কৰিলে দেহত ক্ষতিকাৰক প্ৰভাৱ পৰিব পাৰে। গৱেষণাটো BMJ Mental Health জাৰ্নেলত প্ৰকাশিত হৈছে।

গতিকে কফি প্ৰেমীসকলৰ বাবে এয়া এটা উৎসাহজনক খবৰ, কিন্তু সদায় মধ্যমীয়া পৰিমাণতহে সেৱন কৰাটো উত্তম।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বিবাহযাত্ৰীৰ বাছ দুৰ্ঘটনাগ্ৰস্ত, নিহত ৬

শোকাৱহ পথ দুৰ্ঘটনাই জোকাৰিছে উত্তৰ প্ৰদেশৰ হাপুৰ। বিবাহযাত্ৰীৰ বাছ...

৩ খন সফল আই পি এল মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ এ চি এৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

গুৱাহাটীৰ এচিএ ষ্টেডিয়ামত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ তিনিখন খেলৰ সফল...

গুৱাহাটীত অষ্টম পুৰুষ-মহিলা ৰাষ্ট্ৰীয় যুৱ বক্সিং চেম্পিয়নশ্বিপ

দেশৰ ৩৩ খন ৰাজ্যৰ প্ৰায় আঠশ খেলুৱৈ, প্ৰশিক্ষক, কাৰিকৰী...